বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / দেশ / Sanjeevani–এ সজাগতা বিয়পাই আছে আৰু দেশবাসীৰ টীকাকৰণ কৰাত সহায় কৰি আছে

Sanjeevani–এ সজাগতা বিয়পাই আছে আৰু দেশবাসীৰ টীকাকৰণ কৰাত সহায় কৰি আছে

Sanjeevani–এ সজাগতা বিয়পাই আছে আৰু দেশবাসীৰ টীকাকৰণ কৰাত সহায় কৰি আছে

এই অভিযানৰ প্ৰধান উদ্দেশ্যকেইটা হৈছে: মানুহৰ মনত ভেকছিনৰ প্ৰতি থকা দ্বিধা আঁতৰ কৰা, ভেকছিন কেন্দ্ৰসমূহৰ ক্ষমতা বৰ্ধন কৰা আৰু আটাইতকৈ দুৰ্গম অঞ্চলত বসবাস কৰি থকা লোকসকলৰ বাবে ক’ভিড ভেকছিন সহজলভ্য কৰি তোলা।

    News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

    ক’ভিড-১৯ সংক্ৰমণে ইতিমধ্যে সমগ্ৰ বিশ্বজুৰি ধ্বংসযজ্ঞ চলাইছে। এতিয়ালৈকে ১৮৭ নিযুতৰো অধিক লোক এই ৰোগত আক্ৰান্ত হৈছে আৰু ৪ মিলিয়নতকৈও অধিক লোক মৃত্যুমুখত পৰিছে। ৩০ নিযুতৰো অধিক লোক আক্ৰান্ত আৰু ৪.১ নিযুত লোকৰ এই ভাইৰাছৰ দ্বাৰা মৃত্যুৰ পৰিসংখ্যাৰে ভাৰতবৰ্ষ দ্বিতীয় স্থানত আছে। যদিও এতিয়াও বিশ্বই ক’ভিড-১৯-ৰ নিৰাময়ৰ সন্ধানত নানা সংগ্ৰাম কৰি আছে তথাপি ভেকছিনে বহুতৰ বাবে নিজকে আৰু তেওঁলোকৰ পৰিয়ালক মাৰাত্মক সংক্ৰমণৰ পৰা সুৰক্ষিত কৰাৰ আশা কঢ়িয়াই আনিছে।

    বিজ্ঞাপন

    ভাৰতে ২০২১ চনৰ ১৬ জানুৱাৰীত টীকাকৰণ কাৰ্যসূচী আৰম্ভ কৰিছিল। বৰ্তমান প্ৰদান কৰা ভেকছিনৰ পালিৰ হিচাপত ভাৰত বিশ্বৰ ভিতৰত দ্বিতীয় সৰ্বাধিক স্থানত আছে। সংখ্যাৰ হিচাপত ভেকছিনৰ পালিৰ সংখ্যা অতি বেছি। কিন্তু যদিহে ভাৰতৰ জনসংখ্যাৰ কথা বিবেচনা কৰি চোৱা হয় যিটো হৈছে ১.৩৮ বিলিয়ন তেনেহলে মাত্ৰ ২২.৩% লোকেহে ভেকছিনৰ প্ৰথম পালি প্ৰাপ্ত কৰিছে আৰু ৫.৫২% লোকে ভেকছিনৰ দুয়োটা পালি প্ৰাপ্ত কৰিছে। ভেকছিন প্ৰাপ্ত কৰা লোকৰ এই সংখ্যাবোৰ মুম্বাই আৰু দিল্লীৰ দৰে মেট্ৰ’ চহৰসমূহত অধিক। কিন্তু দেশৰ গ্ৰাম্য আৰু জনজাতীয় জনসংখ্যাত, যি দেশৰ মুঠ জনসংখ্যাৰ ৬৫% তকৈ অধিক, তেনেবোৰ ঠাইত টীকাকৰণ এতিয়াও কম হোৱা পৰিলক্ষিত হৈছে। টীকাকৰণৰ লেহেম প্ৰগতিৰ বাবে একাধিক কাৰক দায়ী। ইয়াৰ ভিতৰত আটাইতকৈ প্ৰধান কাৰকটো হৈছে মানুহৰ মনত ভেকছিন গ্ৰহণৰ প্ৰতি থকা সংকোচ।

