• Home
  • »
  • News
  • »
  • nation
  • »
  • অকালতে হেৰাই গ'ল এটি প্ৰতিভা! হৃদৰোগত আক্ৰান্ত হৈ ভাৰতীয় যুৱ ক্ৰিকেটাৰৰ মৃত্যু

অকালতে হেৰাই গ'ল এটি প্ৰতিভা! হৃদৰোগত আক্ৰান্ত হৈ ভাৰতীয় যুৱ ক্ৰিকেটাৰৰ মৃত্যু

ভাৰতীয় ক্ৰিকেট জগতত শোকৰ ছাঁ

ভাৰতীয় ক্ৰিকেট জগতত শোকৰ ছাঁ

ভাৰতীয় ক্ৰিকেট জগতত শোকৰ ছাঁ

  • Share this:
ভাৰতৰ যুৱ ক্ৰিকেটাৰ অভি বাৰোটে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ২৯ বছৰ। অভি বাৰোটে সৌৰাষ্ট্ৰৰ হৈ ক্ৰিকেট খেলিছিল। তেওঁৰ মৃত্যুৰ খবৰ সৌৰাষ্ট্ৰ ক্ৰিকেট সংস্থাই দিছে। ভাৰতৰ অনুৰ্ধ্ব-১৯ দলৰ প্ৰাক্তন অধিনায়ক অভি বাৰোট ২০১৯-২০ বৰ্ষত ৰঞ্জী ট্ৰফীৰ খিতাপ জয় কৰা সৌৰাষ্ট্ৰৰ বিজয়ী দলৰো এগৰাকী সদস্য আছিল। তেওঁ চলিত বছৰৰ জানুৱাৰীত খেলা ছৈয়দ মুস্তাক আলী ট্ৰফীতো সৌৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰিছিল।

সৌৰাষ্ট্ৰ ক্ৰিকেট সংস্থাই জনাইছে যে, হাৰিয়ানা আৰু গুজৰাটৰ হৈ ক্ৰিকেট খেলা আভি বাৰোট আৰু নাই। শুকুৰবাৰে হৃদৰোগত আক্ৰান্ত হৈ তেওঁ মৃত্যুক সাৱটি লৈছে। সৌৰাষ্ট্ৰ ক্ৰিকেট সংস্থাই অভি বাৰোটৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। অভি এগৰাকী সুন্দৰ ক্ৰিকেটাৰ আছিল আৰু তেওঁৰ প্ৰস্থানে দেশৰ ক্ৰিকেট জগতত এক বৃহৎ ক্ষতি কৰিলে।

১৯অনুৰ্ধ ভাৰতীয় ক্ৰিকেট দলক নেতৃত্ব দিছিল অভিয়ে: 

অভি বাৰোট এগৰাকী সুদক্ষ সোঁহতীয়া বেটছমেন আৰু উইকেটকীপাৰ আছিল। তেওঁ অফ-ব্ৰেক বলিঙো কৰিছিল। তেওঁ কেৰিয়াৰত ৩৮ খন প্ৰথম শ্ৰেণীৰ মেচ, ৩৮ খন লিষ্ট এ মেচ আৰু ২০ খন ঘৰুৱা টি-২০ মেচ খেলিছিল। তেওঁ  প্ৰথম শ্ৰেণীৰ কেৰিয়াৰত ১৫৪৭ ৰাণ সংগ্ৰহ কৰিছিল। আনহাতে লিষ্ট এ-য়ে খেলত ১০৩০ ৰাণ আৰু ঘৰুৱা টি-২০ত ৭১৭ ৰাণ সংগ্ৰহ কৰিছিল। ২০১৯-২০ বৰ্ষত বেংগলক পৰাস্ত কৰি ৰঞ্জী ট্ৰফীৰ খিতাপ অৰ্জন কৰাৰ সময়ত অভি বাৰোট সৌৰাষ্ট্ৰৰ অংশ আছিল। সৌৰাষ্ট্ৰৰ হৈ তেওঁ ২১ খন ৰঞ্জী ট্ৰফী মেচ, ১৭ খন লিষ্ট এ মেচ আৰু ১১ খন ঘৰুৱা টি-২০ মেচ খেলিছিল। তেঁও ২০১১ চনত ১৯অনুৰ্ধ ভাৰতীয় দলৰ অধিনায়কৰ দায়িত্বটো আছিল।

মাত্ৰ ৫৩টা বলতে ১২২ ৰাণৰ দুৰ্দান্ত ইনিংছ খেলিছিল অভিয়েঃ

হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱতি লোৱা অভি বাৰোট আছিল এগৰাকী দুৰ্দান্ত বেটছমেন। এই বছৰৰে জানুৱাৰী মাহত গোৱাৰ বিৰুদ্ধে ছৈয়দ মোস্তাক আলী ট্ৰফীৰ এখন টি-২০ খেলত অভিয়ে মাত্ৰ ৫৩টা বলত ১১টা বাউণ্ডেৰী আৰু ৭টা অভাৰ বাউণ্ডেৰীৰে সংগ্ৰহ কৰিছিল ১২২ ৰান। এইগৰাকী প্ৰতিভাৱান খেলুৱৈৰ গমনে ভাৰতীয় ক্ৰিকেটৰ এক বিস্তৰ ক্ষতিসাধন কৰিলে।
Published by:Himangshu Bhuyan
First published: