আফগানিস্তানৰ পৰিস্থিতি দিনক দিনে বেয়ালৈ গতি কৰিছে। তালিবানে দেশখনৰ ৭খন প্ৰাদেশিক চহৰ ইতিমধ্যে দখল কৰিছে। সেয়ে ভাৰতীয়সকলৰ নিৰাপত্তাৰ প্ৰতি গুৰুত্ব ৰাখি মঙলবাৰে ভাৰতীয় দূতাবাসৰ পৰা এটা বিশেষ বাৰ্তা জাৰি কৰা হৈছে। কোৱা হৈছে যে উত্তৰ আফগানিস্তানৰ মাজাৰ-ই-শ্বৰীফ চহৰৰ আশে-পাশে থকা ভাৰতীয়সকলে ভাৰতীয় বায়ু সেনাৰ বিশেষ বিমানত উঠি ঘৰমুখে যাত্ৰী কৰিব লাগে।
আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু নাটো বাহিনীয়ে আফগানিস্তান ত্যাগ কৰাৰ সিদ্ধান্ত ৰূপায়ণ কৰাৰ লগে লগে দেশখনৰ পৰিস্থিতিৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰিছে। তালিবানে এখনৰ পিছত আনখন চহৰ দখল কৰাৰ পিছত তাত থকা ভাৰতীয়সকল সমস্যাত পৰাৰ সম্ভাৱনা দেখা গৈছে। উল্লেখ্য, ১০ জুলাইত কান্দাহাৰৰ কনচুলেট বন্ধ কৰা হৈছিল আৰু প্ৰায় ৫০জন ভাৰতীয়ক সতৰ্কতামূলক ব্যৱস্থা হিচাপে প্ৰত্যাৱৰ্তন কৰা হৈছিল।
অৱশ্যে ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ে মঙলবাৰে তাৰ পৰা কিমানজন ভাৰতীয়ক ঘূৰাই অনা হ'ব সেয়া নিৰ্ধাৰণ কৰা নাই। আফগানিস্তানৰ মুঠ চাৰিটা দূতাবাসৰ ভিতৰত কাবুলৰ বাহিৰে মাজাৰ-ই-শ্বৰীফ ইমানদিন ধৰি কাৰ্যক্ষম হৈ আছিল। মঙলবাৰে কনচুলেটৰ এটা টুইটত কোৱা হৈছিল যে ভাৰতীয় বায়ু সেনাৰ বিমানত মাজাৰ-ই-শ্বৰীফত কাম কৰা চহৰখনৰ কূটনীতিবিদ, দূতাবাসকৰ্মী আৰু অন্যান্য ভাৰতীয়সকলে সেই বিমানখনত ঘৰলৈ উভতি আহিব লাগে।
যোৱা সপ্তাহত ভাৰতীয় সংসদত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ হৈ এক প্ৰশ্নৰ উত্তৰত জনোৱা হৈছিল যে এই মুহূৰ্তত আফগানিস্তানৰ বিভিন্ন প্ৰান্তত কমেও ১৫০০ ভাৰতীয় আছে। তেওঁলোকৰ বেছিভাগেই বিভিন্ন প্ৰকল্পৰ কৰ্মচাৰী। আনহাতে, আফগানিস্তানত ভাৰতৰ স্বাৰ্থ আৰু বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ ভৱিষ্যতক লৈ শংকিত হৈ পৰাৰ অৱকাশে দেখা দিছে ভাৰতৰ বাবে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|