• Home
  • »
  • News
  • »
  • nation
  • »
  • চিৰি অবিহনে কেৱল হাতেৰে খুটাঁ বগাই প্ৰথম মহলাত উঠিল গল্ডেন বয় নীৰজ চোপ্ৰা; চাওক ভিডিঅ'টো

চিৰি অবিহনে কেৱল হাতেৰে খুটাঁ বগাই প্ৰথম মহলাত উঠিল গল্ডেন বয় নীৰজ চোপ্ৰা; চাওক ভিডিঅ'টো

দেশৰ চুপাৰষ্টাৰ এথলীট আৰু অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাৰ ফিটনেছ আশ্চৰ্যজনক।

দেশৰ চুপাৰষ্টাৰ এথলীট আৰু অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাৰ ফিটনেছ আশ্চৰ্যজনক।

দেশৰ চুপাৰষ্টাৰ এথলীট আৰু অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাৰ ফিটনেছ আশ্চৰ্যজনক।

  • Share this:
দেশৰ চুপাৰষ্টাৰ এথলীট আৰু অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাৰ ফিটনেছ আশ্চৰ্যজনক। এথলীটগৰাকীয়ে শুক্ৰবাৰে নিজৰ টুইটাৰ একাউন্টত আপলোড কৰা এটা ভিডিঅ' ক্লিপত তেওঁৰ ফিটনেছ স্পষ্টভাৱে অনুমান কৰিব পাৰি। উক্ত ভিডিঅ'টোত তেওঁ কোনো জখলা বা চিৰি অবিহনে প্ৰথম মহলাত উপনীত হৈছিল।

১৫ ছেকেণ্ডৰ এই ভিডিঅ'টোত দেখা গৈছে যে তেওঁ হাতৰ সহায়েৰে এটা খুটাঁত উঠি যায় আৰু তাৰ পিছত ওপৰৰ পৰা তললৈ একে ধৰণেই নামি আহে।





শুক্ৰবাৰে সন্ধিয়া ৫ বাজি ৪ মিনিটত আপলোড হোৱা এই ভিডিঅ'টো বৰ্তমানলৈকে ৩,৫০০ৰো অধিক টুইটাৰ ব্যৱহাৰকাৰীয়ে ৰি-টুইট কৰাৰ লগতে প্ৰায় ৭৪ হাজাৰৰো অধিক টুইটাৰ ব্যৱহাৰকাৰীয়ে লাইক কৰিছে।
Published by:Sanjay Kumar Das
First published: