উত্সৱৰ বতৰত ভাৰতীয় ৰে’লৱেই যাত্ৰীলৈ আগবঢ়াইছে বিশেষ সুবিধা। নৱৰাত্ৰি উপলক্ষে ৰে’লৱেই ৯ দিনৰ বাবে যাত্ৰীসকলৰ বাবে যোগান ধৰিব ব্ৰতৰ খাদ্য। ফলত ব্ৰতৰ বাবে ৰে’লযাত্ৰীয়ে কোনো অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয়। ৰে’লৱেই ব্ৰত ৰখা যাত্ৰীৰ বাবে এই সুবিধা আগবঢ়াইছে। ২৯ ছেপ্টেম্বৰৰ পৰা ৭ অক্টোবৰলৈ ইচ্ছুক যাত্ৰীসকলক ব্ৰতৰ খাদ্য যোগান ধৰা হৈছে। ৰে’ল যাত্ৰীয়ে নিজৰ পছন্দ অনুযায়ী ব্ৰতৰ খাদ্য অৰ্ডাৰ কৰিব পাৰিব।
কেনেকৈ অৰ্ডাৰ কৰিব ব্ৰতৰ খাদ্য
ব্ৰত ৰখা যাত্ৰীয়ে ৰে’লত নিজৰ যাত্ৰাৰ সময়ত ই–কেটাৰিং আৰু ফুড অন ট্ৰেক ম’বাইল এপৰ জৰিয়তে খাদ্যৰ অৰ্ডাৰ কৰিব পাৰে। IRCTC–এ নিৰ্দিষ্ট ষ্টেচনত নিৰ্বাচিত ৰেষ্টুৰেণ্টৰ জৰিয়তে যোগান ধৰিব খাদ্য। এই সুবিধা লোৱাৰ বাবে যাত্ৰীয়ে বৈধ পি এন আৰ নম্বৰৰ পৰা যাত্ৰাৰ নিৰ্দিষ্ট সময়ৰ অতি কমেও দুঘণ্টা পূৰ্বে খাদ্যৰ অৰ্ডাৰ কৰিব লাগিব। যাত্ৰীয়ে সুবিধা অনুসৰি পূৰ্বে বা খাদ্য পোৱাৰ পিছতো বিল পৰিশোধ কৰিব পাৰিব।
কোন ষ্টেচনত পাব ব্ৰতৰ খাদ্য
ব্ৰতৰ খাদ্য উপলব্ধ হোৱা ষ্টেচনসমূহ হ’ল কাণপুৰ চেন্ট্রেল, জবলপুৰ, ৰতলাম, জয়পুৰ, বীণা, পাটনা, ৰাজেন্দ্ৰ নগৰ, হজৰত নিজামুদ্দীন, আম্বালা কেণ্ট, ঝাঁচী, ঔৰংগবাদ, অকৌলা, ইতাৰসী, ৱসই ৰোড, ৱাপী, কল্যাণ, বোৰিৱলী, দুৰ্গ, দৌণ্ড, গোৱালিয়ৰ, মথুৰা, নাগপুৰ, ভূপাল, উজ্জয়িনী আৰু আহমদনগৰ।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|