স্বাস্থ্য মন্ত্ৰালয়ে এক বিবৃতিত কয়- "কেন্দ্ৰীয় চৰকাৰে বৈজ্ঞানিক সংস্থাসমূহৰ সৈতে যথাযথ আলোচনাৰ পিছত ১২-১৩ বছৰ আৰু ১৩-১৪ বছৰ বয়সৰ গোটৰ (২০০৮, ২০০৯ আৰু ২০১০ চনত জন্ম গ্ৰহণ কৰাসকলৰ) বাবে কোভিড-১৯ টিকাকৰণ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে।''
উল্লেখ্য, এতিয়ালৈকে দেশত কোৰোনাত ৫,১৫,৮৭৭জন লোকৰ মৃত্যু হৈছে। সংক্ৰমিত লোকৰ মুঠ সংখ্যা হৈছে ৪ কোটি ২৯ লাখ ৯৩ হাজাৰ ৪৯৪। মুঠ পুনৰুদ্ধাৰৰ সংখ্যা হৈছে ৪ কোটি ২৪ লাখ ৪১ হাজাৰ ৪৪৯।