পাকিস্তানক ৰাজনাথ সিঙৰ ধমক,‘পাৰমাণবিক অস্ত্ৰ প্ৰথমে ব্যৱহাৰ নকৰাৰ নীতি সলনি কৰিবলৈ বাধ্য নকৰিব!’

শুকুৰবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে,‘পাৰমাণবিক অস্ত্ৰ প্ৰথমে ব্যৱহাৰ নকৰাৰ যি আমাৰ নীতি আছে সেই নীতি পাকিস্তানে সলনি কৰিবলৈ আমাক বাধ্য নকৰিব।’

News18-Assam
Updated:August 16, 2019, 4:08 PM IST
পাকিস্তানক ৰাজনাথ সিঙৰ ধমক,‘পাৰমাণবিক অস্ত্ৰ প্ৰথমে ব্যৱহাৰ নকৰাৰ নীতি সলনি কৰিবলৈ বাধ্য নকৰিব!’
Source-Google
News18-Assam
Updated: August 16, 2019, 4:08 PM IST
ক্ৰমাৎ অধিক অৱনতি ঘটিছে ভাৰত আৰু পাকিস্তানৰ মাজত বৈদেশিক সম্পৰ্ক। পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানক প্ৰমুখ্য কৰি দেশখনৰ চৰকাৰে ভাৰতৰ বিৰুদ্ধে হকে বিহকে মন্তব্য কৰি থকাৰ সমান্তৰাল ভাবে প্ৰয়োজনত পাকিস্তানে ভাৰতৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ প্ৰস্তুত বুলি মন্তব্য কৰাৰ পিছত এতিয়া জাঙুৰ খাই উঠিছে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। শুকুৰবাৰে পাকিস্তান ধমক দি ৰাজনাথ সিঙে কয় যে, ‘ভাৰতে পাৰমাণবিক অস্ত্ৰ প্ৰথমে ব্যৱহাৰ নকৰাৰ যি নীতি, সেই নীতি প্ৰযোজন হ’লে সলনি কৰিবলৈ বাধ্য হম’।



ৰাজনাথ সিঙে পোখৰাণত কয় যে,‘পাৰমাণবিক অস্ত্ৰ প্ৰথমে ব্যৱহাৰ নকৰাৰ যি আমাৰ নীতি আছে, সেই নীতি ভবিষ্যতে কি হয়, সেয়া বৰ্তমান চলি থকা পৰিস্থিতিৰ ওপৰতে নিৰ্ভৰ কৰিব’


আৰু চাওক পৰৱৰ্তী বাতৰি