মুখ্যপৃষ্ঠা »খবৰ »দেশ »India-China Troops Clash : অৰুণাচল সীমান্তত ভাৰত-চীন সৈন্যৰ খণ্ডযুদ্ধ, ঘটনাত আহত ৩০জনৰো অধিক জোৱান

India-China Troops Clash : অৰুণাচল সীমান্তত ভাৰত-চীন সৈন্যৰ খণ্ডযুদ্ধ, ঘটনাত আহত ৩০জনৰো অধিক জোৱান

চৰকাৰী সূত্ৰই জনোৱা মতে, অৰুণাচল প্ৰদেশৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত ভাৰত আৰু চীনৰ সৈন্যই কিছু সময়ৰ বাবে সংঘৰ্ষত লিপ্ত হৈছিল

চৰকাৰী সূত্ৰই জনোৱা মতে, অৰুণাচল প্ৰদেশৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত ভাৰত আৰু চীনৰ সৈন্যই কিছু সময়ৰ বাবে সংঘৰ্ষত লিপ্ত হৈছিল

চৰকাৰী সূত্ৰই জনোৱা মতে, অৰুণাচল প্ৰদেশৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত ভাৰত আৰু চীনৰ সৈন্যই কিছু সময়ৰ বাবে সংঘৰ্ষত লিপ্ত হৈছিল

  • Share this:

অৰুণাচলৰ ভাৰত–চীন সীমান্তত দুয়ো দেশৰ সেনাৰ মাজত সংঘাতৰ শেহতীয়া খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনা সংঘটিত হৈছে ৯ ডিচেম্বৰৰ নিশা।


টাৱাং সীমান্তত দুই দেশৰ সৈন্যৰ মাজত সংঘৰ্ষৰ কাৰণ আছিল প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ বিবাদিত এলেকা। ঘটনাৰ পিছতে উভয় দেশৰ শীৰ্ষ পৰ্যায়ৰ সেনা বিষয়াই আলোচনা মৰ্মে শান্তি বৰ্তাই ৰখাৰ সিদ্ধান্ত লোৱা বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।


ৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ তথ্য অনুসৰি এই ঘটনাত উভয় দেশৰ প্ৰায় ৩০ সেনা হতাহত হৈছে। এই বিষয়ে আজি চৰকাৰী সূত্ৰই জনোৱা মতে, অৰুণাচল প্ৰদেশৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত যোৱা সপ্তাহত ভাৰত আৰু চীনৰ সৈন্যই কিছু সময়ৰ বাবে সংঘৰ্ষত লিপ্ত হৈছিল, য'ত দুয়োপক্ষৰ কেইজনমান কৰ্মী সামান্য আঘাতপ্ৰাপ্ত হয় আৰু দুয়োপক্ষই তৎক্ষণাত অঞ্চলটোৰ পৰা আঁতৰি যায়। সংবাদ সংস্থা পিটিআইৰ তথ্য অনুসৰি, এই ঘটনাত আহত কমেও ৬জন ভাৰতীয় জোৱানক চিকিৎসাৰ বাবে ইতিমধ্যে গুৱাহাটীলৈ অনা হৈছে।

উল্লেখ্য, পূব লাডাখত হোৱা সংঘৰ্ষৰ পিছত ভাৰত আৰু চীনৰ সৈন্যৰ মাজত এইটো প্ৰথম সংঘৰ্ষ। ২০২০ চনৰ জুন মাহত গালৱান উপত্যকাত সংঘটিত সংঘৰ্ষত ২০ জন ভাৰতীয় জোৱানৰ মৃত্যু হৈছিল। গুৰুত্বপূৰ্ণ যে অৰুণাচল প্ৰদেশৰ টাৱাং ছেক্টৰৰ এল এ চিৰ কাষৰীয়া কিছুমান অঞ্চলত সীমাক লৈ বিবাদ আছে। দুয়োপক্ষই নিজৰ বুলি দাবী কৰা লাইনলৈকে অঞ্চলটোত টহল দিয়ে। ২০০৬ চনৰ পৰা এই ধাৰা অব্যাহত আছে।

শেহতীয়া বাতৰি