৪০ বছৰৰ ভিতৰত প্ৰথমবাৰলৈ ভাৰতত নিগেটিভ GDP, জানক আপোনাৰ ওপৰত কি প্ৰভাৱ পৰিব?

News18 Assam | News18-Assam
Updated:August 31, 2020, 9:31 PM IST
৪০ বছৰৰ ভিতৰত প্ৰথমবাৰলৈ ভাৰতত নিগেটিভ GDP, জানক আপোনাৰ ওপৰত কি প্ৰভাৱ পৰিব?
ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই (RBI-Reserve Bank of India) জিডিপি গ্ৰ’থ নিগেটিভ থকাৰ আশংকা প্ৰকাশ কৰিছিল। কোৰোণাৰ কাৰণে (Coronavirus) এপ্ৰিলৰ পৰা জুন মাহলৈ এই বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰিমাসিক জিডিপি ২৩.৯শতাংশ হ্ৰাস ৰেকৰ্ড কৰা হৈছে। জানক এই জিডিপি নিম্ন হ’লে আপোনাৰ ওপৰত কি প্ৰভাৱ পৰিব। 

ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই (RBI-Reserve Bank of India) জিডিপি গ্ৰ’থ নিগেটিভ থকাৰ আশংকা প্ৰকাশ কৰিছিল। কোৰোণাৰ কাৰণে (Coronavirus) এপ্ৰিলৰ পৰা জুন মাহলৈ এই বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰিমাসিক জিডিপি ২৩.৯শতাংশ হ্ৰাস ৰেকৰ্ড কৰা হৈছে। জানক এই জিডিপি নিম্ন হ’লে আপোনাৰ ওপৰত কি প্ৰভাৱ পৰিব। 

  • Share this:
ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই (RBI-Reserve Bank of India) জিডিপি গ্ৰ’থ নিগেটিভ থকাৰ আশংকা প্ৰকাশ কৰিছিল। কোৰোণাৰ কাৰণে (Coronavirus) এপ্ৰিলৰ পৰা জুন মাহলৈ এই বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰিমাসিক জিডিপি ২৩.৯শতাংশ হ্ৰাস ৰেকৰ্ড কৰা হৈছে। জানক এই জিডিপি নিম্ন হ’লে আপোনাৰ ওপৰত কি প্ৰভাৱ পৰিব।  কেন্দ্ৰই বিত্ত বৰ্ষ ২০২০–২১ ৰ এপ্ৰিলৰ পৰা জুন মাহলৈ জিডিপিৰ পৰিসংখ্যা প্ৰকাশ কৰিছে। এই নিৰাশাজনক সংখ্যাৰ মাজতে ক’ৰ ছেক্টৰৰ প্ৰকাশিত পৰিসংখ্যাইও সকলোকে নিৰাশ কৰিছে। জুলাই মাহত আঠটা ইণ্ডাষ্ট্ৰীৰ উৎপাদনত ৯.৬শতাংশ অৱনমন দেখা গৈছে। আহক জানক জিডিপি হ্ৰাস পোৱাক লৈ আপোনাৰ ওপৰত কি প্ৰভাৱ পৰিব–
>> জিডিপিৰ দুৰ্বল পৰিসংখ্যাৰ প্ৰভাৱ বিস্তাৰিত ভাৱে বাখ্যা কৰি বিশেষজ্ঞ সকলে কয় যে ২০১৮–১৯ত প্ৰতিজন ব্যক্তিৰ মাহেকীয়া আয় ১০,৫৩৪ টকাৰ ভিত্তিত বাৰ্ষিক জিডিপি ৫ পাৰ্চেণ্ট থকাৰ অৰ্থ হৈছে প্ৰতিজন ব্যক্তিৰ আয় বিত্ত বৰ্ষ ২০২০ত ৫২৬টকা বাঢ়িব।

