• Home
  • »
  • News
  • »
  • nation
  • »
  • বিশ্বৰ তিনিখন সৰ্ববৃহৎ অৰ্থনীতিৰ দেশৰ ভিতৰত অন্তৰ্ভুক্ত হ’ব ভাৰতবৰ্ষঃ মুকেশ আম্বানী

বিশ্বৰ তিনিখন সৰ্ববৃহৎ অৰ্থনীতিৰ দেশৰ ভিতৰত অন্তৰ্ভুক্ত হ’ব ভাৰতবৰ্ষঃ মুকেশ আম্বানী

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’’নাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণ কিছু পৃথকঃ মুকেশ আম্বানী

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’’নাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণ কিছু পৃথকঃ মুকেশ আম্বানী

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’’নাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণ কিছু পৃথকঃ মুকেশ আম্বানী

  • Share this:
ৰিলায়েঞ্চ ইণ্ড্ৰাষ্টীজৰ চেয়াৰমেন মুকেশ আম্বানীয়ে কয় যে, ‘Premire Digital Society’ হোৱাৰ দিশে অগ্ৰসৰ হৈছে ভাৰতবৰ্ষ। আৰু বিশ্বৰ শীৰ্ষৰ তিনিখন অৰ্থনৈতিক ভাবে শক্তিশালী দেশৰ ভিতৰত অন্তৰ্ভুক্ত হ’ব ভাৰতবৰ্ষ।

মাইক্ৰচফ্টৰ মুখ্য কাৰ্যবাহী সত্য নাডেলাৰ সৈতে ‘Future Decoded CEO Summit’ ত মুকেশ আম্বানীয়ে লগতে কয় যে, ম’বাইল নেটৱৰ্কৰ প্ৰসাৰৰ বাবে ভাৰতবৰ্ষত এই দিশত আগতকৈ ডাঙৰ পৰিৱৰ্তন হৈছে।



২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  ‘ডিজিটেল ইণ্ডিয়া’ কাৰ্যসূচী আৰম্ভ কৰাৰ পিছৰে পৰাই  হৈছে ইয়াৰ আৰম্ভণি। ৩৮০ মিলিয়ন লোকে এতিয়া JIO 4G সেৱা ব্যৱহাৰ কৰিছে।



JIOৰ আগত, ডাটাৰ স্পীড আছিল ২৫৬ kbps, কিন্তু JIO আৰম্ভ হোৱাৰ পিছত স্পীড ২১ mpbs অতিক্ৰম কৰিলে।

ড’নাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণ প্ৰসংগত মুকেশ আম্বানীয়ে কয় যে, আগৰ যিসকল আমেৰিকাৰ ৰাষ্ট্ৰপতি ভাৰত ভ্ৰমণলৈ আহিছে, তাতকৈ ট্ৰাম্পৰ আগমন কিছু পৃথক। ভাৰতৰ প্ৰতি ড’নাল্ড ট্ৰাম্পৰ ধাৰণা অতি আশাব্যঞ্জক।

মুকেশ আম্বানীয়ে কয় যে, ‘মোৰ কোনো সন্দেহ নাই যে, ভাৰতবৰ্ষ বিশ্বৰ শীৰ্ষ তিনিখন অৰ্থনৈতিক ভাবে শক্তিশালী দেশৰ মাজত এখন হ’ব।

Published by:Himangshu Bhuyan
First published: