• Home
  • »
  • News
  • »
  • nation
  • »
  • ঘৰটো এক মিটাৰ আতৰাই নিয়ক, অন্যথা জৰিমনা ভৰিব লাগিব ১ কোটি ৬০ লাখ টকা। ক'ত ঘটিছে এই ঘটনা?

ঘৰটো এক মিটাৰ আতৰাই নিয়ক, অন্যথা জৰিমনা ভৰিব লাগিব ১ কোটি ৬০ লাখ টকা। ক'ত ঘটিছে এই ঘটনা?

representative image

representative image

এই ঘটনা সংঘটিত হৈছে নিউজীলেণ্ডৰ অকলেণ্ডত। ভাৰতীয় মূলৰ দীপক লালৰ সৈতে ঘটিছে এই ঘটনা।

  • Share this:
ঘৰ নিৰ্মাণ কৰোতে সাৱধান হোৱাটো ভাল। নহ'লে কেতিয়াবা আপোনাৰ সেই সপোনৰ ঘৰটোৱেই হৈ পৰিব পাৰে দুঃস্বপ্নৰ কাৰণ। এনে এক ঘটনা ঘটিছে দীপক লাল নামৰ এজন লোকৰ সৈতে। দীপক লালৰ ঘৰটো এক মিটাৰ আতৰলৈ উঠাই নিয়াৰ নিৰ্দেশ দিছে চুবুৰীয়াই, নিনিলে ভৰিব লাগিব ১ কোটি ৬০ লাখ টকা জৰমনা।

ভাৰতত নহয়, এই ঘটনা সংঘটিত হৈছে নিউজীলেণ্ডৰ অকলেণ্ডত। ভাৰতীয় মূলৰ দীপক লালৰ সৈতে ঘটিছে এই ঘটনা।

দীপক লালে ভুল স্থানত ঘৰ নিৰ্মাণ কৰাৰ অভিযোগ কৰি আদালতত গোচৰ তৰিছিল চুবুৰীয়াই। আচলতে বীল্ডাৰৰ ভুলৰ বাবে চুবুৰীয়াৰ ঠিক সীমাতেই নিৰ্মাণ হৈছিল দীপক লালৰ ঘৰটো। দীপক লালৰ মাটিৰ সীমাৰ পৰা চুবুৰীয়াৰ মাটিৰ এক মিটাৰ ভিতৰত নিৰ্মাণ কৰিছিল দীপক লালৰ ঘৰটো। পৰিণতিত চুবুৰীয়াই গোচৰ তৰি তেওঁৰ ঘৰটো এক মিটাৰ আতৰলৈ উঠাই নিয়াৰ বাবে নিৰ্দেশ দিছে অথবা ক্ষতিপূৰণ হিচাপে ১ কোটি ৬০ লাখ টকা বিচাৰিছে।

এই ঘটনা এক দুঃস্বপ্নৰ দৰেই খেদি ফুৰিছে দীপক লালক। তেওঁ কয় যে সকলোধৰণৰ অনুমতি আৰু জৰীপৰ পিছতেহে তেওঁ ঘৰটো নিৰ্মাণ কৰিছিল কৰিছিল। তেওঁৰ অধিবক্তাই জনোৱা মতে ডিজাইনৰ সময়তে হৈছিল ভুলটো।
Published by:Manjumoni Borah
First published: