• Home
  • »
  • News
  • »
  • nation
  • »
  • গুজৰাটৰ পোৰবন্দৰত ভাৰতীয় নৌ-সেনাই জব্দ কৰিলে ১০০০ কোটি টকা মূল্যৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ

গুজৰাটৰ পোৰবন্দৰত ভাৰতীয় নৌ-সেনাই জব্দ কৰিলে ১০০০ কোটি টকা মূল্যৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ

গুজৰাটৰ পোৰবন্দৰৰ সমীপত এখন নাওঁৰ পৰা ভাৰতীয় নৌসেনাই জব্দ কৰিবলৈ সক্ষম হৈছে প্ৰায় ২০০ কেজি ড্ৰাগছ।

গুজৰাটৰ পোৰবন্দৰৰ সমীপত এখন নাওঁৰ পৰা ভাৰতীয় নৌসেনাই জব্দ কৰিবলৈ সক্ষম হৈছে প্ৰায় ২০০ কেজি ড্ৰাগছ।

ড্ৰাগছ্ কঢ়িয়াই অনা নাওখনৰ বিষয়ে চোৰাংচোৱাৰ তথ্যৰ ওপৰত ভিত্তি কৰি নৌসেনাই জব্দ কৰিবলৈ সক্ষম হয়।

  • Share this:
গুজৰাটৰ পোৰবন্দৰৰ সমীপত এখন নাওঁৰ পৰা ভাৰতীয় নৌসেনাই জব্দ কৰিবলৈ সক্ষম হৈছে প্ৰায় ২০০ কেজি ড্ৰাগছ। লগতে আটক কৰিছে ইৰাণ আৰু পাকিস্তানৰ দুজনকৈ চাৰিজন ব্যক্তি। শেহতীয়াকৈ জব্দ কৰা এই অবৈধ সৰবৰাহ সমূহৰ ভিতৰত অন্যতম।




ড্ৰাগছ্ কঢ়িয়াই অনা নাওখনৰ বিষয়ে চোৰাংচোৱাৰ তথ্যৰ ওপৰত ভিত্তি কৰি নৌসেনাই জব্দ কৰিবলৈ সক্ষম হয়। যেতিয়া নৌসেনাৰ বিষয়াসকলে নাওখনক বাধা দিয়ে তেতিয়া তেওঁলোকে বৃহৎ পৰিমাণৰ ড্ৰাগছ পোৱাত আচৰিত হয়। নাওখনত মুঠ চাৰিজন, দুজন ইৰাণী আৰু দুজন পাকিস্তানী লোককো আটক কৰে।



একে সময়তে আন এটা গোচৰত নৌসেনা আৰু এনচিবিৰ যৌথ অভিযানত জব্দ কৰা হৈছে ৬ কোটি টকা মূল্যৰ ড্ৰাগছ। জামনগৰৰ প’ছ এলেকাত জব্দ কৰা হৈছে। এই গোচৰত আৰক্ষীয়ে তিনিজনতকৈ অধিক ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিছে।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি