মুখ্যপৃষ্ঠা »খবৰ »দেশ »YouTube Channels Banned: কেন্দ্ৰই নিষিদ্ধ কৰিলে ২২টা ইউটিউব চেনেল, ভুৱা বাতৰি প্ৰচাৰৰ অভিযোগ, আৰু কি কি কৰিছিল এইবোৰে, চাওক সম্পূৰ্ণ তালিকা

YouTube Channels Banned: কেন্দ্ৰই নিষিদ্ধ কৰিলে ২২টা ইউটিউব চেনেল, ভুৱা বাতৰি প্ৰচাৰৰ অভিযোগ, আৰু কি কি কৰিছিল এইবোৰে, চাওক সম্পূৰ্ণ তালিকা

YouTube Channels Banned: এই  YouTube চেনেলবোৰে আনকি টিভি নিউজ চেনেলবোৰৰ এংকৰৰ ফটো ব্যৱহাৰ কৰিও দৰ্শকক বিপথে পৰিচালিত কৰিছিল।

YouTube Channels Banned: এই  YouTube চেনেলবোৰে আনকি টিভি নিউজ চেনেলবোৰৰ এংকৰৰ ফটো ব্যৱহাৰ কৰিও দৰ্শকক বিপথে পৰিচালিত কৰিছিল।

  • Share this:
ভুৱা বাতৰি প্ৰচাৰৰ অভিযোগত কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ কৰিলে ২২টা ইউটিউব চেনেল। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে (Ministry of Information and Broadcasting) ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় ভুল তথ্য প্ৰচাৰৰ বাবে ২২টা ইউটিউব চেনেল (YouTube channels) নিষিদ্ধ কৰিছে। চৰকাৰে এক বিবৃতিত কৈছে যে ২০২১ চনৰ নতুন আইটি নিয়ম (IT Rules of 2021)ৰ অধীনত ভাৰতীয় ইউটিউব চেনেলসমূহ প্ৰথমবাৰৰ বাবে বাধা আৰোপ কৰা হৈছে। পিআইবি (PIB )য়ে লগতে কয় যে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে (I&B Ministry) তিনিটা টুইটাৰ ( Twitter) একাউণ্ট, এটা ফেচবুক (Facebook ) একাউণ্ট আৰু এটা বাতৰি ৱেবছাইটো (news website) নিষিদ্ধ কৰিছে। চৰকাৰে এই ইউটিউব চেনেলবোৰৰ বিৱৰণো প্ৰকাশ কৰিছে যে সেইবোৰ কিয় নিষিদ্ধ কৰা হৈছে। এই চেনেলবোৰে কেনে ধৰণৰ সমল দেখুৱাইছিল তাৰ স্ক্ৰীণশ্বটো শ্বেয়াৰ কৰিছে।

বিবৃতিটোত কোৱা হৈছে যে এই ইউটিউব চেনেলবোৰে দৰ্শকসকলক বিপথে পৰিচালিত কৰিবলৈ একাংশ টিভি নিউজ চেনেলবোৰৰ লোগো আৰু ভুৱা থাম্বনেইলৰ ব্যৱহাৰ কৰি আছিল। এই  YouTube চেনেলবোৰে আনকি টিভি নিউজ চেনেলবোৰৰ এংকৰৰ ফটো ব্যৱহাৰ কৰিও দৰ্শকক বিপথে পৰিচালিত কৰিছিল।

"ব্লক কৰা ইউটিউব চেনেলবোৰৰ মুঠ দৰ্শক সংখ্যা আছিল ২৬০ কোটিৰো অধিক। এই চেনেলবোৰ ভুৱা বাতৰি প্ৰচাৰ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল আৰু ৰাষ্ট্ৰীয় সুৰক্ষা, ভাৰতৰ বৈদেশিক সম্পৰ্ক আৰু ৰাজহুৱা শৃংখলাৰ দৃষ্টিকোণৰ পৰা সংবেদনশীল বিষয়বোৰৰ  ওপৰত সামাজিক মাধ্যমৰ ওপৰত সমন্বিত অপপ্ৰচাৰ কৰা হৈছিল," বুলি বিবৃতিটোত কোৱা হৈছে।

কিছুমান ক্ষেত্ৰত এইটোও দেখা গৈছে যে ভাৰত বিৰোধী ভুৱা বাতৰিৰ বহুখিনি প্ৰণালীবদ্ধভাৱে পাকিস্তানৰ পৰা উদ্ভৱ হৈছিল।

চাওক এই ভুৱা YouTube চেনেলবোৰৰ সম্পূৰ্ণ তালিকা

নিষিদ্ধ কৰা  ভাৰতৰ YouTube চেনেলবোৰ

  • ARP News (Total Views: 4,40,68,652)

  • AOP News (Total Views: 74,04,673)

  • LDC News (4,72,000 subscribers and 6,46,96,730 total views)

  • SarkariBabu (2,44,000 subscribers and 4,40,14,435 total views)

  • SS ZONE Hindi (Total Views:5,28,17,274)

  • Smart News (Total Views: 13,07,34,161)

  • News23Hindi (Total Views: 18,72,35,234)

  • Online Khabar (Total Views: 4,16,00,442)

  • DP news (Total Views: 11,99,224)

  • PKB News (Total Views: 2,97,71,721)

  • KisanTak (Total Views: 36,54,327)

  • Borana News (Total Views: 2,46,53,931)

  • Sarkari News Update (Total Views: 2,05,05,161)

  • Bharat Mausam (2,95,000 subscribers and 7,04,14,480 Total Views)

  • RJ ZONE 6 (Total Views: 12,44,07,625)

  • Exam Report (Total Views: 3,43,72,553)

  • Digi Gurukul (Total Views: 10,95,22,595)

  • दिनभरकीखबरें (Total Views: 23,69,305)


নিষিদ্ধ কৰা পাকিস্তানৰ YouTube channelবোৰ




  • DuniyaMeryAagy (4,28,000 subscribers and 11,29,96,047 total views)

  • Ghulam NabiMadni (Total Views: 37,90,109)

  • HAQEEQAT TV (40,90,000 subscribers and 1,46,84,10,797 Total Views)

  • HAQEEQAT TV 2.0 (3,03,000 subscribers and 37,542,059 total views)

শেহতীয়া বাতৰি