১২ হাজাৰ ফুট তলত AN-32 বিমানৰ ধ্বংসাৱশেষ, উদ্ধাৰ অভিযানত গৰুড় কমাণ্ডো আৰু এডভাঞ্চ লাইট হেলিকপ্টাৰ

ৰাজ্য চৰকাৰৰ ফালৰ পৰা জাৰি কৰা মেপত AN-32 বিমানখন ধ্বংসপ্ৰাপ্ত হোৱা ঠাই স্পষ্টভাৱে দেখা গৈছে।

News18-Assam
Updated:June 12, 2019, 11:38 AM IST
১২ হাজাৰ ফুট তলত AN-32 বিমানৰ ধ্বংসাৱশেষ, উদ্ধাৰ অভিযানত গৰুড় কমাণ্ডো আৰু এডভাঞ্চ লাইট হেলিকপ্টাৰ
ৰাজ্য চৰকাৰৰ ফালৰ পৰা জাৰি কৰা মেপত AN-32 বিমানখন ধ্বংসপ্ৰাপ্ত হোৱা ঠাই স্পষ্টভাৱে দেখা গৈছে।
News18-Assam
Updated: June 12, 2019, 11:38 AM IST
৮ দিন পিছত মঙলবাৰে অৰুণাচল প্ৰদেশৰ পশ্চিম ছিয়াং জিলাত সন্ধান ওলাল ভাৰতীয় বায়ুসেনাৰ সন্ধানহীন বিমান AN-32ৰ ধ্বংসাৱশেষৰ। যি ঠাইত বিমানখনৰ ধ্বংসাৱশেষ পোৱা গৈছে, সেই অঞ্চলৰ মেপ জাৰি কৰিছে অৰুণাচল প্ৰদেশ চৰকাৰে। ৰাজ্য চৰকাৰৰ ফালৰ পৰা জাৰি কৰা মেপত AN-32 বিমানখন ধ্বংসপ্ৰাপ্ত হোৱা ঠাই স্পষ্টভাৱে দেখা গৈছে। ভাৰতীয় বায়ুসেনাৰ ফালৰ পৰা কোৱা হৈছে যে নিখোজ বিমানৰ ধ্বংসাৱশেষৰ সন্ধানত আজি উদ্ধাৰ অভিযান চলোৱা হ’ব। AN-32 বিমানখনৰ ধ্বংসাৱশেষৰ সন্ধানত MI17S আৰু এডভাঞ্চ লাইট হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছে।

উদ্ধাৰ অভিযানত গৰুড় কমাণ্ডো
AN-32 বমানৰ বাকী ধ্বংসাৱশেষৰ সন্ধানত বায়ুসেনাই বুধবাৰে পুৱা গৰুড় কমাণ্ডো আৰু বায়ুসেনাৰ সৈনিকৰ দলক উদ্ধাৰ অভিযানত নিয়োগ কৰিছে। ‘ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ ৰিপ’ৰ্ট অনুসৰি, বায়ুসেনাৰ এগৰাকী বিষয়াই কয় যে মঙলবাৰে সন্ধিয়া ধ্বংসাৱশেষ প্ৰত্যক্ষ কৰাৰ পিছতে সেনাই ধ্বংসাৱশেষৰ স্থানত চিটা আৰু এডভাঞ্চ লাইট হেলিকপ্টাৰ ব্যৱহাৰৰ চেষ্টা চলাইছিল, কিন্তু ঘন পাহাৰীয়া জংঘলৰ বাবে হেলিকপ্টাৰ নমাব নোৱাৰিলে। মঙলবাৰে নিশা নিখোজ বিমানখনৰ ধ্বংসাৱশেষৰ ছবি পোহৰলৈ আহে। ANI–এ এখন ফটো প্ৰকাশ কৰিছে য’ত ঘন জংঘলত বিমানৰ ধ্বংসাৱশেষ দেখা গৈছে।

 



উল্লেখযোগ্য যে ভাৰতীয় বায়ুসেনাৰ AN-32 বিমানখন ৩ জুনত যোৰহাটৰ পৰা ৰাওনা হোৱাৰ পিছতে নিখোজ হৈছিল। এই বিমানখনত ভাৰতীয় বায়ুসেনাৰ ১৩গৰাকী কৰ্মী আছিল। অৰুণাচল প্ৰদেশৰ মেচুকাৰ এডভাঞ্চ লেণ্ডিং গ্ৰাউণ্ডলৈ যোৱাৰ সময়তে সন্ধানহীন হৈছিল বিমানখন।
আৰু চাওক পৰৱৰ্তী বাতৰি