ক্ৰমশ বাঢ়িছে মাংকীবক্সৰ আতংক। ইজনৰ পিছত সিজন লোক আক্ৰান্তৰ খবৰে চিন্তা বঢ়াই তোলাৰ সময়তে এইবাৰ দেশত মাংকী পক্সত আক্ৰান্ত হৈ প্ৰথমজন ৰোগীৰ মৃত্যুৰ খবৰ আহিছে। সম্ভৱত এয়াই ভাৰতত মাংকীপক্সত প্ৰথম মৃত্যুৰ ঘটনা।
ৰোগীজনৰ নমুনা শনিবাৰে আলাপুঝাৰ আইচিএমআৰ নেচনেল ইনষ্টিটিউট অব ভাইৰ’ল’জীত পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। বিদেশৰ পৰা দেশলৈ উভতি অহা এজন যুৱকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। কেৰালাত সংঘটিত হৈছে এই ঘটনা।
লোকজন মাংকীপক্সত মৃত্যু হৈছেনে নাই সেয়া নিশ্চিত কৰাৰ বাবে পৰীক্ষাৰ ৰিপ’ৰ্টৰ অপেক্ষাত চৰকাৰ। কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জে কয়, ‘ত্ৰিশুৰৰ মৃত ২২ বছৰীয়া যুৱকজন ভাৰতলৈ ওভতাৰ এদিন পূৰ্বে সংযুক্ত আৰব আমিৰশ্বাহিত মাংকীপক্সৰ বাবে পজিটিভ চিহ্নিত হৈছিল।’
এয়াই সম্ভৱত দেশত মাংকীপক্সৰ প্ৰথম মৃত্যুৰ ঘটনা। আৰু আফ্ৰিকাৰ বাহিৰত চুৰ্থটো ঘটনা। অসুস্থতাৰ বাবে ত্ৰিশূৰৰ এখন বেচৰকাৰী হাস্পতালত ভৰ্তি কৰা হৈছিল যুৱকজনক। তাতেই শনিবাৰে মৃত্যু হয় তেওঁৰ।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 01, 2022, 12:04 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।