বহু ঠাইত এই কথাটো চলি আছে যে যদি ৰে'লত ভ্ৰমণ কৰিবলৈ টিকট আপোনাৰ নাথাকে তেন্তে আপুনি প্লেটফৰ্ম টিকটৰ (প্লেটফৰ্ম টিকট) সহায়ত ভ্ৰমণ কৰিব পাৰে। কিছুমানে এইটো কৈ আছে যে কেৱল প্লেটফৰ্ম টিকট লৈ টিটিই (TTE)ৰ ওচৰলৈ যাব লাগিব আৰু তেওঁ আপোনাক টিকট দিব যাৰ সহায়ত আপুনি যাব পাৰিব। আৰু আনকি এইটোও কোৱা হৈছে যে যদি আপোনাৰ ভ্ৰমণৰ টিকট নাই, আপোনাক টিকট অবিহনে ভ্ৰমণ কৰাৰ বাবে দোষী বুলি গণ্য কৰা নহ'ব। কিন্তু এইটো সঁচা নহয়। বাস্তৱত ইয়াৰ সম্পূৰ্ণ বিপৰীত। যদি আপুনি টিকট অবিহনে ভ্ৰমণৰ বাবে যায় তেন্তে আপোনাক জৰিমনা বিহা হ'ব পাৰে।
ৰে'লৱেৰ এজন বিষয়াৰ সৈতে বিভিন্ন স্থানত চলি থকা এনে চৰ্চাক লৈ কথা-বতৰা হোৱাত তেওঁ এই বাতৰি সম্পূৰ্ণ ভিত্তিহীন বুলি দানিব দিয়ে। দেশৰ বিভিন্ন স্থআনত এনেদৰে কিছুমান উৰাবাতৰি চলি আছে। উত্তৰ ৰে'লৱেৰ চিপিআৰঅ' দীপক কুমাৰে কয় যে ৰে'লৱেৰ পৰা এনে কোনো নতুন নিয়ম জাৰি কৰা হোৱা নাই৷ তেওঁ কয় যে টিকট অবিহনে ভ্ৰমণ কৰাটো কোৰোনা কালৰ আগৰ দৰেই একে নিয়ম প্ৰযোজ্য হয়।
চিপিআৰঅ' দীপক কুমাৰে কয় যে আগতে যদি কাৰোবাৰ ওচৰত কনফাৰ্ম টিকট নাথাকে, যাত্ৰীজনে প্লেটফৰ্মৰ টিকট ল'ব লাগিব আৰু গাৰ্ডৰ সৈতে যোগাযোগ কৰিব লাগিব। গাৰ্ডজনে তেওঁক TTEৰ ওচৰলৈ পঠিয়াইছিল। টিটিয়ে যাত্ৰীজনক ক'লৈ যাব আৰু সেই ঠাইলৈ ৰে'লখনত খালী আসন আছে নেকি চাইছিল। যদিহে টিটিয়ে পৰৱৰ্তী ষ্টেচনলৈকে খালী আসন পায় তেতিয়া যাত্ৰীক টিকট দি ভ্ৰমণৰ অনুমতি দিছিল। কিন্তু আসন যদি খালী নাথাকে যাত্ৰীজনক পৰৱৰ্তী ষ্টেচনত নমাই দিয়া হৈছিল। একেই নিয়ম এতিয়াও প্ৰযোজ্য হৈ আছে।
সেয়েহে, এনে ধৰণৰ যিকোনো খবৰ বা উৰাবাতৰি আপুনি বিশ্বাস কৰাৰ আগতে সত্যতা পৰীক্ষা কৰি লোৱা উচিত। ৰে'লৱেৰ এনে কোনো নিয়ম নাই যে আপুনি কেৱল এখন প্লেটফৰ্ম টিকট লৈ গ'লেই টিটিয়ে আপোনাক নিশ্চিত টিকট দিব।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|