দিল্লীৰ চীনা দূতাবাসৰ সন্মুখৰ পথৰ নাম দালাই লামাৰ নামেৰে ৰাখক, পৰামৰ্শ প্ৰাক্তন নিৰ্বাচনী আয়ুক্তৰ

News18 Assam | News18-Assam
Updated:July 4, 2020, 4:46 PM IST
দিল্লীৰ চীনা দূতাবাসৰ সন্মুখৰ পথৰ নাম দালাই লামাৰ নামেৰে ৰাখক, পৰামৰ্শ প্ৰাক্তন নিৰ্বাচনী আয়ুক্তৰ

  • Share this:
ভাৰত আৰু চীনৰ সীমান্ত সংঘাতৰ মাজতে যুঁজখন কূটনৈতিক পৰ্যায়ত আগবঢ়াই নিবলৈ এটা অভিনৱ পৰামৰ্শ দিছে প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত ড৹ এচ ওয়াই কুৰেছিয়ে । দিল্লীৰ চীনা দূতাবাসৰ সন্মুখৰ ৰাস্তাটোৰ নাম দালাই লামা পথ ৰাখিবলৈ পৰামৰ্শ দিছে ড৹ কুৰেছিয়ে । তিব্বতৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে তেওঁলোকৰ সৰ্বোচ্চ ধৰ্মীয় আৰু আধ্যাত্মিক গুৰু জনক দালাই লামা উপাধিৰে বিভূষিত কৰে।

১৪তম দালাই লামা টেনজিন গ্যাটচুয়ে চীনে তিব্বতৰ ওপৰত চলোৱা সামৰিক আৰু ৰাজনৈতিক অত্যাচাৰ পাছৰে পৰা যোৱা ৬০ বছৰ ধৰি ভাৰতত আশ্ৰয় লৈ আছে । চীনে তিব্বতক দেশখনৰ অভিন্ন অংশ হিচাপে গণ্য কৰাৰ বিপৰীতে ভাৰতৰ ধৰ্মশালাৰ পৰা পৰিচালিত Tibetan Government-in-exile-এ অঞ্চলটোক স্বাধীন দেশৰ মৰ্যাদা প্ৰদান কৰিছে ।

গতিকে চীন আৰু ভাৰতৰ তিব্বত কেন্দ্ৰিক মতানৈক্যলৈ লক্ষ ৰাখি ড৹ কুৰেছিয়ে তেনে এক চিন্তাৰ খোৰাক প্ৰদান কৰিছে । তেওঁ টুইটটোত লগতে উল্লেখ কৰিছে – পথৰ নাম তেনেধৰণে নামাকৰণ কৰিলে ৫৯ চীনা মোবাইল এপ নিষিদ্ধ কৰাতকৈ বেছি প্ৰতিক্ৰিয়া হ’ব ।

উল্লেখযোগ্য পূৰ্বেও পশ্চিম বংগৰ চিপিএম চৰকাৰে কলিকতাৰ US Consulateৰ সন্মুখৰ পথটোক ভিয়েটনামৰ কমিউনিষ্ট নেতা হো চি মিনৰ নামৰে নামাকৰণ কৰিছিল । মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ভিয়েটনাম আক্ৰমণৰ পৰিপ্ৰেক্ষিতত পশ্চিম বংগ চৰকাৰ এই পদক্ষেপে যথেষ্ট চর্চা লাভ কৰিছিল ।
First published: July 4, 2020, 4:46 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি