
চন্দ্ৰযান–২ পিছত এতিয়া আকৌ চৰ্চালৈ আহিছে ISRO ৰ চেয়াৰমেন কে সিৱানৰ এটা পুৰণি সাক্ষাৎকাৰ
চন্দ্ৰযান–২ পিছত এতিয়া আকৌ চৰ্চালৈ আহিছে ISRO ৰ চেয়াৰমেন কে সিৱানৰ এটা পুৰণি সাক্ষাৎকাৰ
‘‘ISRO ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ভাষা–ভাষীৰ লোকে একেলগে কাম কৰে আৰু দেশৰ কাৰণে অৱদান আগবঢ়ায়। কিন্তু মই সৌভাগ্যবান যে, সকলোৱে মোক সহযোগিতা কৰিলে।’’
এই মন্তব্য ভাৰতীয় মহাকাশ গৱেষনা সংস্থাৰ মুৰব্বী কে সিৱানৰ। কিন্তু প্ৰতিক্ৰিয়া তেতিয়া হ’ল, যেতিয়া তেখেতক এগৰাকী তামিল হিচাপে তামিলনাডুৰ জনসাধাৰণৰ বাবে কিবা ক’বলৈ কোৱা হ’ল! উত্তৰত কে সিৱানে ক’লে–
‘মই প্ৰথমে এজন ভাৰতীয়, তাৰ পিছতহে তামিল’
সাক্ষাৎকাৰটো আছিল ২০১৮ চনৰ জানুৱাৰী মাহৰ। উল্লেখযোগ্য যে, চন্দ্ৰযান ২ৰ লেণ্ডাৰ ‘বিক্ৰম’ৰ সৈতে সংযোগ বিচ্ছিন্ন হোৱাৰ লগে লগে ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ (ISRO)ৰ আনসকল সতীৰ্থ বিজ্ঞানীৰ সৈতে তেওঁলোকৰ মুৰব্বী ডঃ কে সিৱান অত্যন্ত আৱেগিক হৈ পৰিছিল। নিজকে চম্ভালিবলৈ গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখতে চকুপানী নিগৰিছিল তেওঁৰ। তেওঁক সাহস দিবলৈ গৈ নিজে আৱেগিক হৈ পৰিছিল নৰেন্দ্ৰ মোদী।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|