ডিজিটেল ইণ্ডিয়া! ইণ্টাৰনেট বন্ধৰে ভাৰতে গঢ়িলে বিশ্ব অভিলেখ, আজিৰ দিনটোত ৮খন ৰাজ্যত নাই ইণ্টাৰনেট সেৱা

News18 Assam | News18-Assam
Updated:December 19, 2019, 1:53 PM IST
ডিজিটেল ইণ্ডিয়া! ইণ্টাৰনেট বন্ধৰে ভাৰতে গঢ়িলে বিশ্ব অভিলেখ, আজিৰ দিনটোত ৮খন ৰাজ্যত নাই ইণ্টাৰনেট সেৱা
Source-Google

প্ৰায় ১৩৮ দিন ধৰি কাশ্মীৰত নাই ইণ্টাৰনেট সেৱা। অসমৰ পিছত আজি দিল্লীৰ বিভিন্ন প্ৰান্তত ব্যাহত কৰা হ’ল ইণ্টাৰনেট সেৱা

  • Share this:
চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলেই এতিয়া আইন শৃংখলাৰ দোহাই দি বন্ধ কৰি দিয়া হয় ইণ্টাৰনেট সেৱা। অসমত এতিয়া নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত আছে। ঠায়ে ঠায়ে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰ নামত একাংশই হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰিছে। ফলত আঠ দিন ধৰি আইন শৃংখলাজনিত কাৰণৰ দোহাই দি চৰকাৰে ব্যাহত কৰিছে ইণ্টাৰনেট সেৱা। ব্ৰডবেণ্ড ইণ্টাৰনেট সেৱা মুকলি কৰিলে যদিও, এতিয়াও বন্ধ হৈ আছে ম’বাইল ইণ্টাৰনেট সেৱা। ফলস্বৰূপে যথেষ্ঠ অসুবিধাৰ সন্মুখীন হৈছে ৰাজ্যৰ একাংশ ব্যৱসায়ী। উবেৰ, উ’লা, ৰেপিড’ চালকসকল ম’বাইল ইণ্টাৰনেট সেৱা ব্যহত হৈ থকাৰ ফলত বিশেষ ভাবে ক্ষতিগ্ৰস্ত হৈছে।

কাশ্মীৰত ইণ্টাৰনেট সেৱা বন্ধৰে বিশ্ব ৰেকৰ্ড গঢ়িলে ভাৰতে। ভাৰতৰ সংবিধানৰ ৩৭০ নং অনুচ্ছেদ বাতিল কৰাৰ সময়ৰ পৰাই কাশ্মীৰত প্ৰায় ১৩৭ দিন ধৰি ব্যাহত হৈ আছে ইণ্টাৰনেট সেৱা। বিশ্বৰ গণতান্ত্ৰিক দেশ সমূহৰ ভিতৰত এতিয়ালৈকে দীৰ্ঘসময় ধৰি ইণ্টাৰনেট সেৱা ব্যাহত হৈছে কাশ্মীৰত।

নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদত ৰাজ্যত আইন শৃংখলা পৰিস্থিতি অৱনমিত হোৱাৰ দোহাই দি মেঘালয়, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, পশ্চিম বংগতো ইণ্টাৰনেট সেৱা ব্যাহত কৰা হৈছে।

এতিয়া CAA বিৰোধী প্ৰতিবাদত দেশৰ ৰাজধানী নতুন দিল্লী উত্তপ্ত হৈ পৰিছে। ঠায়ে ঠায়ে সংঘটিত হৈছে হিংসাত্মক ঘটনাও। ফলত আইন শৃংখলা পৰিস্থিতিৰ দোহাই দি বিভিন্ন অঞ্চলত আজি ব্যাহত কৰা হৈছে ইণ্টাৰনেট সেৱা।
আৰু চাওক
পৰৱৰ্তী বাতৰি