ভাৰতত এশ অতিক্ৰম কৰিলে কোৰোণাৰ অমিক্ৰন ভেৰিয়েণ্টৰ সংক্ৰমণে। এই পৰ্যন্ত ভাৰতত ১০১গৰাকী লোক সংক্ৰমিত হৈছে অমিক্ৰনৰ দ্বাৰা। দেশৰ ভিতৰত মহাৰাষ্ট্ৰ (Maharashtra)ত সৰ্বাধিক আৰু দ্বিতীয়ত আছে ৰাজধানী দিল্লী (Delhi). কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ উল্লেখেৰে কৈছে যে ডেল্টা ভেৰিয়েণ্টত (Delta variant of coronavirus)কৈও অধিক দ্ৰুতগতিত সংক্ৰমণ হোৱা বাবে অমিক্ৰনৰ দ্বাৰা কমিউনিটী সংক্ৰমণ হোৱাৰ আশংকা বহুত বেছি আৰু সেয়ে কোভিড সতৰ্কতা (Covid19 Norms) মানি চলিবলৈ সকলোকে আহ্বান জনাইছে।
যদি কমিউনিটী সংক্ৰমণ (Community Transmission of Omicron) হয় তেনেহ'লে ডেল্টা ভেৰিয়েণ্টতকৈ অধিক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে অমিক্ৰন ভেৰিয়েণ্টে। এই মন্তব্য কৰিছে কেন্দ্ৰীয় চৰকাৰৰ যুটীয়া সচিব লৱ আগৰৱালাই।
উল্লেখ্য যে বিশ্বৰ ৯১খন দেশ এই পৰ্যন্ত অমিক্ৰনৰ দ্বাৰা সংক্ৰমিত হৈছে ।
ভাৰতত সংক্ৰমণ হোৱা অধিকাংশ লোকৰেই ট্ৰেভেল হিষ্টৰী পোৱা গৈছে যদিও কিছুমানৰ ক্ষেত্ৰত কোনো ট্ৰেভেল হিষ্টৰী (travel History) পোৱা হোৱা নাই। আশংকা কৰা হৈছে বিদেশৰ পৰা অহা লোকৰ পৰা আনলৈ সংক্ৰমণ হৈছে অমিক্ৰন।
মহাৰাষ্ট্ৰত এতিয়ালৈ সৰ্বাধিক ৩২গৰাকী লোক অমিক্ৰণত সংক্ৰমিত পোৱা গৈছে। ইয়াৰ পিছতে দিল্লীত ২২ গৰাকী, ৰাজস্থানত ১৭, কৰ্ণাটকত ৮, গুজৰাটত ৫, কেৰালাত ৫ আৰু অন্ধ্ৰ প্ৰদেশ, তামিলনাডু, চণ্ডীগড় আৰু পশ্চিম বংগত এজনকৈ লোক অমিক্ৰনৰ দ্বাৰা তংক্ৰমিত হৈছে।
শেহতীয়াকৈ বৃটেইন (UK)ত যি হাৰত অমিক্ৰনৰ সংক্ৰমণ হৈছে একেই গতিত যদি ভাৰততো সংক্ৰমণ হয় তেন্তে ভাৰতৰত জনসংখ্যালৈ চাই প্ৰতিদিনে ১৪ লাখ লোক সংক্ৰমিত হোৱাৰ আশংকা আছে। আনহাতে ফ্ৰান্স (France)ত এদিনত ৬৫,০০০ আক্ৰান্ত হৈছে, সেই হিচাপত ভাৰতত দৈনিক আক্ৰান্তৰ হাৰ হ'ব ১৩ লাখ জন।
ভাৰতৰ কোভিড টাস্ক ফোৰ্চৰ মুৰব্বী ভি কে পল (India’s, Covid task force chief Dr VK Paul)ৰ মতে ইউৰোপ (Omicron in Europe)ত নতুনকৈ দেখা দিয়া মহামাৰী সদৃশ সংক্ৰমণ ভাৰতৰ বাবে চিন্তাৰ বিষয়। প্ৰয়োজনত ভাৰতত কোৰোণা ভেকচিনৰ বুষ্টাৰ ডোজ (Corona Vaccine Booster Dose)ৰ কথা চিন্তা কৰা হ'ব আৰু চৰকাৰে বিজ্ঞানী সমাজক এই ক্ষেত্ৰত পৰ্যবেক্ষণৰ বাবে অনুৰোধ কৰিছে।
উল্লেখ্য যে ভাৰতত বিগত ২০ দিনত কোৰোণাৰ সংক্ৰমণৰ হাৰ ১০ হাজাৰৰ তলত আছে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assameseঅসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|