• Home
  • »
  • News
  • »
  • nation
  • »
  • অৰ্থনৈতিক চাৰ্ভে- ভাৰতীয় ক্ৰিকেট দলৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ সৈতে তুলনা কৰা হ'ল দেশৰ অৰ্থনীতিক

অৰ্থনৈতিক চাৰ্ভে- ভাৰতীয় ক্ৰিকেট দলৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ সৈতে তুলনা কৰা হ'ল দেশৰ অৰ্থনীতিক

এই দশকত প্ৰথমবাৰলৈ সংসদৰ অধিবেশনত দাখিল কৰা অৰ্থনৈতিক সমীক্ষাৰ পিছত দেশৰ অৰ্থনীতিক ক্ৰিকেটৰ সৈতে তুলনা কৰিলে মুখ্য অৰ্থনৈতিক উপদেষ্টা কৃষ্ণমূৰ্তি সুব্ৰমণিয়ামে

  • Share this:
এই দশকত প্ৰথমবাৰলৈ সংসদৰ অধিবেশনত দাখিল কৰা অৰ্থনৈতিক সমীক্ষাৰ পিছত দেশৰ অৰ্থনীতিক ক্ৰিকেটৰ সৈতে তুলনা কৰিলে মুখ্য অৰ্থনৈতিক উপদেষ্টা কৃষ্ণমূৰ্তি সুব্ৰমণিয়ামে। যিদৰে ভাৰতীয় ক্ৰিকেট দলে এডেলএইডত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৩৬ ৰানত অল-আউত হোৱাৰ পাছতো পিছৰ কেইখন টেষ্ট জিকি শৃংখলা জিকিবলৈ সক্ষম হৈছিল। অনুৰূপ ধৰণে বিধ্বস্ত ভাৰতীয়  অৰ্থনীতি এতিয়া উৰ্ধ্বগামী আৰু গতিশীল হ’বলৈ আৰম্ভ কৰিছে। এই মন্তব্য় কৰিছে দেশৰ অৰ্থনৈতিক উপদেষ্টাগৰাকীয়ে।

তেওঁ লগতে উল্লেখ কৰিছে, ক্ৰিকেটৰ দৰে অৰ্থনীতিটো ‘timing’-এ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যেতিয়া বল ‘swing’ হৈ আছে আৰু একো ধৰিব পৰা নাযায় তেতিয়া উইকেট বচাই লাহে-লাহে খেলি থকাটোৱেই সমীচীন; ঠিক পূজাৰাৰ দৰে। কিন্তু এবাৰ ‘swing’  শেষ হোৱাৰ পাছত পণ্টৰ দৰে খেলাটো প্রয়োজন। ভাৰতীয় অৰ্থনীতিক গতিশীল মাত্ৰা প্ৰদান কৰিবলৈ একে ফৰ্মূলা ব্যৱহাৰ কৰা হৈছে বুলি মন্তব্য কৰে সুব্ৰমণিয়ামে ।

উল্লেখযোগ্য যে, অৰ্থনৈতিক সমীক্ষাত অনাগত বিত্তীয় বৰ্ষত অৰ্থনীতিৰ ১১শতাংশ বৃদ্ধিৰ পূর্বানুমান কৰা হৈছে। সমীক্ষাত চৰকাৰে Covid-19ৰ পূৰ্বৰ স্থিতি প্ৰাপ্তিৰ কাৰণে ‘Counter Cyclical Fiscal Push'ৰ পোষকতা কৰিছে। মহামাৰীৰ প্ৰথমাৰ্ধত চৰকাৰে লোৱা ৰক্ষণশীল মনোভাবৰো প্ৰশংসা কৰা হৈছে সমীক্ষাত।
Published by:Himangshu Bhuyan
First published: