আজি বায়ু সেনা দিৱস, ‘গ্ৰুপ কেপ্টেইন’ৰ ৰূপত শচীন তেণ্ডুলকাৰ

বায়ুসেনা দিৱস উদযাপন উপলক্ষে গাজিয়াবাদৰ হিংদন বিমানঘাটিত আয়োজন কৰা হৈছে উৎসৱ অনুষ্ঠানৰ

News18-Assam
Updated:October 8, 2019, 4:39 PM IST
আজি বায়ু সেনা দিৱস, ‘গ্ৰুপ কেপ্টেইন’ৰ ৰূপত শচীন তেণ্ডুলকাৰ
বায়ুসেনা দিৱস উদযাপন উপলক্ষে গাজিয়াবাদৰ হিংদন বিমানঘাটিত আয়োজন কৰা হৈছে উৎসৱ অনুষ্ঠানৰ
News18-Assam
Updated: October 8, 2019, 4:39 PM IST
আজি ৮৭সংখ্যক ভাৰতীয় বায়ুসেনা দিৱস। এই উপলক্ষে স্থলসেনাৰ মুৰব্বী জেনেৰেল বিপিন ৰাৱট, বায়ুসেনাৰ প্ৰধান চীফ মাৰ্শ্বাল আৰ কে এছ ভদোৰিয়া আৰু নৌসেনা এডমিৰেল কৰমবীৰ সিঙে ইণ্ডিয়া গে’টস্থিত যুদ্ধ স্মাৰকলৈ গৈ শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। গাজিয়াবাদৰ হিণ্ডন এয়াৰবেছত অনুষ্ঠিত হয় বায়ুসেনা দিৱসৰ পেৰেড। এই অনুষ্ঠানত উইং কমাণ্ডাৰ অভিনন্দন বৰ্ধমানসহ বালাকোট এয়াৰ ষ্ট্ৰাইকত অংশ লোৱা সকলো পাইলটে প্ৰদৰ্শন কৰিলে বায়ুসেনাৰ অদম্য শক্তি।



বায়ুসেনা দিৱস উদযাপন উপলক্ষে গাজিয়াবাদৰ হিংদন বিমানঘাটিত আয়োজন কৰা হৈছে উৎসৱ অনুষ্ঠানৰ। অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰাক্তন ক্ৰিকেটাৰ তথা বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন শচীন তেণ্ডুলকাৰেও। মঙলবাৰে পুৱা হিংদন বিমান ঘাটিত উপস্থিত হয় শচীন তেণ্ডুলকাৰ।

উল্লেখযোগ্য যে ২০১০ চনত শচীন তেণ্ডুলকাৰক বায়ুসেনাৰ ফালৰ পৰা গ্ৰুপ কেপ্টেইনৰ সন্মান আগবঢ়োৱা হৈছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি