உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Indian Railways: ভাৰতীয় ৰে'লৱেই আজিৰ পৰা বাতিল কৰিছে বহুকেইখন গুৰুত্বপূৰ্ণ ৰে’ল, চাওক সম্পূৰ্ণ তালিকা

    Indian Railways: ভাৰতীয় ৰে'লৱেই আজিৰ পৰা বাতিল কৰিছে বহুকেইখন গুৰুত্বপূৰ্ণ ৰে’ল, চাওক সম্পূৰ্ণ তালিকা

    কেন্দ্ৰীয় ৰেলৱেই ২৭ এপ্ৰিলৰ পৰা ১১ মে’লৈ কেইবাখনো ৰে’ল বাতিল কৰিছে।

    কেন্দ্ৰীয় ৰেলৱেই ২৭ এপ্ৰিলৰ পৰা ১১ মে’লৈ কেইবাখনো ৰে’ল বাতিল কৰিছে।

    কেন্দ্ৰীয় ৰেলৱেই ২৭ এপ্ৰিলৰ পৰা ১১ মে’লৈ কেইবাখনো ৰে’ল বাতিল কৰিছে।

    • Share this:
    ভাৰতীয় ৰে'লৱেই (Indian Railways) কেইবাখনো ৰে'ল বাতিল কৰিছে। যদি আপুনি ক’ৰবালৈ যাবলৈ টিকট কৰি থৈছে তেনেহ’লে এইটো আপোনাৰ বাবে প্ৰয়োজনীয় খবৰ। ভ্ৰমণ কৰাৰ আগত আপুনি আপোনাৰ ৰে’লৰ স্থিতি পৰীক্ষা নকৰাৰ ফলত সমস্যাৰ সন্মুখীন হ‘ব পাৰে। দক্ষিণ ৰে’লৱে (Southern Railway) আৰু কেন্দ্ৰীয় ৰে’লৱে (Central Railway)ই এই বিষয়ে টুইট কৰিছিল। কেন্দ্ৰীয় ৰেলৱেই ২৭ এপ্ৰিলৰ পৰা ১১ মে’লৈ কেইবাখনো ৰে’ল বাতিল কৰিছে। আনহাতে, দক্ষিণ ৰে'লৱেই ২৯ এপ্ৰিলৰ পৰা অৰ্থাৎ আজি পৰৱৰ্তী নিৰ্দেশ লৈকে কিছুমান ৰে'ল বাতিল কৰিছে।

    দক্ষিণ ৰে'লৱেই এটা টুইটত লিখিছে, "ৰে'লখনত যাত্ৰা কৰা যাত্ৰীৰ সংখ্যা কম হোৱাৰ পৰিপ্ৰেক্ষিতত দুখন বিশেষ ৰে'ল বাতিল কৰা হৈছে। প্ৰথম ৰে’লখন হৈছে 07107 যি মাদগাঁৱৰ পৰা মাংগালোৰ চেন্ট্রেললৈ যায়। ২৯ এপ্ৰিল, ২০২১ৰ পৰা এই ৰে'লখন অনিৰ্দিষ্ট কালৰ বাবে বাতিল কৰা হৈছে। এই বিশেষ ৰে’লখন পৰৱৰ্তী সময়ত কেতিয়া আৰম্ভ হ'ব সেয়া যাত্ৰীসকলক অৱগত কৰা হ'ব।

    লগতে আনখন বিশেষ ৰে’ল হৈছে 07107 যি মাংগালোৰ চেন্ট্রেলৰ পৰা মাদগাঁৱলৈ যায়। যাত্ৰীৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি ২৯ এপ্ৰিলৰ পৰা ৰে’লখন অনিৰ্দিষ্ট কালৰ বাবে বাতিল কৰা হৈছে।

    কেন্দ্ৰীয় ৰে’লৱেৰ দ্বাৰা বাতিল কৰা ৰেলকেইখন হৈছে-
    >> 02109/02110 মুম্বাই-মনমাদ-মুম্বাই বিশেষ ৰে’ল ২৭ এপ্ৰিলৰ পৰা ১০ মে’, ২০২১লৈ বাতিল কৰা হৈছে।
    >> 02015/02016 মুম্বাই-পুনে-মুম্বাই বিশেষ ৰে’ল ২৭ এপ্ৰিলৰ পৰা ১০মে’, ২০২১লৈ বাতিল কৰা হৈছে।
    >> 02113 পুনে-নাগপুৰ ত্ৰি-সাপ্তাহিক বিশেষ ৰে’ল ২৮ এপ্ৰিলৰ পৰা ১০ মে’লৈ বাতিল কৰা হৈছে।
    >> 02114 নাগপুৰ-পুনে ত্ৰি-সাপ্তাহিক বিশেষ ৰে’ল ২৭ এপ্ৰিলৰ পৰা ৯ মে’লৈ বাতিল কৰা হৈছে।
    >> 02189 মুম্বাই-নাগপুৰ বিশেষ ৰে’ল ২৮ এপ্ৰিলৰ পৰা ১১ মে’লৈ আৰু ৰে’ল নং 02190 নাগপুৰ-মুম্বাই বিশেষ ৰে’ল ২৭ এপ্ৰিলৰ পৰা ১০ মে’লৈ বাতিল কৰা হৈছে।
    >> 02207 সপ্তাহত ৪ দিন ২৭ এপ্ৰিলৰ পৰা ১০ মে’লৈ, আৰু 02208 লাতুৰ-মুম্বাই সপ্তাহত ৪ দিন ২৮ এপ্ৰিলৰ পৰা ১১ মে’লৈ বাতিল কৰা হ'ব।
    >> 02115 মুম্বাই-চোলাপুৰ বিশেষ ৰে'লখন ২৮ এপ্ৰিলৰ পৰা ১১ মে'লৈ বাতিল কৰা হ'ব আৰু 02116 চোলাপুৰ-মুম্বাই বিশেষ ৰে'ল ২৭ এপ্ৰিলৰ পৰা ১০ মে'লৈ বাতিল কৰা হ'ব।
    >> 01411 মুম্বাই-কোলহাপুৰ বিশেষ ৰে'ল খন ২৮ এপ্ৰিলৰ পৰা ১১ মে'লৈ বাতিল কৰা হ'ব আৰু ৰে'ল নম্বৰ 01412 কোলহাপুৰ-মুম্বাই বিশেষ ৰে’ল ২৭ এপ্ৰিলৰ পৰা ১০ মে’লৈ বাতিল কৰা হ'ব।
    >> 02217 মুম্বাই-জালনা বিশেষ ৰে’লখন ২৭ এপ্ৰিলৰ পৰা ১০ মে’লৈ বাতিল কৰা হ'ব আৰু ৰে’ল নম্বৰ 02271 ২৮ এপ্ৰিলৰ পৰা ১১ মে’লৈ বাতিল কৰা হ'ব।
    >> 02043 মুম্বাই-বিদাৰ ত্ৰিসাপ্তাহিক বিশেষ ৰে’লখন ২৮ এপ্ৰিলৰ পৰা ৮ মে'লৈ বাতিল কৰা হ'ব আৰু 02044 বিদাৰ-মুম্বাই ত্ৰি-সাপ্তাহিক বিশেষ ৰে’লখন ২৯ এপ্ৰিলৰ পৰা ৯ মে’লৈ বাতিল কৰা হ'ব।
    Published by:Sanjay Kumar Das
    First published: