• Home
  • »
  • News
  • »
  • nation
  • »
  • ভাৰতত প্ৰস্তুত হ’ল কোৰোণাৰ ভেকচিন! মানৱ দেহৰ ওপৰত প্ৰয়োগৰ অনুমতি পালে COVAXIN–এ

ভাৰতত প্ৰস্তুত হ’ল কোৰোণাৰ ভেকচিন! মানৱ দেহৰ ওপৰত প্ৰয়োগৰ অনুমতি পালে COVAXIN–এ

জুলাই মাহৰ পৰা ক্লিনিকেল ট্ৰায়েল আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে। 

জুলাই মাহৰ পৰা ক্লিনিকেল ট্ৰায়েল আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে। 

জুলাই মাহৰ পৰা ক্লিনিকেল ট্ৰায়েল আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে। 

  • Share this:
হায়দৰাবাদঃ সফলভাৱে কোৰোণা ভেকচিন প্ৰস্তুত কৰিছে ভাৰতৰ কোম্পানী ভাৰত বায়’টেকে। ভাৰতৰ প্ৰথম COVID-19 ভেকচিন COVAXIN–এ এই‍বাৰ পালে ফেজ ১ আৰু ২ লেভেলৰ হিউমেন ট্ৰায়েলৰ অনুমতি পত্ৰ। এই অনুমতি পত্ৰ দিছে The Drug Controller General of India - CDSCO আৰু কেন্দ্ৰীয় স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্ৰালয়ে।  প্ৰি ক্লিনিকেল ষ্টাডিত আশাপ্ৰদ ফলাফল লাভ কৰাৰ কাৰণেই এইবাৰ হিউমেন ট্ৰায়েলৰ অনুমতি দিয়া হৈছে। ভাৰতৰ এই প্ৰথম কোৰোণা ভেকচিন তৈয়াৰ কৰা হৈছে Indian Council of Medical Research (ICMR) তথা National Institute of Virology (NIV)–ৰ যৌথ উদ্যোগত। SARS-CoV-2–ৰ যি ষ্ট্ৰেইন থাকে সেয়া NIV–ত বেলেগ কৰি পঠিওৱা হৈছে ভাৰত বায়টেকলৈ। হায়দৰাবাদৰ এই ভাৰত বায়’টেকে তাৰ পিছতে তৈয়াৰ কৰিছে এই ভেকচিন।

জুলাই মাহৰ পৰা এই ভেকচিনৰ ক্লিনিকেল ট্ৰায়েল আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে। এইটো তৈয়াৰ কৰা হৈছে, ICMR আৰু National Institute of Virology ৰ যৌখ উদ্যোগত। এই ভেকচিন প্ৰস্তুত কৰা ভাৰত বায়’টেকৰ চেয়াৰমেন তথা মেনেজিং ডিৰেক্টৰ কৃষ্ণা এলাই জনায়, ‘‌আমি গর্বিত COVAXIN™–ৰ কথা ঘোষণা কৰি। এইটো প্ৰথম ভাৰতত প্ৰস্তুত কৰা ভেকচিন। ICMR তথা NIV–ৰ সৈতে যৌথভাৱে এই ভেকচিন প্ৰস্তুত কৰা হৈছে। গৱেষকসকলে দিনে–ৰাতিয়ে কষ্ট কৰি এইটো প্ৰস্তুত কৰিছে।’‌
Published by:Tulika Devi
First published:

শেহতীয়া বাতৰি