ক্ৰমাত্ লাডাখ সীমান্তত বৃদ্ধি পাইছে উত্তেজনা। অধিক অৱনতি ঘটিছে ভাৰত-চীনৰ বৈদেশিক সম্পৰ্কৰ। তাৰ মাজতে ভাৰতৰ স্থল, নৌ আৰু বায়ু সেনা বাহিনীক অত্যাধুনিক অস্ত্ৰ ক্ৰয় কৰিবলৈ ভাৰত চৰকাৰে প্ৰদান কৰিছে বিশেষ আৰ্থিক ক্ষমতা। ৫০০ কোটি টকা পৰ্যন্ত ক্ৰয় কৰিব পাৰিব প্ৰয়োজনীয় অস্ত্ৰ। চলি থকা সংঘাত বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিয়েই ভাৰত চৰকাৰে এই সিদ্ধান্ত লৈছে।
সংবাদসংস্থা এই এন আইক চৰকাৰী সূত্ৰই জনাইছে যে, ‘তিনিওটা সেনাবাহিনীৰ ‘ভাইচ চীফ’ক ৫০০ কোটি টকা পৰ্যন্ত অস্ত্ৰ ক্ৰয়ৰ সিদ্ধান্তক অনুমোদন জনোৱাৰ ক্ষমতা প্ৰদান কৰা হৈছে।
উল্লেখযোগ্য যে, পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণৰেখাত চীনাই কৰিছে আগ্ৰাসন। মোতায়েন কৰিছে বৃহত্ সংখ্যক সেনা। চীনক প্ৰত্যাহ্বান জনোৱাৰ উদ্দেশ্যে এতিয়া ভাৰত চৰকাৰে লৈছে এই সিদ্ধান্ত।