• Home
  • »
  • News
  • »
  • nation
  • »
  • Indian Railway: নজিৰবিহীন ঘটনা, ভাৰতীয় ৰে’লৱেত চাকৰি পাল ১০ মহীয়া কন্যা শিশুৱে

Indian Railway: নজিৰবিহীন ঘটনা, ভাৰতীয় ৰে’লৱেত চাকৰি পাল ১০ মহীয়া কন্যা শিশুৱে

৪ জুলাইত দক্ষিণ পূব মধ্য ৰে’লৱেৰ ৰায়পুৰ ৰে’লৱে ডিভিজনৰ পাৰ্ছনেল ডিপাৰ্টমেণ্টত শিশুটিক চাকৰি দিয়া হৈছে।

  • Share this:
নজিৰবিহীন ঘটনা, ভাৰতীয় ৰে’লৱেত চাকৰি পালে এটি ১০ মহীয়া কন্যা শিশুৱে। ভাৰতীয় ইতিহাসত এনে ঘটনা এয়াই প্ৰথম। জনা গৈছে, ছত্তীশগড়ত এক দুৰ্ঘটনাত পিতৃ–মাতৃক হেৰুৱাইছিল শিশুটিয়ে। পিতৃ আছিল ৰে’লৰ কৰ্মচাৰী। সেয়ে ‘সহানুভূতিশীল নিযুক্তি’ হিচাপে পিতৃৰ মৃত্যুৰ পিছত শিশুটিক চাকৰি দিলে ৰে’ল বিভাগে। ১৮ বছৰ বয়স হ’লে চাকৰিত যোগদান কৰিব পাৰিব শিশুটিয়ে।

৪ জুলাইত দক্ষিণ পূব মধ্য ৰে’লৱেৰ ৰায়পুৰ ৰে’লৱে ডিভিজনৰ পাৰ্ছনেল ডিপাৰ্টমেণ্টত শিশুটিক চাকৰি দিয়া হৈছে। ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া সম্পন্ন হৈছে। লোৱা হৈছে শিশুটিৰ আঙুলিৰ চাপো।

SECR সূত্ৰে জনোৱা হৈছে, শিশুটিৰ পিতৃ ৰাজেন্দ্ৰ কুমাৰ ভিলাই ৰে’লৱেৰ য়াৰ্ডত এছিষ্টেণ্ট পদত কাম কৰিছিল। ১ জুনত পথ দুৰ্ঘটনাত মৃত্যু হয় শিশুটিৰ পিতৃ–মাতৃৰ, জীৱন ৰক্ষা পৰে কণমানিজনীৰ। ভৱিষ্যতৰ কথা ভাৱিয়ে ৰে’ল বিভাগৰ ফালৰ পৰা শিশুটিক চাকৰি দিয়া হয়।
Published by:Sanjay Kumar Das
First published: