ৰে'ল যাত্ৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ভাৰতীয় ৰে'লৱে কৰ্তৃপক্ষই গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। সাল-সলনি কৰা হৈছে বিভাগটোৰ বহুকেইাট নিয়ম। নতুন নিয়ম অনুসৰি, এতিয়াৰে পৰা ৰে'লত নিশা চাৰ্জ কৰিব নোৱাৰিব আপোনাৰ ইলেক্ট্ৰনিকছ সামগ্ৰী ৷ নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ আপুনি চাৰ্জ কৰিব নোৱাৰিব আপোনাৰ ম'বাইল, লেপটপসহ কোনো ইলেক্ট্ৰনিক ডিভাইচ ৷
যাত্ৰীসকলৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি দৃষ্টি ৰাখিয়েই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰে'লৱে কৰ্তৃপক্ষই ৷ তথ্য অনুসৰি, চলন্ত ৰে'লত অগ্নিকাণ্ডৰ ঘটনা ৰোধ কৰাৰ বাবে ভাৰতীয় ৰে'লে এই সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে ৷ অধিকাংশ ৰে'লতেই এই নিয়ম প্ৰযোজ্য হ'ব ৷
উল্লেখ্য যে, ২০১৩ চনৰ ২৮ ডিচেম্বৰত দক্ষিণ পশ্চিম ৰে'লৱেৰ বাংগালুৰু ডিভিজনৰ পেনুকাণ্ডা ধৰ্মাৱৰ্ম শাখাৰ শ্ৰী সত্য ছই প্ৰশান্ত নিলয়ম আৰু বাচাম্পল ষ্টেচনৰ মাজভাগতে নান্দেৰ এক্সপ্ৰেছৰ শীততাপ নিয়ন্ত্ৰিত ৩টাকৈ কোঠাত সংঘটিত অগ্নিকাণ্ডৰ তদন্তৰ পিছত এই পৰামৰ্শ দিয়া হৈছে।
কেৱল এই ঘটনাই নহয়, চলিত বৰ্ষৰ ১৩ মাৰ্চতো দিল্লী-ডেৰাডুন শতাব্দী এক্সপ্ৰেছত এক বৃহৎ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল। এটা ডবাৰ পৰা আৰম্ভ হৈ ৭ টা ডবালৈ বিয়পি পৰিছিল জুই। কিন্তু সৌভাগ্যক্ৰমে, ঘটনাত কোনো লোক হতাহতি হোৱা নাছিল।