உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Corona Vaccine Booster Dose from Tomorrow: ভাৰতত সোমবাৰৰ পৰা আৰম্ভ হ'ব কোৰোণা ভেকচিনৰ বুষ্টাৰ ডোজ, কোনে কোনে পাব আৰু পঞ্জীয়ন কিদৰে কৰিব, জানক সবিশেষ

    Corona Vaccine Booster Dose from Tomorrow: ভাৰতত সোমবাৰৰ পৰা আৰম্ভ হ'ব কোৰোণা ভেকচিনৰ বুষ্টাৰ ডোজ, কোনে কোনে পাব আৰু পঞ্জীয়ন কিদৰে কৰিব, জানক সবিশেষ

    Corona Vaccine Booster Dose: কেৱল স্বাস্থ্যসেৱা কৰ্মী, ফ্ৰণ্টলাইন কৰ্মী, আৰু ৬০ বছৰৰ অধিক বয়সৰ লোকসকলেহে 'বুষ্টাৰ' ডোজৰ বাবে পঞ্জীয়ন কৰিবলৈ যোগ্য। ইয়াৰ উপৰি যদিহে আপোনাৰ কিছুমান জটিল আনুসংগিক ৰোগ থাকে তেতিয়াহে আপুনি 'বুষ্টাৰ' ডোজৰ বাবে যোগ্য হ'ব।

    Corona Vaccine Booster Dose: কেৱল স্বাস্থ্যসেৱা কৰ্মী, ফ্ৰণ্টলাইন কৰ্মী, আৰু ৬০ বছৰৰ অধিক বয়সৰ লোকসকলেহে 'বুষ্টাৰ' ডোজৰ বাবে পঞ্জীয়ন কৰিবলৈ যোগ্য। ইয়াৰ উপৰি যদিহে আপোনাৰ কিছুমান জটিল আনুসংগিক ৰোগ থাকে তেতিয়াহে আপুনি 'বুষ্টাৰ' ডোজৰ বাবে যোগ্য হ'ব।

    Corona Vaccine Booster Dose: কেৱল স্বাস্থ্যসেৱা কৰ্মী, ফ্ৰণ্টলাইন কৰ্মী, আৰু ৬০ বছৰৰ অধিক বয়সৰ লোকসকলেহে 'বুষ্টাৰ' ডোজৰ বাবে পঞ্জীয়ন কৰিবলৈ যোগ্য। ইয়াৰ উপৰি যদিহে আপোনাৰ কিছুমান জটিল আনুসংগিক ৰোগ থাকে তেতিয়াহে আপুনি 'বুষ্টাৰ' ডোজৰ বাবে যোগ্য হ'ব।

    • Share this:
    ভাৰতে শেহতীয়াকৈ কোমৰ্বিডিটি থকা ৬০ বছৰৰ অধিক বয়সৰ লোকসকলৰ বাবে কোভিড-19 ভেকচিনৰ বুষ্টাৰ ডোজ (Covid-19 Vaccines Booster Dose) প্ৰদানৰ কথা ঘোষণা কৰিছে। কোৰোণা (Corona)ৰ অত্যধিক সংক্ৰামক অমিক্ৰন (Omicron) প্ৰকাৰে দেশৰ কোভিড আক্ৰান্তৰ সংখ্যা অধিক বৃদ্ধি কৰাৰ বাবেই বুষ্টাৰ শ্বট (Booster Shot) বোৰ দিয়া হ'ব।

    শনিবাৰৰ পৰা এই বুষ্টাৰ ডোজৰ বাবে এপইণ্টমেণ্ট আৰু পঞ্জীয়ন (Registration for Booster Dose) প্ৰক্ৰিয়া আৰম্ভ হৈছে যদিও  স্বাস্থ্য বিষয়াসকলে কয় যে যোগ্য লোকসকলে পোনে পোনে ভেকচন কেন্দ্ৰলৈ আহিব পাৰে আৰু নিজকে পঞ্জীয়ন কৰি ভেকচিনৰ বুষ্টাৰ ডোজ ল'ব পাৰে। কিন্তু এই বুষ্টাৰ ডোজৰ বাবে কোন যোগ্য আৰু বুষ্টাৰ ডোজ লোৱাৰ সম্পূৰ্ণ প্ৰক্ৰিয়া কি?

    কোন কোন যোগ্য?

    কেৱল স্বাস্থ্যসেৱা কৰ্মী, ফ্ৰণ্টলাইন কৰ্মী, আৰু ৬০ বছৰৰ অধিক বয়সৰ লোকসকলেহে 'বুষ্টাৰ' ডোজৰ বাবে পঞ্জীয়ন কৰিবলৈ যোগ্য। ইয়াৰ উপৰি যদিহে আপোনাৰ কিছুমান জটিল আনুসংগিক ৰোগ থাকে তেতিয়াহে আপুনি 'বুষ্টাৰ' ডোজৰ বাবে যোগ্য হ'ব।

    দ্বিতীয় আৰু তৃতীয় পালিৰ মাজত প্ৰয়োজনীয় সময়ৰ ব্যৱধান কিমান?

    দ্বিতীয় পালি লোৱা তাৰিখৰ পৰা 9 মাহৰ পিছত বা ৩৯ সপ্তাহৰ পিছত তৃতীয় পালিৰ বাবে যোগ্য হ'ব।

    শ্বটৰ মিশ্ৰণ নহ'ব

    কোভিড-19 ভেকছিনৰ বুষ্টাৰ পালি আগতে প্ৰদান কৰা পালিৰ সৈতে একে হ'ব লাগিব।  যদি আপুনি ইতিমধ্যে কোভিশ্বিল্ডৰ দুটা পালি লৈছে তেন্তে আপুনি বুষ্টাৰ ডোজটোও  কোভিশ্বিল্ড ল'ব লাগিব, অন্য ভেকচিন ল'ব নোৱাৰিব। কোভাক্সিনৰ ক্ষেত্ৰতো একেই কথা খাটিব।

    কোমৰ্বিডিটিবোৰ কি

    জটিল আনুষংগিক ৰোগবোৰৰ ভিতৰত আছে কাৰ্ডিওভাস্কুলাৰ ৰোগ, ডায়েবেটিচ, বৃক্কৰ ৰোগ, ষ্টেম কোষ সংৰোপণ প্ৰাপ্তলোক, চিৰোচিছ, কৰ্কট ৰোগ, চিকল চেল ৰোগ আৰু অন্যান্য জটিল ৰোগ।

    বুষ্টাৰ ডোজৰ বাবে কেনেকৈ পঞ্জীয়ন কৰিব?

    • ৬০ বছৰ বা তাতকৈ অধিক বয়সৰ সকলো জ্যেষ্ঠ নাগৰিকে তেওঁলোকৰ বৰ্তমানৰ কো-উইন একাউণ্ট ব্যৱহাৰ কৰি বুষ্টাৰ ডোজ লাভ কৰিব পাৰে।

    • হিতাধিকাৰীসকলে আগতীয়াকৈ, অন-ছাইট, কো-উইন সুবিধাযুক্ত কোহ'ৰ্ট পঞ্জীয়ন প্ৰক্ৰিয়াৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰে।

    • যোগ্যতা কো-উইনত লিপিবদ্ধ কৰা দ্বিতীয় পালি লোৱাৰ তাৰিখৰ ওপৰত নিৰ্ভৰ কৰিব।

    • ভেৰিফিকেচন আধাৰ কাৰ্ড ব্যৱহাৰ কৰি কৰা হ'ব।

    আধাৰৰ উপৰিও MoHFWৰ দ্বাৰা অনুমোদিত অন্যান্য পৰিচয় পত্ৰ (ID) হৈছে:

    1. ইপিআইচি (EPIC)

    2. পাছপোৰ্ট (Passport)

    3. ড্ৰাইভিং লাইচেঞ্চ (Driving license)

    4. পেন কাৰ্ড (PAN Card)

    5. NPR আৰু RGIয়ে জাৰী কৰা স্মাৰ্ট কাৰ্ড

    6. ফটোগ্ৰাফৰ সৈতে পেঞ্চন দস্তাবেজ (Pension Document with Photograph)

    • যেতিয়া বুষ্টাৰ ডোজ লোৱাৰ সময় হ'ব Co-WINয়ে SMS যোগে বুষ্টাৰ ভোকচিন ডোজ লোৱাৰ কথা মনত পেলাই দিব।

    • পঞ্জীয়ন আৰু নিযুক্তি সেৱা অনলাইন আৰু অনছাইট অৰ্থাৎ দুয়োটা ফৰ্মেটত উপলব্ধ।

    • একেদিনাই কো-উইন টিকাকৰণ মডিউলৰ জৰিয়তে সকলো টিকাকৰণ ৰেকৰ্ড কৰা হ'ব।

    বুষ্টাৰ শ্বট লোৱাটো কিয় প্ৰয়োজনীয়?

    বুষ্টাৰ শ্বটবোৰে কোভিড-19-ৰ বিৰুদ্ধে বৰ্ধিত সুৰক্ষা প্ৰদান কৰে।

    প্ৰথম দুটা পালি এতিয়াও গুৰুতৰ ৰোগৰ বিকাশ প্ৰতিহত কৰাত কাৰ্যকৰী। কিন্তু সময়ৰ সৈতে সেইবোৰ কম কাৰ্যকৰী হ'ব পাৰে, বিশেষকৈ জ্যেষ্ঠ নাগৰিক আৰু কোমৰ্বিডিটী থকা লোকসকলৰ ক্ষেত্ৰত। আনহাতে নতুন ভেৰিয়েণ্টৰ সংক্ৰমণৰ আশংকা বৃদ্ধি কৰিব পাৰে। ফলস্বৰূপে, গুৰুতৰ জটিলতা প্ৰতিৰোধ কৰাত উপকাৰী এণ্টিবডী বৃদ্ধি কৰি ৰোগ প্ৰতিৰোধ সুৰক্ষা বজাই ৰখাত এই বুষ্টাৰ শ্বটবোৰ গুৰুত্বপূৰ্ণ হ'ব।
    Published by:Manjumoni Borah
    First published: