মুখ্যপৃষ্ঠা »খবৰ »দেশ »বিশ্বৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ চিয়াচেনত ভাৰতীয় সেনাই প্ৰথমবাৰৰ বাবে নিয়োজিত কৰিলে এগৰাকী মহিলা বিষয়া শিৱা চৌহানক

বিশ্বৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ চিয়াচেনত ভাৰতীয় সেনাই প্ৰথমবাৰৰ বাবে নিয়োজিত কৰিলে এগৰাকী মহিলা বিষয়া শিৱা চৌহানক

সেনাই চিয়াচেনত লেহ-ভিত্তিক ফায়াৰ ফিউৰী কৰ্পৰ এগৰাকী মহিলা বিষয়া কেপ্টেইন শিৱা চৌহানক নিয়োজিত কৰিছে

সেনাই চিয়াচেনত লেহ-ভিত্তিক ফায়াৰ ফিউৰী কৰ্পৰ এগৰাকী মহিলা বিষয়া কেপ্টেইন শিৱা চৌহানক নিয়োজিত কৰিছে

সেনাই চিয়াচেনত লেহ-ভিত্তিক ফায়াৰ ফিউৰী কৰ্পৰ এগৰাকী মহিলা বিষয়া কেপ্টেইন শিৱা চৌহানক নিয়োজিত কৰিছে

  • Share this:
ভাৰতীয় সেনাই বিশ্বৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰত এগৰাকী মহিলা বিষয়া নিয়োজিত কৰি এক উদাহৰণ স্থাপন কৰিছে। সেনাই চিয়াচেনত লেহ-ভিত্তিক ফায়াৰ ফিউৰী কৰ্পৰ এগৰাকী মহিলা বিষয়া কেপ্টেইন শিৱা চৌহানক নিয়োজিত কৰিছে। বৰ্তমান, কেপ্টেইন শিৱ চৌহানে কুমাৰ পোষ্টত তেওঁৰ কৰ্তব্য পালন কৰি আছে, যি প্ৰায় ১৫,৬৩২ ফুট উচ্চতাত অৱস্থিত।

ভাৰতীয় সেনাই এই বিশেষ পদত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা বিষয়াক নিযুক্তি দিছে। ফায়াৰ ফিউৰী কৰ্পছে টুইট কৰি কয়, "ফায়াৰ এণ্ড ফিউৰী চেপাৰছৰ কেপ্টেইন শিৱ চৌহান বিশ্বৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰত কঠোৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পিছত কুমাৰ পোষ্টত সক্ৰিয়ভাৱে নিযুক্ত হোৱা প্ৰথমগৰাকী মহিলা বিষয়া হিচাপে পৰিগণিত হয়।"

অৱশ্যে, কেপ্টেইন শিৱা চৌহানক এই স্থানত নিযুক্তি দিয়াৰ আগতে কঠিন পৰীক্ষাৰ মাজেৰে পাৰ হ'বলগীয়া হৈছে। ভাৰতীয় সেনাৰ ফায়াৰ এণ্ড পিউৰ কৰ্পছক আনুষ্ঠানিকভাৱে সেনাৰ ১৪তম কৰ্পছ বুলি জনা যায়, যি সেনাৰ নৰ্দাৰ্ণ কমাণ্ডৰ অধীনত আহে। তেওঁলোকৰ সৈন্যসমূহক চীন আৰু পাকিস্তানৰ সৈতে সীমান্তত মোতায়েন কৰা হয়। ইয়াৰ লগতে চিয়াচেন হিমবাহৰ সুৰক্ষাৰ দায়িত্বও এই সৈনিকসকলৰ কান্ধতেই আছে। চিয়াচেন হিমবাহ হৈছে পৃথিৱীৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ আৰু ২০২১ চনৰ ছেপ্টেম্বৰত পৰ্যটনৰ বাবে মুকলি কৰা হৈছিল।

শেহতীয়া বাতৰি