ভাৰতত পুনৰ নিষিদ্ধ হ’ল ৪৩টা চীনা এপ, ৫ মাহত চীনা এপৰ ওপৰত চতুৰ্থটো ষ্ট্ৰাইক

News18 Assam | News18-Assam
Updated:November 24, 2020, 8:49 PM IST
ভাৰতত পুনৰ নিষিদ্ধ হ’ল ৪৩টা চীনা এপ, ৫ মাহত চীনা এপৰ ওপৰত চতুৰ্থটো ষ্ট্ৰাইক
এতিয়ালৈকে ভাৰতত ২৬৭টা চীনা এপ নিষিদ্ধ কৰা হৈছে।

এতিয়ালৈকে ভাৰতত ২৬৭টা চীনা এপ নিষিদ্ধ কৰা হৈছে।

  • Share this:

ভাৰত চৰকাৰে দেশত ব্যৱহাৰ হৈ থকা ৪৩টা চাইনীজ ম’বাইল এপ নিষিদ্ধ ঘোষণা কৰিছে। মঙলবাৰে নিষিদ্ধ ঘোষণা কৰা হয় এই এপসমূহ। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এই এপসমূহক ৰাষ্ট্ৰৰ সুৰক্ষাৰ বাবে বিপজ্জনক বুলি কোৱা হৈছে। নিষিদ্ধ এপৰ ভিতৰত আছে আলিবাবাৰ কেইবাটাও এপ। যেনে আলিছাপ্লায়াৰ্ছ, আলিবাবা ৱৰ্কবেঞ্চ, আলিএক্সপ্ৰেছ আৰু আলিপে’ কেছিয়াৰ।



ভাৰত চৰকাৰৰ দ্বাৰা নিষিদ্ধ ঘোষণা কৰাৰ পিছত এই এপসমূহ গুগল প্লে’ষ্টোৰ আৰু এপল প্লে’ষ্টোৰত উপলব্ধ নহ’ব। ইমানেই নহয়, কোনো ব্যৱহাৰকাৰীয়ে এই এপসমূহ বৰ্তমান সময়তো ব্যৱহাৰ কৰি থাকিলেও সেয়া শীঘ্ৰে বন্ধ হৈ পৰিব। ভাৰত চৰকাৰৰ চীনা এপৰ বিৰুদ্ধে এয়া চতুৰ্থটো পদক্ষেপ। এতিয়ালৈকে ভাৰতত ২৬৭টা চীনা এপ নিষিদ্ধ কৰা হৈছে। নতুনকৈ নিষিদ্ধ হোৱা ৪৩টা এপৰ তালিকা চাওক।

Published by: Sanjay Kumar Das
First published: November 24, 2020, 8:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading