ভোগালী বিহুৰ প্ৰাক ক্ষণত ভাল খবৰ! বুক কৰাৰ দিনাই পাব এলপিজি চিলিণ্ডাৰ, জানক কেনেকৈ

এই আঁচনিৰ প্ৰাৰম্ভিক কাম-কাজ ইতিমধ্যে আৰম্ভ হৈছে। অহা ফেব্ৰুৱাৰী মাহত ১ তাৰিখৰ পৰা গ্ৰাহকে লাভ কৰিব পাৰে এই সেৱা।
এই আঁচনিৰ প্ৰাৰম্ভিক কাম-কাজ ইতিমধ্যে আৰম্ভ হৈছে। অহা ফেব্ৰুৱাৰী মাহত ১ তাৰিখৰ পৰা গ্ৰাহকে লাভ কৰিব পাৰে এই সেৱা।
- News18 Assam
- Last Updated: January 13, 2021, 9:17 AM IST
‘প্ৰতিখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলে কমেও এখন জিলা বা চহৰ বাছনি কৰিব লাগিব। য’ত চিংগল বটল চিলিণ্ডাৰৰ লাভ কৰিবলৈ তত্কাল এল পি জি সেৱা আৰম্ভ কৰিব পৰা যাব। এই আঁচনিৰ অধীনত যাতে আমি গেছ চিলিণ্ডাৰ বুকিং কৰাৰ মাত্ৰ ৩০,৪০ মিনিটৰ ভিতৰত গ্ৰাহকক এল পি জি চিলিণ্ডাৰ যোগান ধৰিব পাৰো। এই ক্ষেত্ৰত বৰ্তমান পৰিকল্পনা চলি আছে।- ইণ্ডিয়ান অইলৰ এক উচ্চ স্তৰীয় সূত্ৰই এই বিষয়ে জানিবলৈ দিয়ে।
জানিব পৰা মতে, এই আঁচনিৰ প্ৰাৰম্ভিক কাম-কাজ ইতিমধ্যে আৰম্ভ হৈছে। অহা ফেব্ৰুৱাৰী মাহত ১ তাৰিখৰ পৰা গ্ৰাহকে লাভ কৰিব পাৰে এই সেৱা। এই তত্কাল স্কীমৰ সুবিধা ডেলিভাৰী নেটৱৰ্কৰ ডিলাৰ সমূহেও লাভ কৰি পাৰিব।