• Home
  • »
  • News
  • »
  • nation
  • »
  • তামিলনাডুত ইণ্ডিয়ান স্কাউট আৰু গাইড ফেল'শ্বিপৰ ১৬ সংখ্যক ৰাষ্ট্ৰীয় সমাৱেশ অনুষ্ঠিত; অসমৰ পৰাও অংশগ্ৰহণ

তামিলনাডুত ইণ্ডিয়ান স্কাউট আৰু গাইড ফেল'শ্বিপৰ ১৬ সংখ্যক ৰাষ্ট্ৰীয় সমাৱেশ অনুষ্ঠিত; অসমৰ পৰাও অংশগ্ৰহণ

তামিলনাডুৰ ধৰ্মপুৰীত ইণ্ডিয়ান স্কাউট আৰু গাইড ফেল'শ্বিপৰ দ্বাৰা ১৬ সংখ্যক তিনিদিনীয়া ৰাষ্ট্ৰীয় সমাৱেশত ভাৰতবৰ্ষৰ ১৭ খন ৰাজ্যৰ পৰা সৰ্বমুঠ ১৯৩ গৰাকী সদস্য-সদস্যাই অংশগ্ৰহণ কৰে।

তামিলনাডুৰ ধৰ্মপুৰীত ইণ্ডিয়ান স্কাউট আৰু গাইড ফেল'শ্বিপৰ দ্বাৰা ১৬ সংখ্যক তিনিদিনীয়া ৰাষ্ট্ৰীয় সমাৱেশত ভাৰতবৰ্ষৰ ১৭ খন ৰাজ্যৰ পৰা সৰ্বমুঠ ১৯৩ গৰাকী সদস্য-সদস্যাই অংশগ্ৰহণ কৰে।

সমাৱেশত হোৱা 'ফেল'শ্বিপ বিপণী'ত প্ৰদৰ্শিত বিভিন্ন অসমীয়া সামগ্ৰীয়ে দৃষ্টি আকৰ্ষণ কৰাৰ লগতে আন ৰাজ্যৰ সদস্যসকলৰ মাজতো যথেষ্ট সমাদৰ লাভ কৰে।

  • Share this:
তামিলনাডুঃ তামিলনাডুৰ ধৰ্মপুৰীত যোৱা ১৬ ছেপ্টেম্বৰৰ পৰা ১৮ ছেপ্টেম্বৰলৈ ইণ্ডিয়ান স্কাউট আৰু গাইড ফেল'শ্বিপৰ দ্বাৰা ১৬ সংখ্যক তিনিদিনীয়া ৰাষ্ট্ৰীয় সমাৱেশ অনুষ্ঠিত হয়। উক্ত সমাৱেশত অসমকে আদি কৰি তামিলনাডু, দিল্লী, কেৰালা, মহাৰাষ্ট্ৰ, কৰ্ণাটক, উত্তৰ প্ৰদেশ, পঞ্জাৱ, মেঘালয় প্ৰমূখ্যে ভাৰতবৰ্ষৰ ১৭ খন ৰাজ্যৰ পৰা সৰ্বমুঠ ১৯৩ গৰাকী সদস্য-সদস্যাই অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে, অসমৰ পৰা ড° গীতাঞ্জলি গোস্বামীয়ে সমাৱেশখনত প্ৰতিনিধিত্ব কৰে। সমাৱেশত তেওঁৰ দ্বাৰা পৰিবেশিত অসমীয়াৰ বিহু নৃত্যকে আদি কৰি বিভিন্ন অসমীয়া কলা-কৃষ্টি জড়িত সম্পদ প্ৰদৰ্শনেৰে অসমক গৌৰৱান্বিত কৰি তুলিবলৈ সক্ষম হয়।

উক্ত সমাৱেশত ২০২২-২৩ বৰ্ষৰ বাবে ১২ গৰাকী সদস্যক শ্ৰেষ্ঠ যুৱ বঁটাৰে পুৰস্কৃত কৰা হয়। অসমৰ ড° গীতাঞ্জলি গোস্বামীয়ে সদস্য-সদস্যাসকলৰ মাজত অনুষ্ঠিত হোৱা 'কেশ-সজ্জা' শিতানৰ প্ৰতিযোগিতাত তৃতীয় স্থান অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ লগতে ইণ্ডিয়ান স্কাউট আৰু গাইড ফেল'শ্বিপৰ দ্বাৰা অনুষ্ঠিত চলচ্চিত্ৰ মহোৎসৱৰ একক শাখাতো দ্বিতীয় পুৰস্কাৰ অৰ্জন কৰে।



উক্ত সমাৱেশত অসম ৰাজ্যিক স্কাউট আৰু গাইড ফেল'শ্বিপক সামূহিকভাৱে প্ৰতিটো কাৰ্য্যক্ৰমতে সহযোগিতা আগবঢ়োৱাৰ বাবে বিশেষভাৱে কৃতজ্ঞতা জনাই এক বঁটা প্ৰদান কৰা হয়। সমাৱেশৰ সামৰণি সভাত ২০২৩ বৰ্ষৰ ৰাষ্ট্ৰীয় সমাৱেশ চট্টিছগড়ত অনুষ্ঠিত হ'ব বুলি প্ৰস্তাৱ গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে, সমাৱেশত হোৱা 'ফেল'শ্বিপ বিপণী'ত প্ৰদৰ্শিত বিভিন্ন অসমীয়া সামগ্ৰীয়ে দৃষ্টি আকৰ্ষণ কৰাৰ লগতে আন ৰাজ্যৰ সদস্যসকলৰ মাজতো যথেষ্ট সমাদৰ লাভ কৰে। সামৰণি অনুষ্ঠানত প্ৰতিগৰাকী সদস্য-সদস্যাক একোটাকৈ স্মাৰক চিহ্ন প্ৰদান কৰা হয়।



উল্লেখযোগ্য যে, উক্ত ৰাষ্ট্ৰীয় সমাৰোহত জম্মু আৰু কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মূখ্য ন্যায়াধীশ তথা ইণ্ডিয়ান স্কাউট গাইড ফেল'শ্বিপৰ সভানেত্ৰী শ্ৰীমতী গীতা মিট্টল, মলেশিয়া গীল্ড স্কাউট গাইড ফেল'শ্বিপৰ সভাপতি শ্ৰী গুণাশিলন টি, ৰায়গড়ৰ জ্যেষ্ঠ সাংসদ শ্ৰী সত্যনাৰায়ণ শৰ্মা, ইণ্ডিয়ান স্কাউট গাইড ফেল'শ্বিপৰ কাৰ্য্যকৰী সভাপতি মেক মেক্কি আৰু ইণ্ডিয়ান স্কাউট গাইড ফেল'শ্বিপৰ সম্পাদক প্ৰধান শ্ৰীমতী সীমা ৰাথী প্ৰমূখ্যে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি সমাৰোহখনৰ সৌষ্ঠৱ বৃদ্ধি কৰে।
Published by:Subham Goswami
First published: