বিনামূলীয়াকৈ কৰিব পাৰে ৰে’ল যাত্ৰা, কোনে আৰু কেনেকৈ পাব এই সুবিধা?

বহু লোকক ভাৰতীয় ৰে’লৱেই দিছে বিনামূলীয়া যাত্ৰাৰ সুবিধা

News18-Assam
Updated:October 11, 2019, 11:19 AM IST
বিনামূলীয়াকৈ কৰিব পাৰে ৰে’ল যাত্ৰা, কোনে আৰু কেনেকৈ পাব এই সুবিধা?
বহু লোকক ভাৰতীয় ৰে’লৱেই দিছে বিনামূলীয়া যাত্ৰাৰ সুবিধা
News18-Assam
Updated: October 11, 2019, 11:19 AM IST
যদিহে আপুনি ৰে’লত যাত্ৰা কৰে তেন্তে এই খবৰ আপোনাৰ বাবে গুৰুত্বপূৰ্ণ। ভাৰতীয় ৰে’লৱেই টিকটৰ ক্ষেত্ৰত একাংশ লোকক প্ৰদান কৰি আহিছে বিশেষ সুবিধা। বহু লোকক ভাৰতীয় ৰে’লৱেই দিছে বিনামূলীয়া যাত্ৰাৰ সুবিধাও। কিছুমান বিশেষ শ্ৰেণীৰ লোকক ৰে’লত যাত্ৰা কৰাৰ ক্ষেত্ৰত IRCTC–এ টিকটত দিয়ে ৰেহাই। এই তালিকাত যুৱ প্ৰজন্ম, ছাত্ৰ–ছাত্ৰীৰ পৰা জ্যেষ্ঠ নাগৰিকলৈ আছে। আহক কেনেধৰণৰ টিকটত আপুনি ৰেহাই পাব সেই সম্পৰ্কে জানো।

জ্যেষ্ঠ নাগৰিকে লাভ কৰা ৰেহাই
>> ৫৮ বছৰ বা তাতকৈ অধিক বয়সৰ মহিলা আৰু ৬০ বা তাতকৈ অধিক বয়সৰ পুৰুষে ৰে’ল যাত্ৰাৰ টিকটত লাভ কৰে ৰেহাই। মহিলা যাত্ৰীক ৫০ শতাংশ আৰু পুৰুষ যাত্ৰীক ৰেহাই দিয়া হয় ৪০ শতাংশ টিকটৰ মূল্য।

>> এই ৰেহাই সকলো শ্ৰেণীৰ যাত্ৰাৰ বাবে লাভ কৰে যাত্ৰীয়ে। ৰাজধানী, শতাব্দী আৰু দুৰন্তৰ দৰে প্ৰিমিয়াম ৰে’লৰ যাত্ৰাতো এই ৰেহাই পোৱা যায়। যাত্ৰীয়ে কি উদ্দেশ্যৰে যাত্ৰা কৰে তাৰ কোনো কথা নাই।

ছাত্ৰ–ছাত্ৰীয়ে পোৱা ৰেহাই
>> ৰে’ল বিভাগে ছাত্ৰীক স্নাতক পৰ্যায়লৈ MSTৰ পৰা দ্বিতীয় শ্ৰেণীত বিনামূলীয়াকৈ যাত্ৰাৰ সুবিধা প্ৰদান কৰে। আনহাতে, ছাত্ৰসকলক দ্বাদশ শ্ৰেণীলৈ MSTৰ পৰা দ্বিতীয় শ্ৰেণীত বিনামূলীয়াকৈ যাত্ৰাৰ কৰাৰ সুবিধা দিয়ে।
>> এই সুবিধা মাদ্ৰাছাৰ শিক্ষাৰ্থীয়েও লাভ কৰে।

>> কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ চাকৰিৰ বাবে সাক্ষাৎকাৰ দিবলৈ যোৱা নিবনুৱা যুৱক–যুৱতীক শ্লীপাৰ ক্লাছৰ টিকটত ৫০ শতাংশ আৰু দ্বিতীয় শ্ৰেণীৰ টিকটত ১০০ ৰেহাই দিয়া হয়।

যুৱক–যুৱতীয়ে লাভ কৰা সুবিধা
>> নেচনেল ইণ্টিগ্ৰেচন কেম্পৰ জৰিয়তে নেচনেল য়ুথ প্ৰজেক্টলৈ যোৱা লোকক দ্বিতীয় শ্ৰেণী বা শ্লীপাৰ ক্লাছত যাত্ৰাত ৫০ শতাংশ ৰেহাই দিয়া হয়।
>> নেচনেল ইণ্টিগ্ৰেচন কেম্পৰ জৰিয়তে মানৱ উত্থান সেৱা সমিতিলৈ যোৱা লোকেও দ্বিতীয় বা শ্লীপাৰ শ্ৰেণীত যাত্ৰা কৰিলে লাভ কৰে ৪০ শতাংশ ৰেহাই।
>> নিমনুৱা যুৱক–যুৱতীয়ে পৌৰ নিগম, চৰকাৰী বিশ্ববিদ্যালয়ত চাকৰিৰ বাবে সাক্ষাৎকাৰ দিবলৈ গ’লে দ্বিতীয় শ্ৰেণী বা শ্লীপাৰত ৫০ শতাংশ ৰেহাই পায়।
>> কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ চাকৰিৰ বাবে সাক্ষাৎকাৰ দিবলৈ যোৱা নিবনুৱা যুৱক–যুৱতীক দ্বিতীয় শ্ৰেণীৰ টিকটত ১০০ শতাংশ আৰু শ্লীপাৰ ক্লাছত ৫০ শতাংশ ৰেহাই লাভ কৰে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি