এই সিদ্ধান্তৰ ফলত ভাৰতীয় ৰে’ললৈ আহিব প্ৰায় ৩০ হাজাৰ কোটি টকাৰ বিনিয়োগ।
আকৌ এবাৰ কেন্দ্ৰীয় চৰকাৰৰ ব্যক্তিগতকৰণৰ সিদ্ধান্ত। ভাৰতীয় ৰে’লৰ ১০৯ ৰুটৰ ১৫১ খন ছুপাৰ ফাষ্ট পেছেঞ্জাৰ ট্ৰেইন ব্যক্তিগত খণ্ডৰ হাতত গতোৱাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। আয় বৃদ্ধিৰ লগতে যাত্ৰীক উত্কৃষ্ট সা-সুবিধা প্ৰদানৰ উদ্দেশ্যে চৰকাৰে এই সিদ্ধান্ত লৈছে বুলি জনাইছে।
ইতিমধ্যে ভাৰতীয় ৰে’লৰ তৰফৰ পৰা বেচৰকাৰী বিনিয়োগকাৰী বিচাৰি আবেদন জনোৱা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিৰ ফলত ভাৰতীয় ৰে’ললৈ প্ৰায় ৩০ হাজাৰ কোটি টকা বিনিয়োগ হ’ব বুলি ধাৰণা কৰা হৈছে।
যোৱা বছৰ লক্ষ্নৌ-দিল্লী তেজছ এক্সপ্ৰেছৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰে ইণ্ডিয়ান ৰেলৱে’ৰ ক্যেটাৰিং এণ্ড ট্যুৰিজিম কৰ্পোৰেশ্যনৰ হাতত অপৰ্ণ কৰিছিল। তাৰ পিছত পেছেঞ্জাৰ ট্ৰেইনৰ ব্যক্তিগতকৰণৰ বাবে লোৱা উদ্যোগ এয়াই প্ৰথম। ভাৰতীয় ৰে’লৰ তৰফৰ পৰা জনোৱা হৈছে যে, ভাৰতীয় ৰে’লক অত্যাধুনিক ৰূপত গঢ় দিয়াৰ উদ্দেশ্যে এই সিদ্ধান্তৰ দিশত আগবঢ়া হৈছে। এই সিদ্ধান্তৰ ফলত যাত্ৰা কালৰ সময় বাচিব, যাত্ৰীৰ খৰচ হ্ৰাস পাব। বাঢ়িব কৰ্মসংস্থাপন।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|