২৩ বছৰীয়া আলোচনাৰ অন্তত এইবাৰ নগা বিদ্ৰোহীৰ সৈতে চূড়ান্ত শান্তি চুক্তি কৰিবলৈ আগবাঢ়িছে ভাৰত চৰকাৰ ৷ এই হিচাপত আসন্ন স্বাধীনতা দিৱসৰ দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিব পাৰে বিশেষ ঘোষণা ৷ পিছে অসুস্থ থুইংগালেং মুইভাই কৰিবনে পৃথক পতাকা আৰু সংবিধান অবিহনে ভাৰত চৰকাৰৰে চুক্তি?
দিল্লীৰ মন্ত্ৰণাক্ৰমে এন কিটভি জিমমি নেতৃত্বাধীন সাত বিদ্ৰোহী সংগঠনৰ উমৈহতীয়া মঞ্চ নগা নেচনেল পলিটিকেল গ্ৰুপছ (NNPGs) এতিয়া সম্পূৰ্ণ ৰূপে সাজু ৷ কিন্তু ভাৰত চৰকাৰৰ সৈতে ১৯৯৭ চনৰে পৰা আলোচনাৰ মেজত আছিল থুইংগালেং মুইভা নেতৃত্বাধীন NSCN-IMহে ৷ ২৩ বছৰে ভাৰত চৰকাৰৰ সৈতে শতাধিকবাৰ মধ্যস্থতা কৰিলে ৷ কৰিলে আলোচনা ৷ এতিয়া মুইভা নেতৃত্বাধীন NSCN-IMকে উপেক্ষা কৰিছে ভাৰত চৰকাৰে ৷ সাজু হৈছে চূড়ান্ত চুক্তিৰ বাবে ৷ কিয়নো নগাক পৃথক পতাকা আৰু সংবিধান দিয়া সম্ভৱ নহয় বুলি ইতিমধ্যে জনাই দিছে মধ্যস্থতাকাৰী তথা নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিয়ে ৷
আৰ এন ৰবি তথা ভাৰত চৰকাৰৰ স্থিতিৰ বিপৰীতে পৃথক পতাকা আৰু সংবিধান অবিহনে চুক্তিৰ কৰিবলৈ নাৰাজ মুইভা ৷ সম্প্ৰতি মুইভা নতুন দিল্লীত চিকিৎসাধীন ৷ ইয়াৰ মাজতে চূড়ান্ত চুক্তিৰ বাবে সাজু হোৱা দিল্লীয়ে মুইভাৰ সলনি আন এজন নেতাৰে NSCN-IMৰ হৈ চুক্তি কৰাবলৈ চেষ্টা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷
উল্লেখযোগ্য যে ২০১৫ৰ তিনি আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহত স্বাক্ষৰিত ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ পিছত মুইভাই News18ক কৈছিল- “ভাৰতে পোনপ্ৰথমবাৰৰ বাবে নগাৰ স্বকীয় ঐতিহ্য আৰু মৰ্য্যদাক স্বীকাৰ কৰিছে ৷ এতিয়া ভাৰত আৰু নাগালেণ্ড দুখন সুকীয়া ৰাষ্ট্ৰ৷ দুয়ো নিজা নিজা ৰাষ্ট্ৰৰ মালিক ৷ এই কথা ভাৰতে স্বীকাৰ কৰিছে আৰু লিখিতভাৱে স্বীকাৰ কৰিছে ৷ আমি আমাৰ অঞ্চলত শান্তিপূৰ্ণভাৱে চলিম৷”
এনেদৰেই ঘোষণা কৰিছিল স্বাভিমানী থুইংগালেং মুইভাই ৷ পিছে ভাৰত চৰকাৰৰ মধ্যস্থতাকাৰী এইজন আৰ এন ৰবিয়ে মুইভা আৰু NSCN-IMৰ সকলো অংকত লগালে আউল ৷ সিঁচি দিয়া হ'ল কুটিল ৰাজনীতি ৷ সাতটা বিদ্ৰোহী সংগঠনক লৈ এতিয়া চুক্তি কৰিবলৈ সাজু ৷
ইপিনে NSCN-Kৰ পৰা বিগত ২৮ জুলাইত বিভাজন ঘটাই আঁতৰি অহা নিকি চুমি, ন্যামলাং কন্যাক আৰু ষ্টাৰচনকো শেষত NNPGsতে যোগদান কৰোৱাৰ ব্লুপিন্ট দিল্লীৰ ৷ সেয়া সম্ভৱ হ'ব চুক্তিৰ দুই এদিনৰ পূৰ্বে ৷ NDFB-Sৰ দৰে হঠাত্ আহি নিকি গোটে কৰিব চুক্তি ৷ অৱশ্যে ম্যানমাৰত ৰৈ যাব NSCN-IMৰ এটা গোট ৷ লগতে বহু সংখ্যাক কেম্প হেব্ৰনত থকা নেতা-কেডাৰেও চুক্তিৰ আওতাৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব বুলি সন্দেহ কৰা হৈছে ৷
Published by: Himangshu Bhuyan
FIRST PUBLISHED : August 01, 2020, 07:49 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।