বৰফত পিছলিল ভৰি! একেবাৰতে গুলমাৰ্গৰ পৰা পাকিস্তান পালেগৈ ভাৰতীয় সেনা!

News18 Assam | News18-Assam
Updated:January 16, 2020, 5:19 PM IST
বৰফত পিছলিল ভৰি! একেবাৰতে গুলমাৰ্গৰ পৰা পাকিস্তান পালেগৈ ভাৰতীয় সেনা!
এইপৰ্যন্ত সন্ধান নাই তেওঁৰ।

এইপৰ্যন্ত সন্ধান নাই তেওঁৰ।

  • Share this:
ভৰি পিছলিল বৰফত এজন ভাৰতীয় সেনাৰ। ভৰি পিছলাৰ ফলত একেচাটে কাশ্মীৰৰ গুলমাৰ্গৰ পৰা পাকিস্তান পালেগৈ সেনাজন। এই অবাক কৰা কাণ্ডক লৈ এতিয়া প্ৰতিক্ৰিয়া। দায়িত্বপ্ৰাপ্ত হাবিলদাৰ ৰাজেন্দ্ৰ সিং। জানিব পৰা মতে, সীমান্তৱৰ্তী এলেকাত পহৰা দি থাকোতেই বৰফত ভৰি পিছলিল ৰাজেন্দ্ৰৰ। ভৰি পিছলি পাকিস্তান পোৱাৰ পিছত এইপৰ্যন্ত কোনো শুংসূত্ৰ নাই ৰাজেন্দ্ৰ সিঙৰ।

ৰাজেন্দ্ৰ সন্ধানহীন হোৱাৰ খবৰক লৈ দুঃচিন্তাত পৰিছে পৰিয়াল। চৰকাৰক পৰিয়ালে আৱেদন জনাইছে যে যিমান ক্ষীপ্ৰতাৰে সম্ভৱ ৰাজেন্দ্ৰক ঘুৰাই আনিব লাগে।

পাকিস্তানৰ তৰফৰ পৰা এই সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই। নিখোজ ৰাজেন্দ্ৰই ২০০২চনত গাৰোৱাল ৰেজিমেণ্টত যোগদান কৰিছিল।
আৰু চাওক
পৰৱৰ্তী বাতৰি