• Home
  • »
  • News
  • »
  • nation
  • »
  • AK 47তকৈও শক্তিশালী AK 203 ৰাইফলেৰে অধিক শক্তিশালী হ'ব ভাৰতীয় সেনা, নিৰ্মাণ কৰা হ'ব ৭লাখ ৫০ হাজাৰ AK 203 ৰাইফল

AK 47তকৈও শক্তিশালী AK 203 ৰাইফলেৰে অধিক শক্তিশালী হ'ব ভাৰতীয় সেনা, নিৰ্মাণ কৰা হ'ব ৭লাখ ৫০ হাজাৰ AK 203 ৰাইফল

AK 203 : ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ ভাৰত ভ্ৰমণৰ আগমুহুৰ্তত ভাৰত চৰকাৰৰ সিদ্ধান্ত, ৫০০০ কোটি টকা ব্যয় কৰি ভাৰতীয় সেনাৰ বাবে ক্ৰয় কৰা হ'ব AK 203 ৰাইফল

AK 203 : ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ ভাৰত ভ্ৰমণৰ আগমুহুৰ্তত ভাৰত চৰকাৰৰ সিদ্ধান্ত, ৫০০০ কোটি টকা ব্যয় কৰি ভাৰতীয় সেনাৰ বাবে ক্ৰয় কৰা হ'ব AK 203 ৰাইফল

AK 203 : ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ ভাৰত ভ্ৰমণৰ আগমুহুৰ্তত ভাৰত চৰকাৰৰ সিদ্ধান্ত, ৫০০০ কোটি টকা ব্যয় কৰি ভাৰতীয় সেনাৰ বাবে ক্ৰয় কৰা হ'ব AK 203 ৰাইফল

  • Share this:
বিশ্বৰ অন্যতম শ্ৰেষ্ঠ সেনাবাহিনী ভাৰতীয় সেনা (Indian Army)। আমেৰিকা, চীনৰ দৰে শক্তিধৰ দেশেও সমীহ কৰে ভাৰতীয় সেনাক। ভাৰতীয় সেনাক আৰু অধিক শক্তিশালী কৰাৰ বাবে ভাৰতৰ প্ৰতিৰক্ষা বিভাগে (Defense Ministry) মঙলবাৰে গ্ৰহণ কৰিলে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৰাছিয়ান প্ৰযুক্তিৰ ৭লাখ ৫০হাজাৰ AK 203 (এ কে ২০৩) ৰাইফল ভাৰতীয় সেনাক প্ৰদান কৰাৰ বাবে ভাৰতৰ প্ৰতিৰক্ষা বিভাগে ৫হাজাৰ কোটি টকা খৰচ কৰাৰ সিদ্ধান্ত লৈছে। উত্তৰপ্ৰদেশৰ আমেথিস্থিত কাৰখানাত এই AK 203 ৰাইফলসমূহ নিৰ্মাণ কৰা হ'ব।

উল্লেখযোগ্য যে অহা মাহত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰত ভ্ৰমণ (Vladimir Putin India Visit) কৰাৰ সম্ভাৱনা আছে। পুটিনৰ ভাৰত ভ্ৰমণৰ পূৰ্বেই ভাৰত চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিমধ্যে এই অত্যাধুনিক ৰাইফল নিৰ্মাণৰ বাবে ৰাছিয়াৰ সৈতে এই চুক্তিত সন্মতি প্ৰদান কৰিছে ভাৰত চৰকাৰে। প্ৰতিৰক্ষা বিভাগৰ সূত্ৰ অনুসৰি ৰাছিয়ান প্ৰযুক্তিৰ এই ৰাইফল সমূহৰ নিৰ্মাণ উত্তৰপ্ৰদেশৰ আমেথিৰ অস্ত্ৰ কাৰখানাত কৰা হ'ব আৰু অহা ৩২মাহৰ ভিতৰত এইসমূহ ৰাইফল ভাৰতীয় সেনাক প্ৰদান কৰা হ'ব। এই ৰাইফল সমূহে ভাৰতীয় সেনাক আৰু অধিক শক্তিশালী কৰি তুলিব India News in Assamese 

AK 203 (এ কে ২০৩) য়ে ভাৰতীয় সেনাক কৰি তুলিব শক্তিশালী :

AK চিৰিজৰ আটাইতকৈ পুৰণি ৰাইফল হৈছে AK 47 । ইয়াৰ পিছতে এ কে ৫৬, এ কে ৮৭, এ কে ১০০ আৰু এ কে ২০০ চিৰিজৰ ৰাইফল বিশ্বৰ শক্তিধৰ দেশৰ সেনাবাহিনীয়ে ব্যৱহাৰ কৰি আহিছে। এ কে চিৰিজৰ আটাইতকৈ নতুন আৰু উন্নতমানৰ সংস্কৰণটো হৈছে এ কে ২০৩ ৰাইফল। স্বয়ংক্ৰিয় আৰু অৰ্ধস্বয়ংক্ৰিয় দুয়োটা উপায়েৰে ব্যৱহাৰ কৰিব পৰা এই ৰাইফলৰ ওজন হ'ব প্ৰায় ৪কিলোগ্ৰাম। এই ৰাইফলৰ পৰা এক মিনিটতে ৬০০ৰাউণ্ড গুলী চলাব পৰা যায় আৰু ৪০০মিটাৰ পৰ্য্যন্ত এই ৰাইফলে নিখুৃঁত ভাৱে শত্ৰুক নাশ কৰিব পাৰে। ইনছাছ ৰাইফলৰ সহায়ত ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধ (Kargil WAr) জয় কৰা ভাৰতীয় সেনাই এই ৰাইফল লাভ কৰাৰ পিছত শত্ৰুপক্ষৰ বাবে অধিক ভয়ংকৰ হৈ পৰিব।
Published by:Manjumoni Borah
First published: