অৰুণ জেটলীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে দেশৰ বহু আগশাৰীৰ ৰাজনীতিবিদে

শনিবাৰে দুপৰীয়া ১২.০৭ বজাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলীয়ে

News18-Assam
Updated:August 24, 2019, 1:24 PM IST
অৰুণ জেটলীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে দেশৰ বহু আগশাৰীৰ ৰাজনীতিবিদে
শনিবাৰে দুপৰীয়া ১২.০৭ বজাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলীয়ে
News18-Assam
Updated: August 24, 2019, 1:24 PM IST
দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা মোদী চৰকাৰৰ প্ৰথমতো কাৰ্যকালৰ বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে অৱশেষত হাৰ মানিলে নিয়তিৰ ওচৰত। দীৰ্ঘদিন ধৰি বিভিন্ন স্বাস্থ্যজনীত সমস্যাত ভুগি থকা অৰুণ জেটলীক কেইদিনমান পূৰ্বে সংকটজনক অৱস্থাত এইমছত ভৰ্তি কৰোৱা হৈছিল যদিও অৱশেষত মৃত্যুক আকোৱালি লয় বিজেপি দলৰ বৰ্ষীয়ান ৰাজনীতিবিদগৰাকীয়ে।



বাজপেয়ী চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী তথা মোদী চৰকাৰৰ প্ৰথমটো কাৰ্যকালৰ বিত্ত মন্ত্ৰী অৰুণ জেটলীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।



কংগ্ৰেছী সাংসদ শশী থৰুৰেও গভীৰ শোক প্ৰকাশ কৰে দেশৰ বৰ্ষীয়ান ৰাজনীতিবিদগৰাকীৰ মৃত্যুত।



অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো গভীৰ শোক প্ৰকাশ কৰে অৰুণ জেটলীৰ মৃত্যুত।

অৰুণ জেটলীৰ দেহাৱসানৰ খবৰ পাই দিনটোৰ সকলো চৰকাৰী কাৰ্যসূচী বাতিল কৰিছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অমিত শ্বাহে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি