• Home
  • »
  • News
  • »
  • nation
  • »
  • কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজত নামিছে ভাৰতীয় পেৰা কামাণ্ডো, ৯ দিনতেই কেইবাটাও সফল অভিযান

কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজত নামিছে ভাৰতীয় পেৰা কামাণ্ডো, ৯ দিনতেই কেইবাটাও সফল অভিযান

লস্কৰ-ই-তৈবাৰ নেতা ওমৰ মোস্তাকসহ ১৩জন সন্ত্ৰাসবাদীক নিধন কৰিলে ভাৰতীয় সেনাই

লস্কৰ-ই-তৈবাৰ নেতা ওমৰ মোস্তাকসহ ১৩জন সন্ত্ৰাসবাদীক নিধন কৰিলে ভাৰতীয় সেনাই

লস্কৰ-ই-তৈবাৰ নেতা ওমৰ মোস্তাকসহ ১৩জন সন্ত্ৰাসবাদীক নিধন কৰিলে ভাৰতীয় সেনাই

  • Share this:

জম্মু-কাশ্মীৰত সেনাৰ তীব্ৰ অভিযানত দিক-বিদিক হেৰুৱাইছে পাকিস্তানৰ মদতপুষ্ট সন্ত্ৰাসবাদী সংগঠনে। শেহতীয়াকৈ  কাশ্মীৰত অশান্তি বিয়পাবলৈ সন্ত্ৰাসবাদীয়ে ব্যাপক কূটাঘাতমূলক কাৰ্যকলাপ সংঘটিত কৰিছিল। সেনা-আৰক্ষীৰ লগতে নিৰীহ লোককো গুলীয়াই হত্যা কৰিছিল লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদীয়ে। ইয়াৰ পিছতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ অভিযান চলাইছে সেনাই।


সন্ত্ৰাসবাদীক সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ বাবে ভাৰতীয় সেনাৰ পেৰা কামাণ্ডোক নিয়োগ কৰিছে প্ৰতিৰক্ষা বিভাগে। যিকোনো পৰিস্থিতিতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজাত অভিজ্ঞ পেৰাকামাণ্ডোৰ জোৱানসকলে পুলৱামা আৰু পুঞ্চ অঞ্চলৰ ঘন জংঘলত দিনে-নিশাই চলাইছে অভিযান। অভিযানত ব্যৱহাৰ কৰা হৈছে স্নিফাৰ ডগ আৰু হেলিকপ্টাৰ।


পেৰা কামাণ্ডোৰ লগতে সেনাৰ ৰাষ্ট্ৰীয় ৰাইফলছৰ জোৱানসকলেও এই অভিযানত অংশ লৈছে। বিগত ৯দিন ধৰি চলা এই অভিযানত নিহত হৈছে লস্কৰ-ই-তৈবাৰ নেতা তথা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী ওমৰ মোস্তাকসহ ১৩ উগ্ৰপন্থী। উদ্ধাৰ কৰা হৈছে এ কে ছিৰিজৰ ৰাইফলসহ বহু অস্ত্ৰ-শস্ত্ৰ।


লস্কৰ-ই-তৈবাৰ নেতা ওমৰ মোস্তাকে পুলৱামাৰ পাম্প'ড়ত এটা ঘৰত এজন সতীৰ্থসহ আত্মগোপন কৰি আছিল। আজি সেনাৰ জোৱানসকলে সেই ঘৰটো ঘেৰি ধৰি ওমৰ মোস্তাকক আত্মসমৰ্পণ কৰাৰ নিৰ্দেশ দিয়ে যদিও সন্ত্ৰাসবাদীকেইটাই ওলোটাই আক্ৰমণ কৰাত সেনাই বোমাৰে সমগ্ৰ ঘৰটো উৰুৱাই দিয়ে।


ফলত ওমৰ মোস্তাক আৰু আন এটা সন্ত্ৰাসবাদী থিতাতে নিহত হৈছে। এইদৰে এতিয়া জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ চাফাই অভিযান পূৰ্ণগতিত চলাইছে ভাৰতীয় সেনাৰ জোৱানসকলে।

Published by:Gautam Barman
First published: