প্ৰতি মিনিটত ৯৫প্লেট বিৰিয়ানী অৰ্ডাৰ কৰে ভাৰতীয়ই! প্ৰকাশ কৰিলে Swiggy–এ

News18 Assam | News18-Assam
Updated:December 24, 2019, 1:37 PM IST
প্ৰতি মিনিটত ৯৫প্লেট বিৰিয়ানী অৰ্ডাৰ কৰে ভাৰতীয়ই! প্ৰকাশ কৰিলে Swiggy–এ
 Swiggyৰ পৰা বেছিকৈ কি অৰ্ডাৰ কৰা হয় ভাৰতত? ভাৰতীয় পছন্দৰ তালিকাত আছে খিচিৰি, বিৰিয়ানী আৰু লালমোহন আদি। ২০১৯ৰ ভাৰতীয়ৰ পছন্দৰ খাদ্য তালিকাৰ তথ্য প্ৰকাশ কৰিছে জনপ্ৰিয় অনলাইন ফুড ডেলিভাৰী এপ Swiggy–এ। StatEATistics 2019ৰ প্ৰতিবেদন মতে, ভাৰতীয়সকলৰ মাজত স্বাস্থ্য সচেতনতাও যথেষ্ট বৃদ্ধি পাইছে আৰু চলিত বৰ্ষত ৩.৫লাখ প্লেট ‘হেলথ কনচিয়াচ’ খাদ্য অৰ্ডাৰ দিয়া হৈছে। 

 Swiggyৰ পৰা বেছিকৈ কি অৰ্ডাৰ কৰা হয় ভাৰতত? ভাৰতীয় পছন্দৰ তালিকাত আছে খিচিৰি, বিৰিয়ানী আৰু লালমোহন আদি। ২০১৯ৰ ভাৰতীয়ৰ পছন্দৰ খাদ্য তালিকাৰ তথ্য প্ৰকাশ কৰিছে জনপ্ৰিয় অনলাইন ফুড ডেলিভাৰী এপ Swiggy–এ। StatEATistics 2019ৰ প্ৰতিবেদন মতে, ভাৰতীয়সকলৰ মাজত স্বাস্থ্য সচেতনতাও যথেষ্ট বৃদ্ধি পাইছে আৰু চলিত বৰ্ষত ৩.৫লাখ প্লেট ‘হেলথ কনচিয়াচ’ খাদ্য অৰ্ডাৰ দিয়া হৈছে। 

  • Share this:
ভাৰতীয় খাদ্যৰসিকৰ মাজত বিৰিয়ানীৰ চাহিদা অভূতপূৰ্ব। Swiggyৰ মতে বিৰিয়ানী হৈছে ভাৰতত প্ৰথম অৰ্ডাৰ দিয়াসকলৰ আটাইতকৈ বেছি পছন্দৰ খাদ্য। একেৰাহে তৃতীয় বৰ্ষৰ কাৰণে Swiggyৰ সৰ্বাধিক পছন্দৰ খাদ্যৰ তালিকাত শীৰ্ষত আছে বিৰিয়ানী। ফুড এপটোৰ প্ৰতিবেদন মতে, ভাৰতীয়সকলে প্ৰতি মিনিটত ৯৫প্লেট বিৰিয়ানী অৰ্ডাৰ কৰিছে ২০১৯ত।

পুনেৰ ‘Chicken Sajuk Tup Biryani’ (চিকেন চাজুক টুপ বিৰিয়ানী) হৈছে দেশত অনলাইনত অৰ্ডাৰ দিয়া আটাইতকৈ দামী বিৰিয়ানী আৰু ইয়াৰ প্ৰতি প্লেট বিৰিয়ানী ১৫০০টকাত বিক্ৰী হৈছে Swiggyত। আনহাতে আটাইতকৈ সস্তীয়া বিৰিয়ানী আছিল মুম্বাইৰ  ‘Chal Dhanno Tawa Biryani’ (চল ধন্নো টাৱা বিৰিয়ানী) আৰু দাম প্ৰতি প্লেটত ১৯টকা।

ছুইগীত অৰ্ডাৰ দিয়া লালমোহন হৈছে একেৰাহে দ্বিতীয়টো বৰ্ষৰ কাৰণে সৰ্বাধিক পছন্দৰ মিঠাই। ২০১৯চনত ১৭.৭লাখ লালমোহন দেশত অৰ্ডাৰ দিয়া হৈছে। ফালুডা হৈছে তালিকাৰ দ্বিতীয় স্থানৰ ‘ডেজাৰ্ট’ আৰু ১১,৯৪,৭৩২ ফালুডা এইবছৰ ছুইগীত অৰ্ডাৰ দিয়া হৈছে। এটা বিশেষ আইচক্ৰীম দিয়া ফালুডা মুম্বাইতে ৬০০০বাৰ অৰ্ডাৰ দিয়া হৈছে।

মগু দাইলৰ হালোৱা হৈছে অন্যতম এক পছন্দৰ অনলাইন মিঠাই। বছৰটোত ২,০০,৩০১ অৰ্ডাৰ দিয়া হৈছে এই হালোৱাৰ। আনহাতে ‘ডেথ বাই চকলেট’, ‘টেণ্ডাৰ কক’নাট আইচক্ৰীম’, ‘টিৰামিছু আইচক্ৰীম’ আৰু ‘কেশৰ হালোৱা’ আদি সৰ্বাধিক পছন্দৰ মিঠাই।

2019ৰ প্ৰতিবেদন মতে, ভাৰতীয়সকলৰ মাজত স্বাস্থ্য সচেতনতাও যথেষ্ট বৃদ্ধি পাইছে আৰু চলিত বৰ্ষত ৩.৫লাখ প্লেট ‘হেলথ কনচিয়াচ’ খাদ্য অৰ্ডাৰ দিয়া হৈছে। ‘কেট’জনিক ডায়েট’ নামেৰে পৰিচিত এই খাদ্যৰ বিশেষভাৱে প্ৰস্তুত মাছ, মাংস, পক্ষীমাংস আৰু শৰ্কৰা বিহীন পাচলিৰ অৰ্ডাৰৰ ক্ষেত্ৰত ২০১৯চনত প্ৰায় ৩০৬শতাংশ বৃদ্ধি দেখা গৈছে।

স্বাস্থ্যসচেতন খাদ্যৰসিকৰ মাজত ‘খিচিৰি’ৰ চাহিদাও যথেষ্ট বৃদ্ধি পাইছে। এইবছৰ ‘ছুইগী’ত খিচিৰিৰ অৰ্ডাৰ ১২৮গুণ বাঢ়িছে।

পিজ্জাৰ ক্ষেত্ৰত কোৱা হৈছে যে, ‘আমাৰ ক্ৰেতাসকলে চিকেন বিৰিয়ানী পছন্দ কৰাৰ বিপৰীতে পিজ্জাৰ ক্ষেত্ৰত নিৰামিষ ‘টপিং’ যেনে চীজ, অনিয়ন, পনীৰ, মাছৰুম, কেপচিকাম, কৰ্ন, জেলেপেন’ আৰু অলিভ আছিল ছুইগীত অৰ্ডাৰ দিয়া পিজ্জাৰ সাধাৰণ টপিং।

কেতবোৰ বিশেষ অৰ্ডাৰৰ বিষয়ে উল্লেখ কৰি প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে একাংশ গ্ৰাহকে ছুইগীৰ ষ্টৰৰ দ্বাৰা ‘গৌমূত্ৰ’ গুৰুগাঁৱৰ আয়ুৰ্বেদিক ষ্টৰৰ পৰা ক্ৰয় কৰিছিল!

উল্লেখযোগ্য যে অতি জনপ্ৰিয় অনলাইন ফুড ডেলিভাৰী এপ ছুইগীৰ বৰ্তমান ডেলিভাৰীত ২.৩লাখ সক্ৰিয় ডেলিভাৰী পাৰ্টনাৰ আছে আৰু কমেও ১০০০০গৰাকী মহিলা ইয়াত জৰিত হৈ আছে।

কোচিৰ সুধা নামৰ মহিলাগৰাকীয়ে মাত্ৰ ১৩মাহ পূৰ্বে Swiggyত যোগদান কৰি ৬,৮৩৮টা অৰ্ডাৰ ডেলিভাৰী কৰি সৰ্বশ্ৰেষ্ঠ পাৰফৰমেন্সৰ কৃতিত্ব অৰ্জন কৰিছে।

এই প্ৰতিবেদন ২০১৯ৰ জানুৱাৰী মাহৰ পৰা অক্টোবৰ মাহলৈ Swiggy কাৰ্যক্ষম হৈ থকা দেশৰ ৫০০খন চহৰত কৰা সমীক্ষাৰ আধাৰত প্ৰস্তুত কৰা।
আৰু চাওক
পৰৱৰ্তী বাতৰি