২০২১ চনত ভাৰতবৰ্ষত ধৰ্ষণৰ সংখ্যা অতিশয় বৃদ্ধি পাইছে। নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৱে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২১ চনত ভাৰতত মুঠ ৩১,৬৭৭টা ধৰ্ষণৰ অভিযোগ দাখিল কৰা হৈছিল। প্ৰতিদিনে ভাৰতত ৮৬ টা নতুন ধৰ্ষণৰ অভিযোগ আৰক্ষীৰ ওচৰত দাখিল কৰা হয়। প্ৰতি ঘণ্টাত মহিলাক হাৰাশাস্তিৰ ৪৯টা গোচৰ ৰেকৰ্ড কৰা হৈছে। ২০২০ চনত দেশত মুঠ ধৰ্ষণৰ গোচৰ আছিল ২৮ হাজাৰ ৪৬ টা, ২০১৯ চনত আছিল ৩২ হাজাৰ ৩৩ টা, সেই সংখ্যা বহুত বৃদ্ধি পাইছে।
ৰাজ্যিকভাৱে ৰাজস্থানত সৰ্বাধিক ধৰ্ষণৰ অভিযোগ ৰেকৰ্ড কৰা হৈছে। যোৱা এটা বছৰত ৬৩৩৭টা অভিযোগ উত্থাপন হৈছে। ৰাজস্থানৰ শীৰ্ষত আছে, তাৰ পিছতে মধ্যপ্ৰদেশ (২,৯৪৭) আৰু তাৰ পিছতে আছে মহাৰাষ্ট্ৰ (২,৪৯৬), উত্তৰ প্ৰদেশ (২,৮৪৫)। দিল্লীত মুঠ ১২৫০টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে। প্ৰতি লাখ মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ তালিকাতো ৰাজস্থান শীৰ্ষত আছে, গড়ে ১৬.৪, তাৰ পিছতে আছে ছত্তীশগড় (১৩.৩), দিল্লী (১২.৯), হাৰিয়ানা (১২.৩), অৰুণাচল প্ৰদেশ (১১.১)। দেশখনৰ বাবে গড় হৈছে ৪.৮।
সমগ্ৰ দেশতে এবছৰত মহিলাৰ ওপৰত ৪ লাখ ২৮ হাজাৰ ২৭৮ টা নিৰ্যাতনৰ গোচৰ। প্ৰতি লাখত এই অপৰাধৰ সংখ্যা হৈছে আৰু ৬৪.৫ ইয়াৰে ৭৭.১ শতাংশ গোচৰত চাৰ্জ শ্বীট লাভ কৰা হৈছে। ২০২০ চনত এই অপৰাধৰ সংখ্যা আছিল ৩৭১। ২০১৯ চনত ৪ লাখ ৫ হাজাৰতকৈ অধিক আছিল। নাৰীৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ সামগ্ৰিক তালিকাত ধৰ্ষণ, নিৰ্যাতন আদি ঘটনা দেখা যায়।
Published by: Subham Goswami
FIRST PUBLISHED : August 31, 2022, 21:18 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|