ভাৰতত প্ৰায় ১৪ দিনত বৃদ্ধি পালে ৫০ হাজাৰ কোৰোণা ৰোগী, কেনেকৈ বাঢ়িল ৰোগীৰ সংখ্যা?

News18 Assam | News18-Assam
Updated:May 20, 2020, 12:57 PM IST
ভাৰতত প্ৰায় ১৪ দিনত বৃদ্ধি পালে ৫০ হাজাৰ কোৰোণা ৰোগী, কেনেকৈ বাঢ়িল ৰোগীৰ সংখ্যা?
স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, প্ৰায় ১৪ দিনত ৫০ হাজাৰতকৈ অধিক কোৰোণা ৰোগী ধৰা পৰিছে। অৱশ্যে আন দেশৰ তুলনাত ভাৰতত মৃত্যুৰ হাৰ অতি কিম।

স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, প্ৰায় ১৪ দিনত ৫০ হাজাৰতকৈ অধিক কোৰোণা ৰোগী ধৰা পৰিছে। অৱশ্যে আন দেশৰ তুলনাত ভাৰতত মৃত্যুৰ হাৰ অতি কিম।

  • Share this:
ভাৰতত কোৰোণা ভাইৰাছৰ বিভীষিকা অব্যাহত আছে। বুধবাৰে কোভিড–১৯ৰ ৫৬১১টা নতুন ঘটনা পোহৰলৈ আহিছে। ২৪ ঘণ্টাত ১৪০জন ৰোগীয়ে হেৰুৱাইছে প্ৰাণ। সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পাইছে ১.০৬ লাখলৈ। স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, প্ৰায় ১৪ দিনত ৫০ হাজাৰতকৈ অধিক কোৰোণা ৰোগী ধৰা পৰিছে। অৱশ্যে আন দেশৰ তুলনাত ভাৰতত মৃত্যুৰ হাৰ অতি কিম।

স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, দেশত কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৬১১৪৯জন লোকে। এতিয়ালৈ ৩৩০৩জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৪২২৯৭জন লোক সুস্থ হৈ উঠিছে। এজন লোক উভতিছে বিদেশলৈ। ভাৰতত কোৰোণা ভাইৰাছত ২৫ হাজাৰ লোক আক্ৰান্ত হৈছিল ৮৬ দিনত। পৰৱৰ্তী ১১ দিনত ই বৃদ্ধি পাইছিল ৫০ হাজাৰলৈ। তাৰ পিছৰ সপ্তাহত এই সংখ্যা হৈছিলগৈ ৭৫ হাজাৰৰো অধিক।

৭৫ হাজাৰৰ পৰা ১ লাখলৈ বৃদ্ধি পাইছিল মাত্ৰ ৫ দিনত। উল্লেখনীয় কথাটো হ’ল ১ লাখ ৰোগীৰ ভিতৰত ১৫ হাজাৰ ৰোগী বিগত ৩ দিনত সংক্ৰমিত হৈছে।


লকডাউনৰ তৃতীয় পৰ্যায়ত প্ৰৱাসী শ্ৰমিকক নিজ গৃহলৈ যোৱাৰ বাবে শিথিলতা দিয়াৰ পিছতে দেশত কোৰোণাৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰণালয়ৰ মতে, ১৭ মে’ত দেশত ৪৯৮৭টা ঘটনা ধৰা পৰিছিল। ইয়াৰ পিছদিনা ভয়ংকৰভাৱে বৃদ্ধি পায় আক্ৰান্তৰ সংখ্যা। ১৮ মে’ত দেশত কোৰোণা সংক্ৰমিত নতুন ঘটনাৰ সংখ্যা ৫২৪২জন।

ভাৰতত কোৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ১০০ৰ পৰা ১ লাখলৈ বৃদ্ধি পোৱাৰ বাবে সময় লাগিল ৬২ দিন।


ভাৰতত আক্ৰান্ত লোকৰ তুলনাত সুস্থ হোৱা লোকৰ অনুপাত বৃদ্ধি পাইছে। মে’ মাহৰ আৰম্ভণিতে যেতিয়া ভাৰতত কোৰোণাত আক্ৰান্তৰ সংখ্যা বাঢ়িবলৈ আৰম্ভ কৰিছিল, তেতিয়া ৰিক’ভাৰী ৰেট ২৫ শতাংশৰ আশে–পাশে আছিল। বৰ্তমান এয়া ৩৮.৭ শতাংশ হৈছে। উত্তৰ প্ৰদেশ, অন্ধ্ৰ প্ৰদেশ, ৰাজস্থান আৰু তেলেংগানাত কোভিড–১৯ৰ ৰিক’ভাৰী ৰেট ৫৮ শতাংশৰ পৰা ৬৩ শতাংশৰ মাজত আছে। পঞ্জাব আৰু হাৰিয়ানাত ৰিক’ভাৰী ৰেট ৭০ শতাংশতকৈ অধিক।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading