• Home
  • »
  • News
  • »
  • nation
  • »
  • অধিক শক্তিশালী হ'ল ভাৰতৰ নৌ-সেনা ! শত্ৰুৰ পাৰমাণৱিক ক্ষেপণাস্ত্ৰ আৰু অস্ত্ৰ-শস্ত্ৰ অনুসৰণ কৰা ভাৰতৰ প্ৰথম যুদ্ধজাহাজ সাজু...

অধিক শক্তিশালী হ'ল ভাৰতৰ নৌ-সেনা ! শত্ৰুৰ পাৰমাণৱিক ক্ষেপণাস্ত্ৰ আৰু অস্ত্ৰ-শস্ত্ৰ অনুসৰণ কৰা ভাৰতৰ প্ৰথম যুদ্ধজাহাজ সাজু...

সাগৰত শত্ৰুৰ পাৰমাণৱিক ক্ষেপণাস্ত্ৰ আৰু অস্ত্ৰ-শস্ত্ৰ ৰক্ষা কৰা ভাৰতৰ প্ৰথম খন যুদ্ধজাহাজ সাজু হৈছে। ১০ ছেপ্টেম্বৰত, ধ্ৰুৱ নামৰ জাহাজখনে ফ্লীট অফ ষ্ট্ৰেটেজিক ফৰ্চ কমাণ্ড (SFC)ত যোগদান কৰিব। জাহাজখনে উপগ্ৰহ বিৰোধী মিছাইলবোৰো অনুসৰণ কৰিব পাৰে বুলি জানিব পৰা গৈছে।

  • Share this:
সাগৰত শত্ৰুৰ পাৰমাণৱিক ক্ষেপণাস্ত্ৰ আৰু অস্ত্ৰ-শস্ত্ৰ ৰক্ষা কৰা ভাৰতৰ প্ৰথম খন যুদ্ধজাহাজ সাজু হৈছে। ১০ ছেপ্টেম্বৰত, ধ্ৰুৱ নামৰ জাহাজখনে ফ্লীট অফ ষ্ট্ৰেটেজিক ফৰ্চ কমাণ্ড (SFC)ত যোগদান কৰিব। জাহাজখনে উপগ্ৰহ বিৰোধী মিছাইলবোৰো অনুসৰণ কৰিব পাৰে বুলি জানিব পৰা গৈছে। SFC কমাণ্ডৰ সৈতে জড়িত থকাৰ অংশ হিচাপে যুদ্ধজাহাজখনৰ বিষয়ে কোনো আনুষ্ঠানিক তথ্য ৰাজহুৱা কৰা হোৱা নাই, কিন্তু খবৰ অনুসৰি, আইএনএছ ধ্ৰুৱ জাহাজখনৰ যাত্ৰা অহা ১০ ছেপ্টেম্বৰত বিশাখাপত্তনমৰ পৰা আৰম্ভ কৰা হ'ব।

এই অনুষ্ঠানত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু নৌসেনা প্ৰধান এডমিৰেল কৰমবীৰ সিঙো উপস্থিত থকাৰ সম্ভাৱনা আছে। ধ্ৰুৱ জাহাজখন হিন্দুস্তান ছিপইয়ৰ্ড লিমিটেড (ISL), বিশাখাপত্তনমৰ দ্বাৰা প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO) আৰু NTROৰ (ৰাষ্ট্ৰীয় প্ৰযুক্তি গৱেষণা সংস্থা) সহায়ত বিকশিত কৰা হৈছে।

তথ্য অনুসৰি, এনে যুদ্ধজাহাজ এতিয়াও আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, চীন আৰু ফ্ৰান্সৰ দৰে শক্তিধৰ দেশৰ নৌ-সেনাত আছে। জাহাজখনে শত্ৰু দেশৰ পাৰমাণৱিক ক্ষেপণাস্ত্ৰ পৰীক্ষা আৰু সাগৰত আক্ৰমণৰ বিষয়ে আগতীয়াকৈ তথ্য প্ৰদান কৰিব পাৰে। ইয়াৰ উপৰিও, এই বিশেষ যুদ্ধজাহাজবোৰে মহাকাশৰ 'লো আৰ্থ অৰ্বিট'ত কৰা এণ্টি-চেটেলাইট (AST) মিছাইল পৰীক্ষা আৰু আক্ৰমণৰ বিষয়ে সময়মতে তথ্য প্ৰদান কৰিব পাৰে।

জানিব পৰা মতে, ভাৰতে যোৱা কেইবা বছৰ ধৰি এনে যুদ্ধজাহাজ নিৰ্মাণৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছিল, কিন্তু এক উচ্চ শ্ৰেণীবদ্ধ প্ৰকল্প হোৱাৰ লগতে দেশৰ সুৰক্ষাৰ স্বাৰ্থত, ইয়াৰ বিষয়ে বহু তথ্য সংগোপনে ৰাখিছিল। পিচে এই বছৰৰ আৰম্ভণিতে, যেতিয়া জাহাজখনৰ সাগৰীয় পৰীক্ষণ আৰম্ভ হৈছিল, সমগ্ৰ বিশ্বই ভাৰতৰ বিশেষ গৱেষণাৰ বিষয়ে জানিব পাৰিছিল। যুদ্ধজাহাজখন বিশেষ আয়াচা ৰাডাৰ ডম-এণ্টেনা আৰু উন্নত ইলেক্ট্ৰনিক্স প্ৰণালীৰে সজ্জিত।

সূত্ৰ অনুসৰি, ই এক পাৰমাণৱিক অস্ত্ৰৰ যুদ্ধজাহাজ আৰু এছ.এফ.চি. কমাণ্ডৰ অধীনত থাকিব। এছ.এফ.চি. হৈছে দেশৰ এক কাৰ্যকৰী কমাণ্ড য'ত সেনা, বায়ু সেনা আৰু নৌ সেনা ৰ সামৰিক বিষয়া নিয়োগ কৰা হৈছে। অত্যন্ত গোপনীয় এই  কমাণ্ডটোৱে পোনপটীয়াকৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ (PMO) অধীনত কাম কৰে। এই কামাণ্ড দেশৰ সকলো পাৰমাণৱিক অস্ত্ৰৰ বাবে দায়বদ্ধ।
Published by:Kokil Sarma
First published: