এইবাৰ ঘৰৰ পোহনীয়া তথা বাহিৰৰ জন্তুও কোৰোণা মহামাৰীৰ পৰা সুৰক্ষিত হ’ব। তৈয়াৰ হ’ল পশুৰ বাবে কোৰোণা ভেকচিন! কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰে বৃহস্পতিবাৰে হাৰিয়ানাৰ আইচিএআৰ – নেচনেল ৰিছাৰ্চ চেণ্টাৰ অন ইকুইন্সে (এনআৰচি) প্ৰস্তুত কৰা পশুৰ বাবে দেশৰ প্ৰথম স্বদেশী কোভিড–১৯ ভেকচিন এনোকোভেক্স মুকলি কৰে।
এনোকোভেক্স প্ৰাণীৰ বাবে তৈয়াৰী এটা নিষ্ক্ৰিয় SARS-CoV-2 ডেল্টা ভেকচিন। ইণ্ডিয়ান কাউন্সিল অব এগ্ৰিকালচাৰেল ৰিছাৰ্চে (ICAR) এক বিবৃতিত জনাইছে, এনোকোভেক্সে যি প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলে সেয়া SARS-CoV-2ৰ ডেল্টা আৰু অমিক্ৰন দুয়োটা ভেৰিয়েণ্টৰে মোকাবিলা কৰিব।
ভেকচিনত এলহাইড্ৰোজেলসহ নিষ্ক্ৰিয় SARS-CoV-2 (ডেল্টা) এণ্টিজেন আছে। ই কুকুৰ, সিংহ, বাঘ, এন্দুৰ আৰু শহাপহুৰ বাবে নিৰাপদ বুলি বিবৃতিত কোৱা হৈছে। ‘‘বিজ্ঞানীসকলৰ অক্লান্ত অৱদানৰ বাবে বাহিৰৰ পৰা আমদানিৰ পৰিৱৰ্তে এই আত্মনিৰ্ভৰশীল দেশে নিজস্ব ভেকচিন তৈয়াৰত বিশ্বাসী। এয়া সঁচাকৈ এক ডাঙৰ কৃতিত্ব’’, ICAR-NRCৰ তৈয়াৰী পশুৰ বাবে কিট আৰু কোৰোণা ভেকচিনৰ ভাৰ্চুৱেল মুকলিৰ পিছত ক’লে নৰেন্দ্ৰ সিং তোমৰে।
Anocovaxৰ উপৰি মন্ত্ৰীগৰাকীয়ে CAN-CoV-2 ELISA কিটো আৰম্ভ কৰে। ই এটা সংবেদনশীল আৰু নিৰ্দিষ্ট নিউক্লিঅ’কেপচিড প্ৰটিনৰ পৰোক্ষ ELISA কিট যিয়ে কুকুৰৰ মাজত SARS-CoV-2ৰ বিৰুদ্ধে এণ্টিবডী চিহ্নিত কৰে।
‘‘এণ্টিজেন তৈয়াৰৰ বাবে পৰীক্ষাগাৰত কোনো প্ৰাণীৰ প্ৰয়োজন নাই। কিটটো ভাৰতত তৈয়াৰী আৰু ইয়াৰ বাবে পেটেণ্ট চোৱা হৈছে। বজাৰত এণ্টিবডী চিনাক্তকৰণৰ বাবে আন কোনো এনে কিট পোৱা নাযায়’’ – দাবী ICARৰ।
একাধিক প্ৰাণীৰ প্ৰজাতিৰ মাজত Trypanosoma evansi সংক্ৰমণৰ বাবে উপযুক্ত ডায়গনেষ্টিক কিট Surra ELISAও আৰম্ভ কৰা হয়। ট্ৰাইপেনোছোমা ইভানচিৰ দ্বাৰা সৃষ্ট বিভিন্ন পশুৰ মাজত আটাইতকৈ গুৰুত্বপূৰ্ণ হিমোপ্ৰোটোজোৱা ৰোগৰ মাজত এটা হ’ল ছুৰা। ভাৰতৰ সকলো কৃষি–জলবায়ু অঞ্চলত এই ৰোগটো পৰিচিত। ভাৰতত ছুৰাৰ কাৰণে প্ৰাণী সম্পদ উৎপাদনশীলতাৰ বাৰ্ষিক ক্ষতি আনুমানিক ৪৪,৭৪০ মিলিয়ন, জনাইছে ICAR–এ।
মন্ত্ৰীগৰাকীয়ে ইকুইন ডিএনএ পেৰেণ্টেজ টেষ্টিং কিটো আৰম্ভ কৰে, যিয়ে ঘোঁৰাৰ মাজত পেৰেণ্টেজ বিশ্লেষণৰ এক শক্তিশালী জিনোমিক প্ৰযুক্ত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|