• Home
  • »
  • News
  • »
  • nation
  • »
  • Indian Army’s Dog Axel Killed: সন্ত্ৰাসবাদ বিৰোধী অভিযানত নিহত সেনাৰ সুদক্ষ স্নিফাৰ ডগ এক্সেল

Indian Army’s Dog Axel Killed: সন্ত্ৰাসবাদ বিৰোধী অভিযানত নিহত সেনাৰ সুদক্ষ স্নিফাৰ ডগ এক্সেল

জম্মু-কাশ্মীৰ (Jammu and Kashmir)ৰ বাৰামুলা জিলাত নিৰাপত্তা বাহিনীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযানত আজি নিহত হয় এক্সেল (Indian Army’s Dog Axel Killed) নামৰ সেনাৰ এটা সুদক্ষ স্নিফাৰ ডগ।

  • Share this:
জম্মু-কাশ্মীৰ (Jammu and Kashmir)ৰ বাৰামুলা জিলাত নিৰাপত্তা বাহিনীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযানত আজি নিহত হয় সেনাৰ এটা সুদক্ষ স্নিফাৰ ডগ। প্ৰচণ্ড গুলীয়াগুলীত এক্সেল নামৰ সেনাৰ স্নিফাৰ ডগ (Indian Army’s Dog Axel Killed)টো নিহত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। এই এনকাউণ্টাৰ (Encounter)ৰ সময়ত এজন সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে তিনিজন নিৰাপত্তা বাহিনীৰ জোৱান আহত হয়।

এজন আৰক্ষী বিষয়াই জনোৱা মতে, ‘সন্ত্রাসবাদীয়ে এক্সেল (Axel)ৰ ওপৰত গুলী চলোৱাৰ সময়ত সন্ত্ৰাসবাদীৰ অৱস্থান পিন পইণ্ট কৰিবলৈ বডিকেম লগোৱা সেনাৰ দুটা স্নিফাৰ কুকুৰ ভিতৰলৈ পঠিওৱা হৈছিল।

আজি পুৱা ৱানিগাম গাঁৱত আৰক্ষী আৰু সেনাই এক গোপন সূত্ৰৰ ভিত্তিত অঞ্চলটোত এজন পাকিস্তান (Pakistan)ৰ নাগৰিকসহ কমেও তিনিটা সন্ত্ৰাসবাদী (Terrorists)ৰ উপস্থিতিৰ সন্দৰ্ভত যৌথ অভিযান আৰম্ভ কৰাৰ পিছতে এই এনকাউণ্টাৰ আৰম্ভ হয়।

সন্ত্ৰাসবাদীৰ গতিবিধি নিৰীক্ষণৰ বাবে দুটা সেনাৰ কুকুৰ- বাজাজ আৰু এক্সেল (Bajaj and Axel) - টাৰ্গেট হাউচৰ ভিতৰলৈ বডিকেম পিন্ধি পঠিওৱা হৈছিল। নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত তীব্ৰ গুলীয়াগুলী (Firing) হোৱাৰ সময়তে লুকাই থকা সন্ত্ৰাসবাদীয়ে এক্সেলক তিনিটা গুলীৰে আঘাত কৰে। বিষয়াসকলে জনোৱা মতে এক্সেলৰ থিতাতে মৃত্যু হয়।

প্ৰচণ্ড গুলীচালনাৰ মাজতে দুই সন্ত্ৰাসবাদীয়ে পলায়ন কৰিবলৈ সক্ষম হয়।

এক্সেল সেনাৰ ২৯ আৰ আৰ ৰেজিমেণ্টত নিয়োজিত হৈআছিল। মৰণোত্তৰ পৰীক্ষাত ১০ টাতকৈ অধিক আঘাত আৰু মুখমণ্ডল ভাঙি যোৱা দেখা গৈছিল। দেওবাৰে কিলো বাহিনীৰ সেনাধ্যক্ষই পুষ্পমাল্য প্ৰদান কৰি এক্সেললৈ অন্তিম শ্ৰদ্ধাঞ্জলি জনাব।
Published by:Manjumoni Borah
First published: