ভাৰতত বৃহস্পতিবাৰে কোৰোণা ভাইৰাছৰ অমিক্ৰন ভেৰিয়েণ্টৰ সংক্ৰমণৰ দুটা কেছ
(Coronavirus Omicron Variant Cases in India) পোৱাৰ পিছত দেশজুৰি হাহাকাৰ লাগিছে। চৰকাৰী সুত্ৰই জনোৱা মতে এই দুয়োটা ঘটনাই পৃথক পৃথক। অমিক্ৰনৰ দ্বাৰা সংক্ৰমিত দুয়োজন লোকই বেংগালুৰুৰ। এজনৰ বয়স ৬৬ বছৰ আৰু আনজনৰ বয়স ৪৬ বছৰ বুলি জানিব পৰা গৈছে। ৬৬ বছৰীয়া লোকজন দক্ষিণ আফ্ৰিকাৰ নাগৰিক আৰু আনজন এগৰাকী স্বাস্থ্য কৰ্মী। দুয়োজনৰে ২২ নৱেম্বৰত কোৰোণা পৰীক্ষা কৰোৱা হৈছিল আৰু তেওঁলোকৰ দেহত কোৰোণাৰ সামান্য লক্ষ্যণ পোৱাও গৈছিল। উল্লেখ্য যে দুয়োজন লোকেই কোৰোণাৰ ভেকচিন লৈছিল। ৬৬ বছৰীয়া লোকজনে দুয়ো পালি ভেকচিন লোৱাৰ বিপৰীতে ৪৫ বছৰীয়া লোকজনে এক পালি ভেকচিন লৈছিল।
৬৬ বছৰীয়া লোকজন ২০ নৱেম্বৰত বেংগালুৰুত উপস্থিত হৈছিল আৰু তেওঁক এখন হোটেলত আইছোলেট কৰি ৰখা হৈছিল। জানিব পৰা মতে তেওঁৰ সৈতে প্ৰাথমিক কণ্টেক্টত ২৪ গৰাকী লোক আহিছে আৰু পৰোক্ষভাবে ২৪০গৰাকী লোক তেওঁৰ সম্পৰ্কলৈ আহিছে।অৱশ্যে এই আটাইকেইগৰাকী লোকক কোৰোণা নিগেটিভ পোৱা গৈছে। আনহাতে
আনহাতে ৪৫ বছৰীয়া সংক্ৰমিত লোকজনক এখন চৰকাৰী হাস্তালত আইছোলেচনত ৰখা হৈছে। তেওঁৰ সৈতে প্ৰাথমিক সম্পৰ্কলৈ আহিছিল ১৩ গৰাকী লোক আৰু পৰোক্ষ সম্পৰ্কলৈ আহিছিল ২৯৫ গৰাকী লোক। ইয়াৰো দুজনক কোৰোণা পজিটিভ পোৱা গৈছে। পজিটিভ সকলোৰে নমুনা জিনোম ছুকুৱেন্সিঙৰ কাৰণে প্ৰেৰণ কৰা হৈছে।
দুজনকৈ লোক অমিক্ৰনৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পিছত ৰাঝ্যখনত দক্ষিণ আফ্ৰিককা আৰু ইউৰোপীয় ইউনিয়নৰ পৰা অহা যাত্ৰীসকলৰ পৰীক্ষা অতি কঠোৰভাৱে কৰা হৈ আছে বুলি জনায় কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মাই।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|