>> সহজ ভাষাত ক’বলৈ গ’লে জিডিপি ৪শতাংশ হাৰত বাঢ়িলে আমদানি বৃদ্ধি ৪২১ টকা হ’ব। অৰ্থাৎ বিকাশৰ দৰ ১শতাংশ হ্ৰাস পালে প্ৰতিজন ব্যক্তিৰ গড় মাহেকীয়া আয় ১০৫টকা কম হ’ব।

>> বেলেগে বুজাবলৈ হ’লে যদি বাৰ্ষিক জিডিপি দৰ ৫শতাংশৰ পৰা ৪শতাংশ মাহেকত কম হ’লে ১০৫টকাকৈ কম হ’ব। অৰ্থাৎ প্ৰতিজন ব্যক্তিৰ ভাগত মাহেকত ১২৬০টকা কম হ’ব।

>> অৰ্থ ব্যৱস্থাত অধিক অসামঞ্জস্যতা দেখিবলৈ পোৱা যাব। ধনী ব্যক্তিৰ বিপৰীতে দুখীয়াৰ ওপৰত অধিক প্ৰভাৱ পৰিব। বিশেষজ্ঞৰ মতে, দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ সংখ্যা বাঢ়িব পাৰে। জিডিপি হ্ৰাস পালে কৰ্মসংস্থাপনো কম হ’ব।

>> বিশেষজ্ঞৰ মতে জিডিপি হ্ৰাস হোৱাৰ প্ৰভাৱ সাধাৰণ মানুহৰ ওপৰত পোনে পোনে নপৰে যদিও ভৱিষ্যতৰ কাৰণে এয়া এক অশনি সংকেত। কৰ্মসংস্থাপন হ্ৰাস পাই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে।

>> আয় কম হ’লে খৰছ যিদৰে মানুহে কম কৰে সেইদৰে কোম্পানী আৰু চৰকাৰেও এটা পৰ্যায়লৈ একে আচৰণ কৰে। নতুন চাকৰি নোলায় আৰু মানুহক খেদাৰ প্ৰক্ৰিয়া তীব্ৰতৰ হয়। চিএমআইইৰ মতে কেৱল জুলাই মাহতে পঞ্চাশ লাখ লোকে চাকৰি হেৰুৱাইছে।

>> এনে পৰিস্থিতিত মানুহে ভয় খাই কমকৈ খৰছ কৰিবলৈ লয় আৰু ব্যৱসায়ত প্ৰভাৱ পৰে। উদ্যোগৰ চাহিদা কম হ’বলৈ ধৰে আৰু মানুহে বেছিকৈ সঞ্চয় কৰিবলৈ লোৱাৰ কাৰণে বেংকত সুতৰ হাৰো কম হয়। আনহাতে বেংকৰ পৰা ঋণ লোৱাও কম হয়। ওলোটা মানুহে নিজৰ নিজৰ ঋণ আদায় দিয়াত জোৰ দিয়ে।

>> সাধাৰণ পৰিস্থিতিত এয়া ভাল কথা যে বেছিভাগ মানুহ ঋণমুক্ত হৈছে। কিন্তু মানুহে আশংকাত এই কাম কৰিলে সংকেত পোৱা যায় যে দেশত কোনেও নিজৰ ভৱিষ্যত ভাল যেন দেখা নাই।

দেশত কৃষি, ইণ্ডাষ্ট্ৰী আৰু সেৱাক্ষেত্ৰ তিনিটা প্ৰধান ঘটকে দেশৰ জিডিপি হ্ৰাস বা বৃদ্ধি নিৰ্ধাৰণ কৰে। এই পৰিসংখ্যাই দেশৰ অৰ্থনৈতিক উন্নতিৰ ছবিখন তুলি ধৰে। যদি জিডিপি বাঢ়িছে মানে অৰ্থনৈতিক বিকাশ বাঢ়িছে আৰু যদি বিগত ত্ৰিমাসিকৰ তুলনাত কম হয় তেনেহ’লে দেশৰ আৰ্থিক বিকাশ বেয়াৰ ফাললৈ গৈছে।
First published: August 31, 2020, 9:31 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading