শক্তিশালী হৈছে বাংলাদেশৰ অৰ্থনীতি! পাৰ কেপিটা GDPত চলিত বৰ্ষত বাংলাদেশতকৈ পিছ পৰিব ভাৰত

News18 Assam | News18-Assam
Updated:October 14, 2020, 5:22 PM IST
শক্তিশালী হৈছে বাংলাদেশৰ অৰ্থনীতি! পাৰ কেপিটা GDPত চলিত বৰ্ষত বাংলাদেশতকৈ পিছ পৰিব ভাৰত
আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা কোষ, আই এম এফৰ শেহতীয়া ৰিপৰ্টত প্ৰকাশ পাইছে চাঞ্চল্যকৰ তথ্য।

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা কোষ, আই এম এফৰ শেহতীয়া ৰিপৰ্টত প্ৰকাশ পাইছে চাঞ্চল্যকৰ তথ্য।

  • Share this:
ভাৰততকৈ এতিয়া আগবাঢ়ি গৈছে বাংলাদেশ। সততে ভাৰতীয় লোকে দুখীয়া ৰাষ্ট্ৰ বুলি ইতিকিং কৰা বাংলাদেশ এতিয়া ভাৰততকৈ বহু ক্ষেত্ৰত আগুৱাই গৈছে। ভাৰতৰ অৰ্থনীতি যেন পিছ পৰিছে বাংলাদেশৰ অৰ্থনীতিতকৈ। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা কোষ, আই এম এফৰ শেহতীয়া ৰিপৰ্টত প্ৰকাশ পাইছে চাঞ্চল্যকৰ তথ্য।

জাৰি কৰা তথ্য অনুসৰি, চলিত বিত্তীয়বৰ্ষত ভাৰতৰ প্ৰতি ব্যক্তিৰ জিডিপি(Per Capita GDP)১০.৩ শতাংশ নিম্নগামী হ’ব। যদি এই অনুমান সঁচা প্ৰমাণিত হয়, তেন্তে প্ৰতি ব্যক্তি জিডিপিত ভাৰত বাংলাদেশতকৈ তললৈ নামিব।



মঙলবাৰে জাৰি কৰা আই এম এফৰ ৰিপৰ্ট ৱৰ্ল্ড ইক’নমিক আউটলুট অনুসৰি ৩১ মাৰ্চ ২০২১ত সমাপ্ত হ’বলগীয়া এই বিত্তীয় বৰ্ষত ভাৰতৰ প্ৰতি ব্যক্তি জিডিপি ১০.৩ শতাংশ নিম্নগামীৰ সৈতে ১৮৭৭ ডলাৰ হ’ব। কিন্তু বাংলাদেশৰ প্ৰতি ব্যক্তিৰ জিডিপি ২০২০ত ৪ শতাংশ বৃদ্ধি পাই ১,৮৮৮ ডলাৰৰ সীমা অতিক্ৰম কৰিব।

ইয়াৰ পূৰ্বে জুন মাহত আই এম এফে ইয়াত ৪.৫ শতাংশ নিম্নগামী হোৱাৰ অনুমান কৰিছিল। কিন্তু এছিয়াৰ তৃতীয় বৃহত্‍ অৰ্থনীতি ভাৰতৰ আগন্তুক বিত্তীয় বৰ্ষত ৮.৮ শতাংশ আৰ্থিক বিকাশ লাভ কৰাৰ সম্ভাৱনা আছে।
Published by: Himangshu Bhuyan
First published: October 14, 2020, 5:22 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading