নাছাৰ মঙল অভিযানৰ নেতৃত্বত ভাৰতীয় মূলৰ বিজ্ঞানী স্বাতী মোহন, স্বাতীৰ কৃত্বিত্বত আজি গৌৰান্বিত ভাৰত...

মঙলৰ এই ৰ'ভাৰৰ সফলতাত স্বাতীৰ কামে কেনেকৈ সহায় কৰিছিল ?
মঙলৰ এই ৰ'ভাৰৰ সফলতাত স্বাতীৰ কামে কেনেকৈ সহায় কৰিছিল ?
- News18 Assam
- Last Updated: February 20, 2021, 5:21 PM IST
সকলো বাধা অতিক্ৰম কৰি ভাৰতীয় সময় অনুসৰি শুকুৰবাৰে নিশা ২ বাজি ২৫ মিনিটত মঙলত মহাকাশযানখনে অৱতৰণ কৰাৰ লগে লগে সৃষ্টি হ'ল এক ইতিহাস। আমেৰিকাৰ এই সাফল্যক লৈ আজি উৎফুল্লিত আমেৰিকাবাসী। লগতে গৌৰান্বিত ভাৰতবাসীও। কাৰণ ঐতিহাসিক অভিযানৰ বিজ্ঞানীসকলৰ ভিতৰত আছে এগৰাকী ভাৰতীয়মূলৰ বিজ্ঞানী। ভাৰতীয় মূল ড০ স্বাতী মোহনে নেতৃত্ব দিছিল আমেৰিকাৰ এই মিছন মঙল অভিযানত।
নাছাৰ অভিযন্তা ড০ স্বাতী মোহনে কয় যে, ইতিমধ্যে মঙলৰ বুকুত সফলতাৰে অৱতৰণ কৰা এই ৰ'ভাৰে অতীতৰ জীৱনৰ লক্ষণ বিচাৰিবলৈ সাজু ।
এই ৰ'ভাৰে প্ৰাচীন জীৱানুৰ সন্ধান কৰিব, যিয়ে মঙলত অভ্যাস যোগ্যতাৰ ইতিহাসৰ অন্বেষণ কৰিবলৈ নাছাৰ অভিযানক আগুৱাই দিব। ৰ'ভাৰৰ এটা ড্ৰিল আছে, যাৰ দ্বাৰা মঙলৰ বুকুৰ পৰা শিল আৰু মাটিৰ মূল নমুনা সংগ্ৰহ কৰিবলৈ ব্যৱহাৰ কৰিব। তাৰ পিছত সেইবোৰ ভৱিষ্যতৰ অভিযানৰ দ্বাৰা পিক আপৰ বাবে চীল কৰা টিউবত সংৰক্ষণ কৰিব আৰু বিতং বিশ্লেষণৰ বাবে পৃথিৱীলৈ ঘূৰাই অনা হ'ব।
কিন্তু কোন এই ড০ স্বাতী মোহন ?
ভাৰতীয় মূলৰ বিজ্ঞানী ড০ মোহন মঙল ২০২০ৰ এই অভিযানৰ নিৰ্দেশক, নেভিগেচন, আৰু নিয়ন্ত্ৰণ অপাৰেচনৰ নেতৃত্বত আছিল।
বিজ্ঞানী হ'বলৈ কেনেদৰে অনুপ্ৰাণিত হৈছিল ড০ মোহন ?
৯ বছৰ বয়সতে প্ৰথমবাৰৰ বাবে 'ষ্টাৰ ট্ৰেক' চোৱাৰ পিছতে তেওঁলোকে দেখুওৱা বিশ্বব্ৰহ্মাণ্ডৰ নতুন অঞ্চলৰ বিষয়ে চাই ড০ মোহন ইয়াৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিল। লগে লগে অনুভৱ কৰিছিল যে, বিশ্ব ব্ৰহ্মাণ্ডৰ ওপৰত তেওঁ গৱেষণা কৰিব বিচাৰে।
মঙলৰ এই ৰ'ভাৰৰ সফলতাত স্বাতীৰ কামে কেনেকৈ সহায় কৰিছিল ?
মঙল ২০২০ৰ নিৰ্দেশনা, নেভিগেচন, আৰু নিয়ন্ত্ৰণ (GN&C) উপপ্ৰণালী হৈছে মহাকাশযানৰ "চকু আৰু কাণ"। যিয়ে মহাকাশত মহাকাশযানখনক সহায় কৰে। লগতে ক'ত যানখনে ক'ত অৱতৰণ কৰিব সেয়া নিয়ন্ত্ৰণ কৰে।