    ক’ভিড-১৯ টীকাকৰণ কাৰ্যসূচীত ভাৰতৰ বৃহৎ পৰিমাণৰ সমল আছে। কিন্তু বৰ্তমানেও ভেকছিনটোৰ বিষয়ে অপ্ৰমাণিত তথ্য আৰু কাল্পনিক কাহিনী সম্প্ৰদায়বোৰত বিৰাজ  কৰা দেখিবলৈ পোৱা যায়। প্ৰযুক্তিগত সম্পদ আৰু শিক্ষাৰ অভাৱ থকা লোকসকলক বিশ্বাসযোগ্য তথ্য প্ৰদান কৰাটো নিশ্চিত কৰিবলৈ Federal Bank য়ে Network 18, United Way Mumbai আৰু Apollo Hospitals ৰ সহযোগত Sanjeevani- A shot of life নামৰ প্ৰকল্পটো মুকলি কৰে। এই প্ৰকল্পটোৰ প্ৰধান উদ্দেশ্যসমূহ হৈছে: মানুহৰ মনত ভেকছিনৰ প্ৰতি থকা সংকোচ হ্ৰাস কৰা, ভেকছিন কেন্দ্ৰবোৰৰ ক্ষমতা বৰ্ধন কৰা আৰু আটাইতকৈ দুৰ্গম অঞ্চলত বসবাস কৰি থকা লোকসকলৰ বাবে ক’ভিড ভেকছিন সহজলভ্য কৰি তোলা। এই প্ৰকল্পটো বৰ্তমান দেশৰ ৫ খন জিলা যেনে অমৃতসৰ, দক্ষিণ কানাড়া, গুন্টুৰ, ইন্দোৰ আৰু নাছিকত কাৰ্যকৰী হৈ আছে আৰু ১০০০ খন গাঁৱত ৫ লাখতকৈ অধিক ব্যক্তিক লক্ষ্য কৰি লোৱা হৈছে। বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে ২০২১ চনৰ ৭ এপ্ৰিল তাৰিখে এই অভিযানটো আৰম্ভ কৰা হৈছিল। আজিলৈকে জনসজাগতামূলক কাৰ্যকলাপ আৰু মুখামুখি স্বাস্থ্য অনুসন্ধানৰ জৰিয়তে প্ৰায় ২ লাখৰো অধিক লোকক এই অভিযানটোৱে সাঙুৰি লৈছে। Cowin পৰ্টেলত ভেকছিনৰ বাবে পঞ্জীয়নৰ কামত ১০৭৩৫ জন লোকক এতিয়ালৈকে সহায় কৰা হৈছে আৰু ৪৩০৪ জন লোকে ভেকছিন কেন্দ্ৰলৈ যোৱাৰ বাবে আয়োজিত পৰিবহন সুবিধা গ্ৰহণ কৰিছে। যদিও প্ৰচাৰ অভিযানটোৱে আৰু তৃণমূল পৰ্য্যায়ত কাম কৰি থকা দলটোৱে লোকসকলক টীকাকৰণ কৰাত সহায় কৰাৰ বাবে তেওঁলোকৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে তথাপিও প্ৰযুক্তিগত সংযোগৰ অভাৱ থকা ক্ষেত্ৰত বসবাস কৰি থকা লোকসকলৰ মাজত ভেকছিনৰ দ্বিধা এতিয়াও বিৰাজ কৰে। ভুল তথ্য বিয়পি পৰাৰ ফলত বহুতো লোকে দলৰ সদস্যসকলৰ সৈতে যোগাযোগ কৰিবলৈ সাজু নহয় আৰু ভেকছিন গ্ৰহণ কৰিবৰ বাবে যাবলৈ অনিচ্ছুক হয়।

