ৰিক্কালা আৰু তেওঁৰ পত্নী পদ্মাই কৃষকৰ কাম কৰে আৰু ধানখেতিৰ পৰা বছৰি উপাৰ্জন কৰে প্ৰায় ৩ লাখ টকা।
ৰিক্কালা আৰু তেওঁৰ পত্নী পদ্মাই কৃষকৰ কাম কৰে আৰু ধানখেতিৰ পৰা বছৰি উপাৰ্জন কৰে প্ৰায় ৩ লাখ টকা।
ডুবাইত চাকৰি বিচাৰি ব্যৰ্থ হৈ ঘৰলৈ উভতি অহা এজন কৃষকে লটাৰীত লাভ কৰিলে ৪০ লাখ ডলাৰ (২৭.৮৬ কোটি টকা)। পত্নীৰ পৰা ২০ হাজাৰ টকা ধাৰলৈ লৈ লটাৰীৰ টিকট কিনিছিল কৃষকজনে।
দ্য গ’ল্ফ নিউজৰ ৰিপ’ৰ্ট অনুসৰি, বৰ্তমান হায়দৰাবাদত থকা বিলাস ৰিক্কালাই লটাৰীত লাভ কৰিছে প্ৰায় ২৭.৮৬ কোটি টকাৰ পুৰস্কাৰ। নিজামাবাদ জিলাৰ জাকৰনপল্লী গাঁৱৰ বাসিন্দা ৰিক্কালাই ডুবাইত চাকৰি নাপাই ৪৫ দিন পূৰ্বে উভতি আহিছিল ঘৰলৈ। শনিবাৰে লটাৰীত লাভ কৰা পুৰস্কাৰৰ বিষয়ে জানিব পাৰে ৰিক্কালাই।
সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, ৰিক্কালা আৰু তেওঁৰ পত্নী পদ্মাই কৃষকৰ কাম কৰে আৰু ধানখেতিৰ পৰা বছৰি উপাৰ্জন কৰে প্ৰায় ৩ লাখ টকা। দুই কন্যা সন্তানৰ পিতৃ ৰিক্কালাই ইয়াৰ পূৰ্বে দুবছৰ ডুবাইত থাকি গাড়ী চালকৰ কাম কৰিছিল। এই চাকৰি এৰাৰ পিছত আন চাকৰি পোৱা নাছিল ৰিক্কালাই।
এই দুবছৰত তেওঁ ইউ এ ইত বহু লটাৰীৰ টিকট ক্ৰয় কৰিছিল। চাকৰি এৰাৰ পিছত তেওঁ পত্নীৰ পৰা ২০ হাজাৰ টকা ধাৰলৈ লৈ আবুধাবিত কাম কৰা বন্ধু ৰবিক দিছিল। ৰবিয়ে এই টকাখিনিৰে ৰিক্কালাৰ নামত তিনিখন লটাৰীৰ টিকট কিনিছিল, যিয়ে তেওঁৰ ভাগ্য সলনি কৰি দিলে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|