মুখ্যপৃষ্ঠা »খবৰ »দেশ »আপুনি জানেনে কিমান সময়লৈকে ৰে’লৰ সাধাৰণ টিকটৰ বৈধতা থাকে? নাজানে যদি জানো আহক

আপুনি জানেনে কিমান সময়লৈকে ৰে’লৰ সাধাৰণ টিকটৰ বৈধতা থাকে? নাজানে যদি জানো আহক

সাধাৰণ টিকট কিনাৰ পিছত কোনো লোকে কেৱল কেইঘণ্টামানৰ বাবে ৰে’লত ভ্ৰমণ কৰিব পাৰে।

সাধাৰণ টিকট কিনাৰ পিছত কোনো লোকে কেৱল কেইঘণ্টামানৰ বাবে ৰে’লত ভ্ৰমণ কৰিব পাৰে।

সাধাৰণ টিকট কিনাৰ পিছত কোনো লোকে কেৱল কেইঘণ্টামানৰ বাবে ৰে’লত ভ্ৰমণ কৰিব পাৰে।

  • Share this:
ভাৰতীয় ৰে’লৱেই বহু প্ৰকাৰৰ ৰে’ল যেনে পেচেঞ্জাৰ, মেইল, মেইল এক্সপ্ৰেছ, এক্সপ্ৰেছ আৰু চুপাৰফাষ্ট পৰিচালনা কৰে। প্ৰায় প্ৰতিখন ৰে’লত সাধাৰণ ডবা (GENERAL COMPARTMENT) থাকে য’ত ভ্ৰমণ কৰিবলৈ সাধাৰণ টিকট ( GENERAL TICKET) ল’ব লাগে যি আটাইতকৈ কম মূল্যৰ টিকট। এইকাৰণেই মানুহে কম দূৰত্বৰ ভ্ৰমণৰ বাবে সাধাৰণ ডবাত ভ্ৰমণ কৰে। ইয়াত এটা সচৰাচৰ প্ৰশ্ন হ'ল সাধাৰণ টিকট কিনাৰ পিছত আপুনি কিমান সময়লৈকে ৰে’ল ধৰিব পাৰে। বহুলোকে বিশ্বাস কৰে যে সাধাৰণ টিকট ক্ৰয় কৰি এজনে গোটেই দিনটো যিকোনো ৰে’লত উঠিব পাৰে। কিন্তু, এইটো এটা ভুল ধাৰণা কিয়নো সাধাৰণ টিকট কিনাৰ পিছত কোনো লোকে কেৱল কেইঘণ্টামানৰ বাবে ৰে’লত ভ্ৰমণ কৰিব পাৰে। যদি আপুনি সেই সময় প্লেটফৰ্মত কটায়, তেন্তে সেই টিকটটো বৈধ নহ’ব।

ভাৰতীয় ৰে’লৱেৰ নিয়ম অনুসৰি, যদি আপুনি ১৯৯ কিলোমিটাৰ পৰ্যন্ত ভ্ৰমণ কৰিব লগা হয়, তেন্তে সাধাৰণ টিকট কিনাৰ ৩ ঘণ্টাৰ ভিতৰত ৰে’লখন ধৰিব লাগিব। একে সময়তে, ২০০ কিলোমিটাৰ বা অধিক দূৰত্বৰ বাবে সাধাৰণ টিকট ৩ দিন পূৰ্বে ল’ব পাৰি। ১৯৯ কিলোমিটাৰতকৈ কম যাত্ৰাৰ বাবে টিকট ল’লে, এজন যাত্ৰীয়ে যিখন ঠাইলৈ যাব সেই ষ্টেচনলৈ যোৱা প্ৰথম ৰে’লখনৰ প্ৰস্থানলৈকে বা টিকট কিনাৰ ৩ ঘণ্টা সময়লৈ যাত্ৰা আৰম্ভ কৰিব লাগে।

জৰিমনা-

উল্লেখ্য যে, ৰে’লৱেই সাধাৰণ টিকটৰ সময়সীমা ২০১৬ চনত নিৰ্ধাৰণ কৰিছিল। যদি এজন যাত্ৰীয়ে ১৯৯ কিলোমিটাৰ পৰ্যন্ত যাত্ৰাৰ বাবে টিকট ক্ৰয় কৰাৰ তিনি ঘণ্টা পিছত ভ্ৰমণ কৰা দেখা যায়, তেনেহ’লে ইয়াক টিকটবিহীন বুলি গণ্য কৰা হয় আৰু তেওঁৰ ওপৰত জৰিমনা বিহা হয়। মন কৰিবলগীয়া যে, যদি আপুনি ৩ ঘণ্টাৰ ভিতৰত যাত্ৰা আৰম্ভ নকৰে, আপুনি টিকট বাতিল কৰিব নোৱাৰে বা আন কোনো ৰে’লৰ দ্বাৰাও ভ্ৰমণ কৰিব নোৱাৰে।

এই সময়সীমা কিয় নিৰ্ধাৰণ কৰিব লগা হৈছে?

ৰে’লৱেই অসংৰক্ষিত টিকটত গোটেই দিনটো ভ্ৰমণ কৰাৰ কৌশল প্ৰতিহত কৰিবলৈ যাত্ৰা আৰম্ভ কৰাৰ সময়সীমা নিৰ্ধাৰণ কৰিছে। এই সময় নিৰ্ধাৰণ কৰাৰ পূৰ্বে, সাধাৰণ টিকটত ভ্ৰমণৰ কোনো সময় সীমাবদ্ধতাৰ নিয়মৰ নথকাৰ বাবে টিকটৰ অপব্যৱহাৰ কৰা হৈছিল। জানিব পৰা মতে, দিল্লী আৰু ইয়াৰ চাৰিওফালৰ অঞ্চলত এটা দলে ইয়াৰ অপব্যৱহাৰ কৰি আহিছিল। যাত্ৰা সম্পূৰ্ণ হোৱাৰ লগে লগে, দলটোৰ সদস্যসকলে যাত্ৰীসকলৰ পৰা টিকট লৈ সেই টিকটসমূহ আন যাত্ৰীসকলক কম দামত বিক্ৰী কৰিছিল। এইটোৱে ৰে’লৱেৰ যথেষ্ট অৰ্থনৈতিক ক্ষতি ৰক্ষা কৰিছিল।

শেহতীয়া বাতৰি