    বিজ্ঞাপন

    সময়ৰ লগে লগে প্ৰচাৰ অভিযানটো আগবাঢ়ি যোৱাৰ সময়তে বহুতো সফলতাৰ কাহিনীও সন্মুখলৈ আহিছে। প্ৰচাৰ অভিযানটোৱে দিয়া এটা মুখ্য শিক্ষণ হৈছে যে মানুহৰ মনত থকা ভেকছিনৰ দ্বিধা আঁতৰ কৰাৰ মূল চাবিকাঠি হৈছে সঠিক যোগাযোগ ব্যৱস্থা। বেছিভাগ স্থানৰ মানুহে যিসকলে তথ্যবোৰ বুজাৰ আৰু জনাৰ মনোভাৱ লৈ দলটোৰ সৈতে আলোচনা কৰিছে তেওঁলোকে তথ্যসমূহ জানি বুজি লৈ ভেকছিন গ্ৰহণ কৰিছে। অভিযানটোৰ দলটোৱে অংগনবাদী সেৱক, আশা কৰ্মীৰ দৰে চৰকাৰী কৰ্মকৰ্তাসকলৰ পৰাও যথেষ্ট সহায় আৰু সমৰ্থন লাভ কৰিছে। এই আটাইবোৰে মিলি মানুহক প্ৰচাৰ অভিযানটোৰ গুৰুত্ব বুজাত সহায় কৰিছে।

    বিজ্ঞাপন

    Sanjeevani- A shot of life অভিযানে এনে দেশব্যাপী চলা কাৰ্যসূচীৰ সময়ত যোগাযোগৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰিছে। অভিযানটোৱে লগতে তৃণমূল পৰ্য্যায়ত কাম কৰা মানুহৰ প্ৰয়োজনীয়তাৰ ওপৰতো আলোকপাত কৰিছে যি মানুহৰ প্ৰশ্নবোৰৰ সঠিক সমাধান দিব পাৰে আৰু নিশ্চিত কৰিব পাৰে যে তেওঁলোক মিছা আৰু ভুল তথ্যৰ চিকাৰ নহয়।

    মানুহৰ মনত থকা ভেকছিনৰ সংকোচ আঁতৰ কৰা আৰু ভেকছিনৰ টীকাৰ সুবিধা প্ৰদান কৰাটো যেনেদৰে অত্যাৱশ্যকীয় ঠিক তেনেদৰেই ভেকছিন কেন্দ্ৰবোৰে কেন্দ্ৰলৈ আহি থকা মানুহৰ ভিৰ নিয়ন্ত্ৰণ কৰা আৰু সংক্ৰমণৰ উৎস নহবলৈ সক্ষম হোৱাটোও সমানেই গুৰুত্বপূৰ্ণ। এনে কৰিবলৈ এই ভেকছিন কেন্দ্ৰবোৰৰ পৰিচ্ছন্নতা, অনাময় ব্যৱস্থা আৰু আৱৰ্জনা নিষ্কাশন অতি উন্নতমানৰ হোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ। Sanjeevani অভিযানে এই দিশটোৰ ওপৰতো কাম কৰি আছে। এই অভিযানে ইতিমধ্যে ৫ খন জিলাৰ ১০০ টা কেন্দ্ৰত কৰ্মচাৰী আৰু হিতাধিকাৰী দুয়োকে সুৰক্ষিত কৰাৰ বাবে প্ৰয়োজনীয় চিকিৎসা সামগ্ৰী প্ৰদান কৰিছে। আজিৰ তাৰিখলৈকে দক্ষিণ কানাড়া জিলাৰ ১৮ টা কেন্দ্ৰত মাস্ক, চেনিটাইজাৰ, পৰিষ্কাৰ কৰা সামগ্ৰী আৰু আন বহুতো প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰা হৈছে।

    বিজ্ঞাপন

    প্ৰচাৰ অভিযানটোৰ কাৰ্যকলাপৰ সময়ত বহুতো ইতিবাচক কাহিনী সন্মুখলৈ আহিছে যি ক’ভিড ভেকছিনৰ বিৰুদ্ধে গঢ়ি উঠা ধাৰণাবোৰ আঁতৰ কৰাত সহায় কৰে। তেনে এটা ইতিবাচক কাহিনী হৈছে অমৃতসৰৰ বাল্লাৰহৱাল গাঁৱৰ জস্কৰণৰ কাহিনী। জস্কৰণ আৰু তেওঁৰ পৰিয়ালক সমাজে ভেকছিন গ্ৰহণ নকৰিবলৈ আৰু তৃণমূল পৰ্য্যায়ত কাম কৰি থকা দলটোৰ সৈতে সম্পৰ্ক এৰাই চলিবলৈ বাধ্য কৰিছিল। কিন্তু জস্কৰণ আৰু তেওঁৰ পৰিয়ালে তেওঁলোকৰ চুবুৰীয়াসকলৰ বিৰুদ্ধে এক স্থিতি গ্ৰহণ কৰিছিল আৰু টীকা গ্ৰহণ কৰিছিল। জস্কৰণ এটা উদাহৰণ হিচাপে থিয় দিছিল আৰু যাৰ বাবে শেষত সম্প্ৰদায়টোৰ বাকী লোকেও টীকাকৰণ কৰোৱাইছিল। Sanjeevani ৰ গোটেই দলটো জস্কৰণক লৈ বহুতেই গৌৰৱান্বিত।

    বিজ্ঞাপন

    আনটো উদাহৰণে দেখুৱায় কেনেদৰে স্থানীয় অংশীদাৰসকলে সম্প্ৰদায়ৰ মনোভাৱক প্ৰভাৱিত কৰিব পাৰে। ৮ বছৰৰো অধিক অভিজ্ঞতা থকা গুন্টুৰ-অন্ধ্ৰ প্ৰদেশৰ বিজয়া ৰাণী এগৰাকী আশা কৰ্মী। বিজয়া ৰাণীয়ে সঞ্জীৱনী দলক বহুধৰণে সহায় সহযোগ কৰিছিল আৰু তেওঁ দলৰ এগৰাকী মূল চালিকা শক্তি আছিল। সঞ্জীৱনী গাড়ীৰ সহায়ত তেওঁ ভেকছিন গ্ৰহণ কৰিবলৈ অমান্তি হোৱা সমাজৰ সদস্যসকলৰ মানসিকতা সলনি কৰিব পাৰিছিল। দলটোৱে সজাগতা অভিযান চলাই থকা ঠাইৰ ওচৰ চুবুৰীয়া গাওঁবোৰৰ আশা কৰ্মীসকলৰ সৈতে দলটোক সংযোগ কৰিবলৈ তেখেত সক্ষম হৈছিল।

    পৰৱৰ্তী পদক্ষেপ হিচাপে প্ৰচাৰ অভিযানটো আগতকৈ তীব্ৰতৰ কৰা হৈছে। অধিকসংখ্যক স্থানীয় অংশীদাৰসকলে আন্দোলনত যোগদান কৰাৰ ফলত অভিযানটোৰ প্ৰসাৰ দ্ৰুতগতিত সম্প্ৰসাৰিত হৈছে। দলটোৱে অধিক লোকক ক’ভিড ভেকছিন গ্ৰহণ কৰাত গুৰুত্ব প্ৰদান কৰিব আৰু সংক্ৰমণৰ আগন্তুক তৃতীয় ঢৌৰ সময়ত হব পৰা যিকোনো ক্ষতি পৰিহাৰ কৰিব। জনসংখ্যাৰ হিচাপ অনুসৰি সেৱা আগবঢ়াবলৈ সক্ষম হ’বলৈ আৰু আৰু জিলাসমূহত সম্পূৰ্ণ টীকাকৰণৰ যি অন্তিম লক্ষ্য স্থিৰ কৰা হৈছিল সেয়া প্ৰাপ্ত কৰিবলৈ অধিক টীকাকৰণ কেন্দ্ৰক শক্তিশালী কৰা হ’ব।

    ড. শৈলেশ ৱাগলে, মেনেজাৰ,

    সামূহিক বিনিয়োগ, ইউনাইটেড ৱে’ মুম্বাই

    United Way Mumbai

    অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
    • First Published :
    বিজ্ঞাপন
    বিজ্ঞাপন